নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম ৰাজ্যিক চিৰিয়াখানালৈ তিনি নতুন আলহী

🔷 ৩০ বছৰৰ পিছত চিৰিয়াখানালৈ জেব্ৰা

🔷 আগমন জিৰাফৰো

বিশেষ বাৰ্তা, ৩০ মেঃ গুৱাহাটীৰ অসম ৰাজ্যিক চিৰিয়াখানালৈ আহিল নতুন অতিথি ৷ পাটনাৰ পৰা এটা জিৰাফ আৰু মহীশূৰৰ পৰা দুটা জেব্রা অনা হ’ল ৰাজ্যিক চিৰিয়াখানালৈ ৷ ৰাজ্যৰ পৰিৱেশ আৰু বন বিভাগৰ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে আনুষ্ঠানিকভাৱে ৰাজ্যিক চিৰিয়াখানাত জন্তু ৩টা দর্শনার্থীৰ বাবে মুকলি কৰি দিয়ে ৷ উল্লেখ্য যে ৫ বছৰীয়া মাইকী জিৰাফটো বিহাৰৰ পাটনা চিৰিয়াখানাৰ পৰা অনা হৈছে ৷ ইয়াৰ লগে লগে অসম ৰাজ্যিক চিৰিয়াখানাত জিৰাফৰ সংখ্যা ২টালৈ বৃদ্ধি হ’ল ৷ সেইদৰে কর্ণাটকৰ মহীশূৰৰ পৰা এটা এবছৰীয়া মতা আৰু এটা ৩ বছৰীয়া মাইকী জেব্রা অনা হৈছে ৷ অনুষ্ঠানত বনমন্ত্রী পাটোৱাৰীয়ে কয় যে প্রায় ৩০ বছৰৰ মূৰত অসম ৰাজ্যিক চিৰিয়াখানালৈ নতুনকৈ জেব্রা অনা হৈছে ৷ এয়া চিৰিয়াখানাখনৰ বাবে এক বিশেষ মুহূর্ত ৷ অসম ৰাজ্যিক চিৰিয়াখানা কর্তৃপক্ষই এই জন্তুবোৰৰ ভালদৰে যত্ন ল’ব আৰু আগন্তুক দিনত জেব্রাৰ সংখ্যা বৃদ্ধি পাব বুলি তেওঁ আশা প্রকাশ কৰে ৷ এই অনুষ্ঠানতে বনমন্ত্রী পাটোৱাৰীয়ে মতা জেব্রাটোক জয় আৰু মাইকী জেব্রাটোক জয়া নামেৰে নামকৰণ কৰে ৷ একেদৰে চিৰিয়াখানাখনত থকা একমাত্র মতা জিৰাফটোৰ লগতে নতুনকৈ অনা মাইকী জিৰাফটোৱে দর্শনার্থী তথা পর্যটকৰ দৃষ্টি আকর্ষণ কৰিব আৰু জিৰাফৰ সংখ্যাও বৃদ্ধি পাব বুলি আশা প্রকাশ কৰে ৷ তেওঁ মতা জিৰাফটোৰ নাম বিজয় আৰু মাইকী জিৰাফটোৰ নাম বিজয়া বুলি নামকৰণ কৰে ৷ মন্ত্রী পাটোৱাৰীয়ে আৰু কয় যে বর্তমানৰ চৰকাৰে চিৰিয়াখানাখনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে বহু পদক্ষেপ গ্রহণ কৰিছে ৷ ইয়াৰ পুনৰ নির্মাণৰ বাবে প্রাক্কলনো প্রস্তুত কৰি থকা হৈছে ৷ চিৰিয়াখানাখনলৈ পর্যটকৰ আগমন যথেষ্ট বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰি মন্ত্রী পাটোৱাৰীয়ে কয় যে দর্শনার্থীসকলৰ সুবিধাৰ উন্নয়নৰ লগতে জীৱ–জন্তু ৰখাৰ ব্যৱস্থাও উন্নত কৰাৰ বাবে পৰিকল্পনা কৰা হৈছে ৷ এই অনুষ্ঠানত মন্ত্রী পাটোৱাৰীৰ সৈতে প্রধান বন সংৰক্ষক এন কে যাদৱ, ৰাজ্যিক চিৰিয়াখানাৰ বিভাগীয় বন বিষয়া অশ্বিনী কুমাৰো উপস্থিত থাকে ৷

You might also like