নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধোনীৰ চেন্নাইৰ পঞ্চমবাৰ আইপিএলৰ খিতাপ দখলঃ পৰ্যুদস্ত হাৰ্দিক বাহিনী

🏏 আইপিএলত ২৫০ মেচ খেলি অভিলেখ ৰচিলে ধোনীয়ে
বিশেষ বাৰ্তা, ৩০ মেঃ ধোনীৰ জ্যামিতিক সমীকৰণৰ অধিনায়কত্ব পুনৰবাৰ ক্ৰিকেটপ্ৰেমীৰ সন্মুখত উদ্ভাসিত হ’ল। পঞ্চমবাৰৰ বাবে আই পি এলৰ চেম্পিয়ন হ’ল চেন্নাই ছুপাৰ কিংছ ৷ কেপ্টেইন কুল ধোনীৰ দলটোৱে বর্ষাবিঘ্নিত ফাইনেলত গুজৰাট টাইটানছক ৫ উইকেটত পৰাস্ত কৰে ৷ গুজৰাট টাইটানছে জয়ৰ বাবে বান্ধি দিয়া ২১৫ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি চেন্নাই ছুপাৰ কিংছে প্রথম অ’ভাৰৰ তিনিটা বলত কোনো উইকেট নেহেৰুওৱাকৈ ৪ ৰান সংগ্রহ কৰাৰ সময়তে মেচখনত বৰষুণে বিধি–পথালি দিয়ে ৷ সেই সময়ত ৰুতুৰাজ গাইকোৱাডে ৪ আৰু ডেভন কনৱেই কোনো ৰান নকৰাকৈ ক্রিজত আছিল ৷ ইয়াৰ পূর্বে প্রথমে বেটিং কৰিবলৈ আহি বি ছাই সুদর্শনৰ ৪৭ বলত বিস্ফোৰক ৯৬, অ’পেনাৰ ঋদ্ধিমান সাহাৰ ৩৯ বলত ৫৪ আৰু শুভমন গিলৰ ২০ বলত ৩৯ ৰানৰ সহায়ত গুজৰাট টাইটানছে নির্ধাৰিত ২০ অ’ভাৰত ৪টা উইকেট হেৰুৱাই ২১৪ ৰান সংগ্রহ কৰে ৷ অধিনায়ক হার্ডিক পাণ্ডিয়াই ১২ বলত ২১ ৰান কৰি অপৰাজিত হৈ থাকে ৷ প্রায় দুঘণ্টা খেল বন্ধ থাকিলেও ছন্দ অব্যাহত আছিল চেন্নাইৰ বেটাৰসকলৰ ৷ ১৫ অ’ভাৰলৈ হ্রাস কৰা মেচখনত চেন্নাইক ১৭১ ৰানৰ লক্ষ্য বান্ধি দিয়া হয় ৷ অ’পেনাৰ ৰুতুৰাজ গাইকোৱাড (২৬) আৰু ডেভন কন’ৱেই (৪৭) দলক সুন্দৰ আৰম্ভণি দিয়াৰ পিছত আজিংক্য ৰাহানে (২৭) আৰু শিৱম ডুবেই (৩২) এটি অপৰাজিত সুন্দৰ ইনিংছেৰে দলৰ বিজয় নিশ্চিত কৰে ৷ আম্বাতি ৰাইডুৱে ১৯ ৰান কৰাৰ পিছত ৰবীন্দ্র জাডেজাই (১৫) অন্তিম দুটা বলত ক্রমে ৬ আৰু ৪ কোবাই দলক ট্রফী উপহাৰ দিয়ে ৷ মেচখনত সকলোৰে দৃষ্টি ধোনীৰ ওপৰত আছিল যদিও তেওঁ শূন্য ৰানতে বিদায় লয় ৷ ইপিনে, মেচখনত টচ কৰিবলৈ ক্রিজত প্রৱেশ কৰাৰ লগে লগে আই পি এলৰ ইতিহাসত ২৫০খন মেচ খেলা প্রথমগৰাকী খেলুৱৈৰূপে অভিলেখ ৰচে চি এছ কেৰ অধিনায়কগৰাকীয়ে ৷ আই পি এলৰ বর্ণিল কেৰিয়াৰত ফাইনেল মেচখনত ভাগ লোৱাৰ পূর্বে মুঠ ৫,০৮২ ৰান কৰা ধোনীয়ে ১৭৮জন বেটাৰক পেভিলিয়নৰ পথ দেখুৱায় ৷

You might also like