শ্ৰীশ্ৰী ভৃগুগিৰি মহাৰাজে অসমীয়ালৈ অনুবাদ কৰা ‘অথৰ্ব বেদ’ উন্মোচন ড০ হিমন্ত বিশ্ব শৰ্মাৰ
নিয়মীয়া বাৰ্তা ১১ ফেব্ৰুৱাৰীঃ নগাঁও জিলাৰ বঢ়মপুৰস্থিত নৰসিংহ ক্ষেত্ৰত বিশ্বৰ সৰ্ববৃহৎ লিংগাকাৰ শ্ৰী শ্ৰী মৃত্যুঞ্জয় মন্দিৰ প্ৰাঙ্গণ ত বৈদিক ৰিচাৰ্ছ এণ্ড গ্লৱেল ষ্টাডি চেন্টাৰৰ উদ্যোগত ভৃগুগিৰী ভাষা ভাষ্য সহিত অৰ্থব ৱেদৰ অসমীয়াৰ অনুবাদ উন্মোচন সভাত উপস্থিত থাকে বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। বিভিন্ন মাঙ্গলিক নিয়ম নীতিৰ মাজেৰে সন্মানীয় মন্ত্ৰী গৰাকীক আদৰি লয় যায় উদোক্তা সকলে। মন্ত্ৰী গৰাকীক সংগ দিয়ে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ লগতে জিতু গোস্বামী আৰু বিভূতি ভূষন বৰঠাকুৰে। ৯ ফেব্ৰুৱাৰীৰ পৰা ১৩ ফেব্ৰুৱাৰী লৈকে পাঁচ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে শ্ৰী শ্ৰী মহামৃত্যুঞ্জয় মহোৎসব। মহান গ্ৰন্থ খনৰ অসমীয়া অনুবাদৰ নব সংকলন ভাগ উন্মোচন কৰে অসম চৰকাৰৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ পিছতেই পূজা আগবঢ়াই মন্ত্ৰী গৰাকীয়ে।
আনহাতে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত দিল্লীৰ নিৰ্বাচনে অসমৰ নিৰ্বাচনত কোনো ধৰনৰ প্ৰভাব নেপেলাই বুলি মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে। কাৰণ অসমত দিল্লীৰ মানুহে ভোট নিদিয়ে অসমৰ মানুহে ভোট দান কৰিব। ২১ ৰ নিৰ্বাচনত বিজেপি ৰ পক্ষত ৰাইজ থাকিব। বিজেপি য়ে জয় লাভ কৰিব। কোনো ধৰণৰ প্ৰভাৱ অসমত নপৰে।