নিয়মীয়া বাৰ্তা, ৩১ মে’ : ‘এজাৰ ফুলা দেখি বেজাৰ কিয় কৰ/কিয় মনে মাৰি আছ মোৰ দেহী ঐ/আছেনে মোলৈ, তোলৈ যিটো মোৰ চিত।’ বিশিষ্ট গীতিকাৰ কেশৱ মহন্তৰ গীতৰ কলিয়ে চহা জীৱনৰ বহু কথাই সোঁৱৰাই যায়। বিশিষ্ট শিল্পী খগেন মহন্তৰ কণ্ঠত প্ৰাণ পাই উঠা সেই চিৰ সেউজ গীতৰ কলি আজিও সকলোৰে মুখে মুখে। জেঠৰ প্ৰখৰ ৰ’দত চকুৰ আগত ভাহি উঠা এজাৰ ফুলৰ সেই পাতল বেঙুনীয়া বৰণে এখন কল্পনাৰ জগতলৈ লৈ যায় বহুতকে। এজাৰ বুলীয়া ৰঙৰ সমাহাৰেৰে এতিয়া চৌপাশ জাতিষ্কাৰ। এতিয়া অসমৰ প্ৰাকৃতিক পৰিৱেশ বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰে। এফালে আকাশস্পৰ্শী এজাৰ ফুলৰ ৰমণীয় উল্লাস অন্যফালে কৃষ্ণচূড়া-ৰাধাচূড়া ফুলৰ তেজাল বৰণ আৰু সিফালে বাৰী ঢাপৰ সেই সোণাৰু ফুলৰ বৰণীয় বিলাসে কাৰ মন ৰাইজাই কৰা নাই। কবিৰ কলমত কতযে আলাপ, কতযে বিলাপ! সামাজিক মাধ্যমটো এতিয়া এজাৰ, কৃষ্ণচূড়া, ৰাধাচূড়া, সোণাৰু ফুলৰ সমাহাৰ। কবিৰ কলমত কতযে কবিতা, অনুভৱী লেখকৰ কতযে মনৰ বতৰাই চৰ্চা লাভ কৰিছে সামাজিক মাধ্যমত। এজন কবিয়ে কৈ গৈছে ‘দুখৰ সীমনাত/এজাৰবুলীয়া উশাহ/এই খহি পৰে/এই খহি পৰে/আকাশৰ এচমকা বেঙুনীয়া/ডালে-পাতে ওলমি ৰয়/উমলি উমলি গো-বাটৰ গধূলি।/ককাই কয়, পানী বাঢ়িব/এজাৰ তলত জলকেলি।/নাওখন বাই বাই আগুৱাই/ কতযে সাধুকথা ক’ব/এজাৰে বুলিব বাট…’ অন্য এগৰাকী কবিয়ে আকৌ কৈছে, ‘তেওঁ মোলৈ ঘূৰি চালে/ফুলি উঠিল দুপাহ কৃষ্ণচূড়া।/তেওঁ মিচিকিয়ালে/সেউজ বননিত ওলমি ফুলিল সোণাৰু এথোপা।/আগবঢ়াই দিয়া দুহাত এৰি তেওঁ বাট ল’লে/বুকুৰ বাটচ’ৰাত সৰি পৰিল বেঙুনীয়া এজাৰ।’ সঁচাকৈয়ে প্ৰকৃতিৰ ৰম্যভূমি অসমত এতিয়া ফুলিছে বাৰিষাৰ ফুল। স্বকীয় বৈশিষ্ট্যৰে বিনন্দীয়া প্ৰকৃতিৰ অন্যতম আৰ্শ্বয হৈ জিলিকি থকা গহপুৰৰ গ্ৰামাঞ্চলৰ আকাশ এতিয়া এজাৰৰ বেঙুনীয়া শোভাই কৰি তুলিছে তলমল। কবিয়ে কোৱাৰ দৰে যেন আকাশৰ এচমকা বেঙুনীয়াই সেউজৰ ডালে-পাতে ওলমি উমলি আছে। সোণাৰু-কৃষ্ণচূড়া-ৰাধাচূড়া আদি প্ৰকৃতিৰ বিনন্দীয়া গছ-লতিকাৰ কথা নক’লোৱেইবা। এতিয়া এজাৰ ফুলেৰে জাতিষ্কাৰ ছয়দুৱাৰ মহাবিদ্যালয়ৰ চৌহদ, পুৰুপবাৰী চাহ-বাগিচা আৰু গহপুুুৰৰ বিভিন্ন গ্ৰামাঞ্চল, নদী উপকণ্ঠ অঞ্চল। এতিয়া গ্ৰামাঞ্চলত বু বু বা বা চলিছে এজাৰ বেছি ফুলিলে হেনো বানপানী হয়। সঁচাকৈয়ে এইবাৰ বানপানী বেছি হ’ব নেকি? যোৱাবাৰ হোৱাতকৈয়ো সঁচাকৈয়ে বানপানী বাঢ়িব নেকি? এই লৈ গহপুৰ নগৰবাসীৰ লগতে দাঁতি-কাষৰীয়া অঞ্চলসমূহৰ জনসাধাৰণ, লুইতৰ পাৰৰ মিচিং অধ্যুষিত এলেকা শংকিত হৈ পৰিছে। এই এজাৰ ফুলৰ বতৰতেই নৈবোৰ গাভৰু হয়, গৰ্ভৱতী হয়। নৈৰ সুঁতি-উপসুঁতি, খাল-বিল-জলাশয় সমূহ ন-ৰূপত উজ্বলি উঠে। উজানৰ মাছে পথাৰবোৰ খলখলাই তোলে। আহাৰ আহি বোকাময় পথাৰ ঋতুমতি কৰি তোলে। আচলতে প্ৰকৃতিৰ এই অনাবিল সৌন্দৰ্যক অধিক মোহনীয়া কৰি তোলে বাৰিষা বতৰৰ সুশোভিত নানা ৰঙী ফুলে। প্ৰকৃতিৰ এই নৱৰূপৰ মাজতেই যেন এজাৰ ফুলে বেজাৰৰ বতৰা আনে। পুনৰ বান অহাৰ বাতৰি দি শংকিত কৰি তোলে। এই লৈ গহপুৰবাসীও শংকিত। কবিৰ কলমত প্ৰাণ পোৱা সেই ককাই কোৱাৰ দৰেই ‘পানী বাঢ়িব’ নেকি? এজাৰ তলত খেলিব নেকি জলকেলি? এয়া লোককথাৰ পৰিভাষা। লোককথাৰ মালিতা। আৰু যে কত কবিৰ কলমত প্ৰাণ পাই উঠিছে এজাৰৰ বেঙুনীয়া শোভাৰ বতৰা। কবিয়ে কৈছে, ‘তোমাৰ বেজাৰ নিচুকাবলৈ/এয়া মোৰ একোছা এজাৰ।’ সঁচাকৈয়ে যেন ‘এজাৰ’ কবিৰ কাংক্ষিত মুক্তি !
প্ৰেৰক বিপুল কুমাৰ দিহিঙীয়া