নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশেষ লেখা : স্বাধীন ভাৰতৰ এক দীর্ঘদিনীয়া সপোন

শ্রীশ্রী ৰবি শংকৰ

পৃথিৱীৰ আটাইতকৈ প্রাচীন জীৱন্ত সভ্যতা আৰু আটাহতকৈ পুৰণি, বৃহত্তম আৰু আটাইতকৈ উজ্জীৱিত গণতন্ত্র ভাৰতৰ সপোন আছিল ‘সর্বভৱন্তু সুখীনঃ’– সকলোৱে সুখী আৰু সকলোৱে সমৃদ্ধ হোৱাৰ৷ বিগত ৯টা বছৰত ভাৰতে এহ দিশত গুৰুত্বপূর্ণ অগ্রগতি লাভ কৰিছে৷ শক্তিশালী প্রশাসনিক দক্ষতা, জনসাধাৰণৰ অদম্য সমর্থন আৰু আধুনিক প্রযুক্তিৰ সৈতে এগৰাকী দৃঢ়মনা প্রধানমন্ত্রীয়ে এয়া সম্ভৱ কৰি তুলিছে৷ এই কথাই যুৱ সমাজৰ লগতে সমাজৰ আটাহতকৈ দৰিদ্র লোকসকলৰ মাজত আশাৰ সঞ্চাৰ কৰিছে৷

পূর্বৰ প্রধানমন্ত্রীসকলে স্বীকাৰ কৰিছিল যে অন্তিম স্তৰৰ হিতাধিকাৰীসকলে তেওঁলোকৰ বাবে চৰকাৰে আবণ্টন দিয়া পৰিমাণৰ প্রায় ১০ শতাংশহে লাভ কৰে৷ বর্তমানৰ প্রধানমন্ত্রীয়ে অভূতপূর্ব সংখ্যক বেংক একাডণ্ট খুলি আৰু এই একাডণ্টসমূহলৈ পোনপটীয়াকৈ ধনৰ স্থানান্তৰ কৰি নিশ্চিত কৰিছে যে অন্তিম হিতাধিকাৰীসকলে তেওঁলোকৰ সম্পূর্ণ প্রাপ্য লাভ কৰিব৷ যদিও নিবনুৱাৰ উপস্থিতি সমগ্র বিশ্বৰ বাবেই এক ডাঙৰ সমস্যা, ইয়াৰে মোকাবিলা কৰাৰ বাবে পদক্ষেপ লোৱা হৈছে আৰু কেৱল চহৰসমূহতে নহয়, বৰঞ্চ দেশৰ দূৰণিবটীয়া ঠাহসমূহতো অধিকসংখ্যক দক্ষতা কেন্দ্র স্থাপন কৰা হৈছে৷ বিভিন্ন সময়ত প্রধানমন্ত্রীয়ে চতুর্থ শ্রেণীৰ কর্মীসকলক সন্মান প্রদর্শন কৰি শ্রমিকৰ মর্যাদা উন্নত কৰাৰ পদক্ষেপ গ্রহণ কৰি আহিছে৷ ইমান কম সময়ৰ ভিতৰতে আন্তঃগাঁথনি নির্মাণৰ ক্ষেত্রত সম্ভৱ কৰা এক বৃহৎ পার্থক্যই উন্নত ভাৰতৰ সাক্ষ্যকে বহন কৰিছে৷ আগতে ইউৰোপ ভ্রমণৰ সময়ত মই বহুতৰ মন্তব্য শুনিছিলোঁ যে ইউৰোপৰ দৰে আন্তঃগাঁথনি আৰু ভ্রমণৰ স্বাচ্ছন্দ্য ভাৰতত কেতিয়াও সম্ভৱ নহ’ব, কিন্তু হমান কম সময়ৰ ভিতৰতে সেই সকলোবোৰেই ভুল প্রতিপন্ন হৈছে৷ এই সময়ছোৱাত পৃথিৱীজোৰা চর্চাৰ প্রসংগসমূহ হৈছে– শতিকাৰ দুর্যোগ ক’ভিড মহামাৰী, বিশ্বৰ বিশ্বায়ন আৰু বিভিন্ন শিবিৰত মেৰুকৰণৰ প্রতি বর্ধিত প্রৱণতা, ৰাছিয়া–ইউক্রেহন সংঘর্ষৰ ৰূপত ইউৰোপৰ মধ্যস্থলীৰ যুদ্ধ, জলবায়ু সন্দর্ভত বর্ধিত উদ্বেগ, সমগ্র বিশ্বত হোৱা এক নিৰন্তৰ মুদ্রাস্ফীতি আৰু শেষত বিশ্বৰ জনসংখ্যাৰ অভিলেখসংখ্যাকে পীড়িত কৰা মানসিক স্বাস্থ্যৰ সমস্যা৷

যদিও এছিয়াৰ বহুতো চৰকাৰ বিফল হৈছে, ভাৰতে ইয়াৰ দক্ষ আৰু আটাইতকৈ বুদ্ধিমান নীতিৰ সৈতে এক শক্তিশালী আৰু বর্ধিত অর্থনীতিৰ দিশত উত্থান লাভ কৰিছে৷ বৈদেশিক কূটনীতিৰ জৰিয়তে ভাৰতে বিশ্বজুৰি অভূতপূর্ব সদিচ্ছা অর্জন কৰিছে৷ ভাৰত যদিও বিশ্বৰ জনসংখ্যাৰ প্রায় এক ষষ্ঠাংশৰ দেশ, তথাপি ভাৰতৰ কণ্ঠস্বৰ এতিয়া শুনাৰ দৰে আগতে কাহানিও শুনা যেন লগা নাছিল৷ সর্বোপৰি আন্তর্জাতিক ক্ষেত্রত ভাৰতে ইয়াৰ সঠিক স্থান বিচাৰি পাইছে৷ ইয়াৰ কৃতিত্ব কেৱল বর্তমানৰ চৰকাৰ আৰু ইয়াৰ নীতিসমূহলৈকে যায়৷ ৰাছিয়া–ইউক্রেহন সংঘর্ষৰ সময়ত ভাৰতৰ সুসন্তুলিত কার্যই পক্ষ গ্রহণ নকৰি ইয়াক এক পৰিপক্বমধ্যস্থতাক আৰু বিশ্বৰ শান্তি প্রতিষ্ঠাতাৰ ভূমিকাত অৱতীর্ণ কৰাইছে৷ যদিও এছিয়াৰ বহুতো অর্থনীতি বিপন্ন হ’বলৈ ধৰিছে আৰু বিশ্বৰ বহুতো দেশত মুদ্রাস্ফীতি এক ডাঙৰ সমস্যা হৈ উঠিছে, ভাৰতে এক অবিশ্বাস্য স্থিতিস্থাপকতা প্রদর্শন কৰিছে৷ ক’ভিড মহামাৰীৰ সময়ত কোনো যাতে ভোকত থাকিবলগীয়া নহয়, সেহ কথা নিশ্চিত কৰিবলৈ চৰকাৰে পদক্ষেপ গ্রহণ কৰিছিল৷

ঘৰুৱা আৰু আন্তঃৰাষ্ট্রীয় পর্যটনৰ এক বৃহৎ আকর্ষণ থকা সত্ত্বেও দেশৰ তীর্থস্থানসমূহ অপৰিচ্ছন্ন আছিল আৰু এইসমূহৰ আন্তঃগাঁথনি অতিকে শোচনীয় আছিল৷ এই স্থানসমূহক পূর্বৰ চৰকাৰসমূহে সম্পূর্ণৰূপে উপেক্ষা কৰিছিল৷ যোৱা কেহটামান বছৰত বেনাৰস, উজ্জয়িনী, কেদাৰনাথ, ঋষিকেশৰ দৰে স্থানসমূহে লাভ কৰা নতুন ৰূপে অনাগত সময়বোৰত প্রশংসা আদায় কৰিব৷ পুৰণি ঔপনিৱেশিক শিক্ষা ব্যৱস্থা, যি আধুনিক সভ্যতাৰ বুদ্ধিমত্তাৰ ওপৰত এক দাগ আছিল, তাৰ তুলনাত নতুন শিক্ষা নীতি দৰাচলতেই হৈছে এক বিপ্লৱ৷ আমাৰ যুৱ মনবোৰৰ বাবে কি এক ডাঙৰ সকাহ, যিয়ে তেওঁলোকৰ প্রতিভাক আৰু সমাধিস্থ কৰিব নালাগে আৰু তেওঁলোকৰ সৃষ্টিশীলতা প্রকাশ কৰিবলৈ এখন মুকলি পথাৰ লাভ কৰিছে৷ শিক্ষাৰ উন্নতিৰ পদক্ষেপে দেশত শিক্ষাৰ মানো বৃদ্ধি কৰিছে, আৰু ইয়াক অধিক সুগম কৰি তুলিছে৷

কলা আৰু সংস্কৃতিৰ প্রতি এক বিশেষ গুৰুত্ব আৰু উৎসাহ প্রদান কৰা হৈছে৷ বহুতো নতুন সংগ্রহালয় মুকলি কৰা হৈছে আৰু সকলো ধৰণৰ কলাই ঠাই পাইছে৷ ই আমাৰ সম্ভাৱনাসমূহক আৰু আমাৰ প্রকৃত সামর্থ্যক উপলব্ধি নকৰাকৈ কেনেকৈ আমি ‘শুহ থকা দৈত্যৰ দেশ’ হৈ আছিলোঁ, তাকে প্রদর্শিত কৰে৷ যদিও সকলো ৰাজনৈতিক নেতা আৰু দলৰ ধর্মীয় ৰীতি–নীতি আৰু আচৰণত বিশ্বাস আছে, তেওঁলোক কেতিয়াও এহ বিষয়ে মুকলিমূৰীয়া নাছিল৷ এয়া হৈছে প্রধানমন্ত্রী মোদী, যিয়ে ইয়াক স্বীকাৰ কৰিবলৈ কেতিয়াও লজ্জাবোধ কৰা নাছিল আৰু ইয়াৰ গৌৰৱ পুনৰ স্থাপিত কৰিছিল৷ তেওঁ এই অমূল্য আৰু অমূর্ত ঐতিহ্যসমূহক বিশ্বৰ আন নেতাসকলৰ সৈতে পৰিচয় কৰাই দিছিল৷ যিকোনো সমাজৰ প্রগতি মানুহৰ আত্মবিশ্বাস আৰু আত্মসন্মানৰ ওপৰত নির্ভৰ কৰে৷ নিজৰ শিপা আৰু নিজৰ সংস্কৃতিক সন্মান কৰাটোৱে সমাজলৈ আত্মসন্মান কঢ়িয়াই আনিব পাৰে আৰু কোনো দ্বিধা আৰু কুসংস্কাৰ অবিহনেই এয়া অতি সুশৃংখলতাৰে সম্পন্ন কৰা হৈছে৷ দীর্ঘদিন ধৰি উপেক্ষা কৰি অহা উত্তৰ–পূর্বাঞ্চলে ইয়াৰ বহুতো সম্ভাৱনাৰ প্রতি সজাগ হৈছে৷ কাশ্মীৰৰ উন্নয়ন আৰু এইটো অঞ্চলৰ মহিলাসকলক প্রদান কৰা ন্যায় এক ‘চকু মুকলি কৰিব পৰা নিদর্শন’ আৰু ইয়ে কোনোৱে নিজৰ মানুহৰ প্রতি কৰা ভুলবোৰ কেনেদৰে আঁতৰাব পাৰে তাকো প্রদর্শিত কৰে৷ এহ কথাই নিন্দুক আৰু সমালোচকসকলৰ বাবে এটা ডাঙৰ প্রত্যাহ্বানৰ সৃষ্টি কৰিছে৷

বহুতে অৱগত নহয় যে প্রধানমন্ত্রী মোদীয়ে আফগানিস্তানক এটা নতুন সংসদ ভৱন উপহাৰ দিছিল৷ নাইজেৰিয়াৰ ৰাষ্ট্রপতি প্রাসাদটো ভাৰতে কেইবছৰমান আগতে নির্মাণ কৰি দিছিল৷ আৰু এতিয়া প্রধানমন্ত্রী মোদীয়ে আমাৰ সংবিধান আৰু পৰম্পৰাক সন্মান জনাই আমাৰ দেশলৈ এক সুন্দৰ সংসদ ভৱন উৎসর্গা কৰিছে৷ এয়া ইমান কম সময়ৰ ভিতৰতে নির্মাণ কৰা এটা বিস্ময়কৰ গাঁথনি৷ অৱশ্যে বহু ক্ষেত্রত ত্রুটি আছিল, বহুতো ভুলো কৰা হৈছে, যিবোৰ হয়তো এৰাই চলিব পৰা গ’লহেঁতেন নিবনুৱা, বর্ধিত দাম আৰু অন্যান্য সামাজিক সমস্যাসমূহৰ সৈতে আমি এতিয়া বহু দূৰ আগবাঢ়িব লাগিব৷ বর্তমান চৰকাৰে যি দ্রুততাৰে প্রত্যাহ্বানসমূহৰ মোকাবিলা কৰি আছে, সেয়া সঁচাকৈয়ে প্রশংসনীয় আৰু ই এক উজ্জ্বল ভৱিষ্যতৰ আশা কঢ়িয়াই আনে৷ নিশ্চিতভাৱে মোদীৰ দলটোক ভাৰতৰ বাবে সকলো সপোন পূৰণ কৰিবলৈ আৰু অধিক সময়ৰ প্রয়োজন হ’ব৷

You might also like