নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অনুৰাগীৰ ভালপোৱাৰ প্রতিদান : অহা বছৰো আইপিএল খেলিব মাহিয়ে

বিশেষ বাৰ্তা, ৩০ মেঃ ধোনীৰ অনুৰাগীসকলৰ বাবে সুখবৰ৷ এতিয়াই অৱসৰ নলয় তেওঁ৷ অহা বছৰো আইপিএলত দেখা যাব অধিনায়কগৰাকীক৷ চলিত আইপিএলৰ আৰম্ভণিৰ পৰাই সকলোৱে ধাৰণা কৰিছিল যে চেন্নাই চেম্পিয়ন হ’লেই অৱসৰ গ্রহণ কৰিব ধোনীয়ে৷ কিন্তু তেনে সম্ভাৱনা নস্যাৎ কৰিছে ক্রিকেটাৰগৰাকীয়ে৷ কালি মাজনিশা সেই কথা স্পষ্ট কৰি দিছে চেন্নাইৰ অধিনায়ক ধোনীয়ে৷ তেওঁ স্পষ্টভাৱে জনাই দিয়ে যে শৰীৰে বিচাৰিলে আৰু এখন আইপিএল খেলিবলৈ সাজু আছে৷ ধোনীয়ে কয়– ‘হয়তো এয়াই মোৰ অৱসৰ ঘোষণা কৰাৰ শ্রেষ্ঠ মঞ্চ আৰু সময়৷ কিন্তু যিধৰণৰ ভালপোৱা আৰু সন্মান মই সমর্থকসকলৰ পৰা লাভ কৰিছো তাৰ প্রতিদান দিব বিচাৰো৷ সেইবাবে মই অহা বছৰো আইপিএল খেলিবলৈ আগ্রহী৷ অৱশ্যে সেয়া মোৰ বাবে সহজ নহ’ব৷ আঠুৰ আঘাতৰ সমস্যাই দেখা দিছে৷ তথাপি শৰীৰে সংগ দিলে মই আৰু এখন আইপিএল খেলিম৷ এতিয়াও ৮–৯মাহ বাকী আছে৷ মানুহৰ ভালপোৱা আৰু আৱেগে মোৰ মন জয় কৰিছে৷ এইবাৰ মই তেওঁলোকক সেই ভালপোৱা ওভটাই দিব বিচাৰো৷’
উল্লেখ্য যে সোমবাৰে নিশা ৰুদ্ধশ্বাস মেচত গুজৰাট টাইটানছক পাঁচ উইকেটত পৰাস্ত কৰি পঞ্চমবাৰলৈ খিতাপ দখল কৰে ধোনীৰ চেন্নাই ছুপাৰ কিংছে৷ অন্তিম দুটা বলত জয়লাভৰ বাবে প্রয়োজন হৈছিল ১০ ৰানৰ৷ আগৰ চাৰিটা বলত মোহিত শর্মাই মাত্র ৩ ৰান দিছিল৷ সেই সময়ত অনুভৱ হৈছিল গুজৰাট টাইটানছৰ বাবে ট্রফী জয় কৰাতো আছিল কেৱল সময়ৰ অপেক্ষা৷ কিন্তু অন্তিম দুটা বলত সলনি হয় খেলৰ ছবি৷ পঞ্চম বলত ৰবীন্দ্র জাদেজাই ৬ আৰু অন্তিম বলত চাৰি কোবাই দলক বিজয় উপহাৰ দিয়ে৷ ইয়াৰ লগে লগে পঞ্চমবাৰৰ বাবে আইপিএলত চেম্পিয়ন হয় মহেন্দ্র সিং ধোনী৷ প্রথমে বেটিং কৰি গুজৰাটে ২১৪ ৰান সংগ্রহেৰে একেৰাহে দ্বিতীয়বাৰ চেম্পিয়ন হোৱাৰ আশা সজীৱ কৰি তুলিছিল৷ কিন্তু মহেন্দ্র সিং ধোনীৰ চেন্নায়ে দেখুৱাই দিলে যে লক্ষ্য কঠিন হ’লেও অসম্ভৱ নহয়৷ বৰষুণৰ বাবে প্রায় দুঘণ্টা খেল বন্ধ থকাত ডার্ক ৱর্থ লিৱিছ পদ্ধতিৰে ১৫ অভাৰত চেন্নাইক বান্ধি দিয়া ১৭১ ৰানৰ লক্ষ্য ৫ উইকেটত অতিক্রম কৰে৷ গুজৰাটে সুদর্শনৰ ৪৭টা বলত সংগ্রহ কৰা ৯৬ ৰানৰ সহায়ত চাৰি উইকেটত ২১৪ ৰান কৰে৷ লক্ষ্য কঠিন হ’লেও গাইকোৱাড আৰু কনৱেৰ জৰিয়তে সুন্দৰ আৰম্ভণি কৰা চেন্নায়ে আজিংক্য ৰাহানে, অম্বাতি ৰায়ডুৰ মিলিত প্রচেষ্টা আৰু জাদেজাৰ নায়কোচিত প্রদর্শনৰ জৰিয়তে পঞ্চমবাৰ আইপিএলৰ খিতাপ দখল কৰে৷

You might also like