নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হায়! বিশ্ব পৰিৱেশ দিৱসৰ দিনাও সৃজনগ্ৰামত চোৰাং কাঠ জব্দ

নিয়মীয়া বাৰ্তা, ৫ জুনঃ আজি বিশ্ব পৰিৱেশ দিৱসৰ দিনাখনেই প্ৰকৃতি ধ্বংস কাৰ্যত নামিল অসাধু চক্ৰই ৷ যি সময়ত প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ বাবে বিশ্বৰ বিভিন্ন দেশ সংগঠিত হৈছে সেই সময়তে আজিৰ বিশেষ দিনটোত চোৰাং কাঠ বেপাৰীয়ে চলোৱা প্ৰকৃতি ধ্বংস কাৰ্যই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সচেতন ৰাইজৰ মাজত৷ উল্লেখ্য যে বঙাইগাঁও আইভেলী বন সংমণ্ডল তথা অভয়াপুৰী আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত সৃজনগ্ৰামত আছুৰ তৎপৰতাত আজি জব্দ হয় অবৈধ কাঠ ভৰ্তি বাহন।আজি পুৱাৰ ভাগত অঞ্চলটোৰ কাছাৰীপেটীৰ পৰা ঘোঁৰা চালিত চাৰিখন বাহনত বৃহৎ কাঠৰ কুণ্ডা কঢ়িয়াই নিয়া সময়তে সৃজনগ্ৰাম আঞ্চলিক ছাত্ৰ সন্থাৰ এটা সজাতি দলে ৰাইজৰ সহযোগত আই নৈৰ দলঙৰ ওপৰত বাহন কেইখন ধৰি বন বিভাগৰ লগতে আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত বৰঘোলা আৰক্ষী উপস্থিত হৈ কাঠ কঢ়িওৱা ঘোঁৰা-গাড়ী সহঃ তিনিগৰাকী লোকক আৰক্ষী চকীলৈ লৈ আহে। দীৰ্ঘদিন ধৰি এনেদৰে উক্ত অঞ্চলৰ লগতে অভয়াপুৰী আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অধীনস্থ এলেকাত  বন বিভাগৰ ৰহস্যজনক নিৰ্লিপ্তাৰ সুযোগ গ্ৰহণ কৰি  অবৈধ কাঠৰ সৰবৰাহ কৰি  থকাৰ অভিযোগ একাংশ বন-মাফিয়াৰ বিৰুদ্ধে। বিশ্ব পৰিবেশ দিৱসৰ এই বিশেষ দিনটোত পৰিবেশৰ কথা নাভাবি একাংশ স্বাৰ্থলোভীয়ে চলাই গৈছে বন ধ্বংসকাৰী কাম কাজ। উল্লেখযোগ্য যে, বন বিয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত এলেকা বিশেষকৈ নৈ পৰীয়া অঞ্চলসমূহত কাঠফুলাৰ দৰে গঢ়ি উঠিছে। ৰাইজে চোৰাং কাঠৰ বেপাৰী আৰু অবৈধ কাঠফলা মিলৰ বিৰূদ্ধে অভিযান চলাবলৈ দাবী জনাইছে ৷
প্ৰেৰক অপূৰ্ব কুমাৰ দাস
You might also like