নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰে’লৱে বিভাগৰ ডি আৰ এমক সাক্ষাৎ বিধায়ক-শিৱসেনা নেতাৰ

নিয়মীয়া বাৰ্তা, ৬ জুন: কোকৰাঝাৰ-বঙাইগাঁও জিলাৰ সীমান্তৱৰ্তী তথা চিৰাং জিলাৰ অন্তৰ্গত বাসুগাঁও চহৰ । অতি গুৰুত্বপূৰ্ণ চহৰখনৰ ৰেলৱে ষ্টেচনত দ্ৰুতগামী ৰেল ৰখোৱাৰ দাবীত আজি ৰেলৱে বোৰ্ডৰ সদস্য তথা ৩১ নং চিদলী বিধানসভা সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰী আৰু সদৌ বি টি আৰ শিৱসেনা দলৰ প্ৰমুখ শিবু চন্দৰ নেতৃত্বত ৰেলৱেৰ ডি আৰ এমক সাক্ষাৎ কৰে । আলিপুৰদুৱাৰ ৰেলৱে ডিভিজনৰ ডি আৰ এমক সাক্ষাৎ কৰি বাসুগাঁও ৰেলৱে ষ্টেচনত বিশেষকৈ ধুবুৰী-কামাখ্যা এক্সপ্ৰেছ, কোচবিহাৰ-কামাখ্যা ইণ্টাৰচিটি, ৰাজ্যৰাণী এক্সপ্ৰেছ ৰখোৱাৰ দাবী জনায় । ইয়াৰোপৰি চলি থকা অভাৰব্ৰীজৰ কাম সম্পূৰ্ণ কৰি মুকলি কৰাৰ পিছতো ৰেলৱে গেটটি খোলা ৰাখিবলৈ আহ্বান জনায় । ইয়াৰ দ্বাৰা হাট-বজাৰ কৰা লোক, শাৰীৰিকভাৱে দুৰ্বল লোকৰ যথেষ্ট সুবিধা হব বুলি উল্লেখ কৰা হয় । ডি আৰ এমগৰাকীয়েও আলোচনা মৰ্মে সিদ্ধান্ত লোৱা হ’ব বুলি জানিবলৈ দিয়ে ।
প্ৰেৰক ভৃগু মুনি ৰায়

You might also like