জৱাহৰ নৱোদয় বিদ্যালয়ত ৩২১টা শিক্ষক পদৰ বাবে বিজ্ঞাপন
দেশজুৰি মুঠ ৬৬১টা কেন্দ্র আছে জৱাহৰ নৱোদয় বিদ্যালয় সমিতিৰ৷ ইয়াৰে পশ্চিমবংগ, বিহাৰ, ঝাৰখণ্ডসহ মুঠ ৮৫টা কেন্দ্রৰ আঞ্চলিক কার্যালয় আছে পাটনাত৷ ২০২৩–২৪ বর্ষৰ বাবে পাটনা কেন্দ্রৰ এই ৰাজ্যকেইখনত নিয়োগ কৰা হ’ব শিক্ষক৷ সেই অনুসৰি পাটনাৰ জৱাহৰ নৱোদয় বিদ্যালয় সমিতিৰ ৱেবছাইটত একাধিক বিষয়ত প’ষ্ট গ্রেজুৱেট শিক্ষক (পিজিটি), ট্রেণ্ড গ্রেজুৱেট শিক্ষক (টিজিটি)সহ বিভিন্ন বিভাগত নিয়োগ বিজ্ঞপ্তি প্রকাশিত হৈছে৷ অৱশ্যে প্রতিটো পদতেই চুক্তিৰ ভিত্তিত কাম কৰিব লাগিব শিক্ষকসকলে৷ মুঠ খালী পদৰ সংখ্যা ৩২১টা৷ ইংৰাজী, পদার্থ বিজ্ঞান, ৰসায়ন, জীৱবিদ্যা, হিন্দী, গণিত, ইতিহাস, ভূগোল, অর্থনীতি, বাণিজ্য, কম্পিউটাৰ ছায়েঞ্চ বিষয়ত স্নাতকোত্তৰ শিক্ষক নিয়োগ কৰা হ’ব৷ আনহাতে হিন্দী, ইংৰাজী, গণিত, বিজ্ঞান, ছ’চিয়েল ছায়েঞ্চ বিষয়ত সহকাৰী শিক্ষক নিয়োগ কৰা হ’ব৷ ইয়াৰ উপৰি ক’লা, সংগীত, লাইব্রেৰিয়ানসহ আৰু বিভিন্ন বিষয়ৰ শিক্ষক নিয়োগ কৰা হ’ব৷ পিজিটি পদৰ আবেদনকাৰী প্রার্থীয়ে কোনো স্বীকৃত প্রতিষ্ঠানৰ পৰা সংশ্লিষ্ট বিষয়ত নূ্যনতম ৫০ শতাংশ নম্বৰসহ স্নাতকোত্তৰ ডিগ্রীধাৰী হ’ব লাগিব৷ প্রার্থীসকল বিএড ডিগ্রীধাৰী হ’ব লাগিব৷ হিন্দী আৰু ইংৰাজী মাধ্যমত পঢ়োৱাৰ দক্ষতা থকা আৱশ্যক৷ আবেদনকাৰীৰ বয়স ৬২ বছৰৰ ভিতৰত হ’ব লাগিব৷ অন্য পদসমূহত আবেদনৰ প্রয়োজনীয় যোগ্যতা জানিবলৈ মূল বিজ্ঞপ্তি চাব পাৰে৷ পিজিটি পদত প্রতি মাহৰ দৰমহা ৩৫,৭৫০ টকা৷ টিজিটি আৰু অন্য পদত দৰমহা প্রতিমাহে ৩১,১২৫ টকা৷ প্রার্থীসকলে ১০ জুনত আবেদন–পত্র অনলাইন যোগে পঠিয়াব লাগিব৷