কেন্দ্রীয় সংস্থা ডিআৰডিঅ’ত একাধিক খালী পদ
কেন্দ্রীয় সংস্থা ডিফেঞ্চ ৰিছার্চ এণ্ড ডেভেলপমেণ্ট অর্গেনাইজেচন (ডিআৰডিঅ’)ত বিভিন্ন বিভাগত একাধিক পদত নিযুক্তিৰ বাবে বিজ্ঞাপন দিয়া হৈছে৷ সংস্থাৰ ৱেবছাইটত এই বিজ্ঞাপন প্রকাশ কৰা হৈছে৷ সকলো পদত চুক্তিভিত্তিক নিয়োগ হ’ব আৰু নির্দিষ্ট সময়ৰ বাবে দিয়া হ’ব৷ প্রার্থীসকলে অনলাইনযোগে আবেদন কৰিব পাৰিব৷ প্রজেক্ট ছাইণ্টিষ্ট পদত মেকানিকেল ইঞ্জিনীয়াৰিং, কেমিকেল ইঞ্জিনীয়াৰিং/কেমিকেল টেকন’লজী, ইনষ্ট্রুমেণ্টেচন/ইলেকট্র’নিকছ এণ্ড টেলিকমিউনিকেচন/ইলেকট্রিকেল, ফিজিকেল কেমেষ্ট্রী বিষয়ৰ বাবে এই পদত নিয়োগ কৰা হ’ব৷ খালী পদৰ সংখ্যা ১২টা৷ পদ অনুসৰি আবেদনৰ বাবে প্রার্থীসকলৰ বয়স হ’ব লাগিব ৩৫ৰ পৰা ৫৫ বছৰ৷ পদ অনুযায়ী মাহিলি বেতন ৯০,৭৮৯ টকাৰ পৰা আৰম্ভ কৰি ২,২০,৭১৭ টকাপর্যন্ত৷ শিক্ষাগত অর্হতা, কামৰ অভিজ্ঞতা আৰু স্ক্রিনিং কমিটীৰ সৈতে আলোচনাৰ জৰিয়তে প্রাথমিকভাৱে প্রার্থী বাছনি কৰা হ’ব৷ পৰৱর্তী পর্যায়ৰ প্রিলিমিনাৰী অনলাইন ইণ্টাৰভিউ আৰু ফাইনেল ইণ্টাৰভিউৰ জৰিয়তে বাছনিপ্রাপ্ত প্রার্থীসকলক পদসমূহত নিয়োগ কৰা হ’ব৷ তাৰ পূর্বে প্রার্থীসকলে সংস্থাৰ ৱেবছাইটলৈ গৈ আবেদন জনাব লাগিব৷ সংৰক্ষিত প্রার্থীৰ বাহিৰে বাকীসকল প্রার্থীয়ে আবেদন মূল্য হিচাপে ১০০ টকা জমা দিব লাগিব৷ এই বিষয়ে বিশদভাৱে জানিবলৈ প্রার্থীসকলে সংস্থাৰ ৱেবছাইটত নিৰীক্ষণ কৰিব লাগিব৷