বিশেষ বাৰ্তা, ৯ জুনঃ তিনিচুকীয়া জিলাৰ উপায়ুক্ত স্বপ্নীল পালৰ (ভা.প্ৰ.সে) সভাপতিত্বত উপায়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত আজি জিলা পথ সুৰক্ষা সমিতিৰ এখনি গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। সমগ্ৰ জিলাতে পথ দুৰ্ঘটনা প্ৰতিৰোধ কৰিবলৈ তথা পথ দুৰ্ঘটনাজনিত মৃত্যুৰ সংখ্যা হ্ৰাস কৰিবলৈ জিলা উপায়ুক্তই আৰক্ষী তথা পৰিবহণ বিভাগক আৰু অধিক সষ্টম হবলৈ নিৰ্দেশ দিয়ে। সমগ্ৰ জিলাতে যান-বাহন আইন কঠোৰভাৱে বলৱৎ কৰাৰ লগতে যান-বাহন আইনৰ নীতি-নিৰ্দেশনা উলংঘাকাৰীক কোনোপধ্যেই ৰেহাই নিদিবলৈ উপায়ুক্তই সংশ্লিষ্ট বিভাগক নিৰ্দেশ দিয়ে। সভাত উপায়ুক্ত স্বপ্নীল পালে পথ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত ব্যক্তিৰ তাৎক্ষণিক চিকিৎসা প্ৰদান কৰিব পৰাকৈ চিকিৎসা বিভাগক সকলাে সময়তে সষ্টম হৈ থাকিবলৈ আহ্বান জনায়। জিলা উপায়ুক্তগৰাকীয়ে উদণ্ড তথা সুৰাপায়ী চালকক কোনোপধ্যেই ৰেহাই নিদিবলৈ জিলা পৰিবহণ তথা আৰক্ষী বিভাগক নিৰ্দেশ দিয়ে। ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে অন্যান্য দুৰ্ঘটনাপ্ৰৱণ স্থানসমূহ চিনাক্ত কৰি পৰিবহণ তথা আৰক্ষী বিভাগক যাৱতীয় ব্যৱস্থা লবলৈ আহ্বান জনায়। আজিৰ পথ সুৰক্ষা সমিতিৰ বৈঠকতে জিলা উপায়ুক্তই সমগ্ৰ জিলাখনতে পথ সুৰক্ষা সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে যাৱতীয় পদক্ষেপ লবলৈ জিলা পৰিবহণ বিভাগক নিৰ্দেশ দিয়ে। উপায়ুক্তই আৰক্ষী আৰু জিলা পৰিবহণ বিভাগক অত্যধিক স্পীড তথা অত্যধিক বোজা কঢ়িওৱা বাহনৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈও নিৰ্দেশ দিয়ে। আজিৰ বৈঠকত জিলা উন্নয়ন আয়ুক্ত সুশান্ত দত্ত প্ৰমুখ্যে আৰক্ষী বিভাগ, ট্ৰেফিক বিভাগ, পৰিবহণ বিভাগ, লোকনিৰ্মাণ (পথ) বিভাগ, আবকাৰী তথা স্বাস্থ্য আৰু শিক্ষা বিভাগৰ বিষয়া তথা প্ৰতিনিধিসকল উপস্থিত থাকে ৷
প্ৰেৰক বিবেক বড়া