নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুৰন্ধৰ ঠিকাদাৰ লোহিত গগৈয়ে জালিয়াতিৰে নিৰ্মাণ কৰা বি এড কলেজৰ নৱনিৰ্মিত ভৱনত হাতুৰীৰ কোব

নিয়মীয়া বাৰ্তা, ১০ জুনঃ আঠ বছৰৰ পুৰ্বে ৰজাদিনীয়া দুৱৰণী আলি আৰু জোলাগাৱৰ মূল পথ পকীকৰণৰ নামত অভিলেখসংখ্যক জালিয়াতিত লিপ্ত হোৱা লোকনিৰ্মাণ বিভাগৰ ঠিকাদাৰ লোহিত গগৈয়ে নিৰ্মাণ কৰা বেতবাৰীৰ বি এড কলেজৰ বিসংগতিপুৰ্ণ নিৰ্মাণকাৰ্য্যই শেহতীয়াকৈ লৈছে নতুন মোৰ ৷ বিভাগীয় অভিযন্তাৰ সৈতে ৰহস্যজনক দহৰম- মহৰমেৰে ইটোৰ পিছত সিটো পথ নিৰ্মাণৰ নামত ধ্বংস কৰি অহা বিতৰ্কিত ঠিকাদাৰ লোহিত গগৈৰ হাতত শিৱসাগৰবাসীৰ আশা-প্ৰত্যাশা নিহিত হৈ থকা বি এড কলেজখন নিৰ্মাণত ভয়ংকৰ বিসংগতি পোহৰলৈ অহা ঘটনাই সৃষ্টি কৰা চাঞ্চল্য আজিও অব্যাহত আছে ৷ এই জালিয়াতি পোহৰলৈ অহাৰ পিছতেই বি এড কলেজৰ বিল্ডিঙৰ যিবিলাক অংশত ফাট মেলিছিল আৰু যিবিলাক শৌচাগাৰ বিসংগতিপূৰ্ণভাৱে নিৰ্মাণ কৰিছিল, সেইবিলাক আজিৰে পৰা হাতুৰীৰে ভাঙি সঠিক তথ্য উদঘাটনত নামিছে লোকনিৰ্মাণ বিভাগ ৷ লোকনিৰ্মাণ বিভাগৰ উৰ্ধ্বতন কৰ্তৃপক্ষৰ কঠোৰ নিৰ্দেশনা অনুসৰি ঠিকাদাৰে শ্ৰমিক লগাই বিসংগতিপূৰ্ণ টয়লেটসমূহ আজি পুৱাৰে পৰা ভাঙি দিছে। সেইদৰে বি এড কলেজৰ নৱনিৰ্মিত ভৱনৰ বাৰাণ্ডা আৰু বহুকেইটা কোঠাৰ টাইলছ তথা পকাসমূহ খান্দি নতুনকৈ নিৰ্মাণৰ ব্যৱস্থা কৰিছে। ভৱনটোৰ বিভিন্ন অংশৰ নিৰ্মাণকাৰ্য যে অতি নিম্নমানৰ আছিল, নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰা যে হৈছিল, সেয়াও স্পষ্ট হৈ পৰিছে লোকনিৰ্মাণ বিভাগৰ অভিযানত। উল্লেখ্য যে ২০১৭-১৮ বৰ্ষতে শিৱসাগৰ বেতবাৰী মৌজাৰ ভাধৰাত বি এড কলেজৰ ভৱনটোৰ আধাৰশিলা কৰা হৈছিল। আবন্টিত পুঁজিৰ পৰিমাণ আছিল ৯ কোটি ২৫ লাখ টকা। নিবিদা লাভ কৰিছিল এগৰাকী সাংসদৰ অতি ঘনিষ্ঠ বুলি পৰিচিত দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ লোহিত চন্দ্ৰ গগৈয়ে। ভৱনটোৰ যোৱা মে’ মাহত সম্পূৰ্ণ নিৰ্মাণ কৰা লক্ষ্য ধাৰ্য কৰিছিল। কিন্তু ধুৰন্দৰ ঠিকাদাৰ লোহিত চন্দ্ৰ গগৈয়ে ভৱনটোৰ কোনো কোনো অংশ নিৰ্মাণৰ দায়িত্ব দিছিল জাহিৰ আলী নামৰ এজন উপ-ঠিকাদাৰক। ভৱনটোৰ নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হোৱাত অহা এক-দুই মাহৰ ভিতৰতে উদ্বোধন কৰাৰ কথা আছিল। কিন্তু  নৱনিৰ্মিত ভৱনটোৰ দেৱালয়ৰ বিভিন্ন অংশত ছিঁৰাল ফাট মেলাৰ উপৰি ফ্ল’ৰখন বখলা বখলকৈ এৰাই আছিল। তদুপৰি শৌচাগাৰসমূহ ইমানেই ঠেক পৰিসৰৰ আৰু নিম্নমানৰ আছিল যে কোনো ব্যক্তি শৌচাগাৰত সোমালে দৰজা বন্ধ কৰিব নোৱাৰে। আনকি বাল্টি এটাও ৰাখিব পৰাকৈ ঠাই নাই। ইয়াৰ পৰিপ্ৰেক্ষিতত আজি লোকনিৰ্মাণ বিভাগৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ নিৰ্দেশ মৰ্মে নিম্নমানৰ ফ্ল’ৰ, শৌচাগাৰ ভাঙি থকা পৰিলক্ষিত হৈছে। ইপিনে এনেকৈ নিম্নমানৰ নিৰ্মাণকাৰ্যৰে ৰাজহুৱা ধনৰ অপচয় তথা শৰাধ কৰি এখন শিক্ষানুষ্ঠান নিৰ্মাণ কৰাটো কোনোপধ্যেই সহজভাৱে ল’ব পৰা নাই সচেতন ৰাইজে। ৰাইজে বিচৰাৰ দৰেই বি এড কলেজৰ বাবে উন্নত বিল্ডিং নিৰ্মাণৰ দাবী জনাইছে। বিসংগতিপূৰ্ণভাৱে নিৰ্মাণ কৰা ঠিকাদাৰৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা লোৱাৰ লগতে ব্লেকলিষ্টেড কৰাৰ দাবী জনাইছে ৰাইজে।

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like