ষ্টাফ ৰিপৰ্টাৰ, ১১ জুন : কোকৰাঝাৰ জিলাৰ ভাৰত ভূটান সীমান্তৰ সৰলপাৰাত গো-হত্যা কৰি হৰিণাৰ মাংস বুলি বিক্ৰী কৰা চাৰি যুৱকক স্থানীয় ৰাইজে হাতে লোটে কৰায়ত্ত কৰি উত্তম-মাধ্যম শোধাই আৰক্ষীক গতাই দিয়ে। গো-হত্যা কৰি হৰিণাৰ মাংস বুলি বিক্ৰী কৰা যুৱক চাৰিজন হ’ল ক্ৰমে খালুমান তামাং (৪৮), খেমৰাজ ছেত্ৰী (১৮), ভীম তামাং (৩০) আৰু সনম ছেত্ৰী (১৬) ৷ প্ৰাপ্ত বাতৰি অনুসৰি যুৱক চাৰিজনে পথাৰত এৰি দিয়া গৰু প্ৰথমে হস্তনিৰ্মিত বন্দুকেৰে গুলী কৰি হত্যা কৰে। পিছত গৰুটো কাটি-বাচি জুইত সেকি লয়। পিছত চোৰাং বজাৰত সেয়া হৰিণৰ মাংস বুলি বিক্ৰী কৰে। তেওঁলোকে তেনেদৰে কেবাবাৰো গৰু হত্যা কৰি চোৰাং বজাৰত হৰিণ বুলি বিক্ৰী কৰি আহিছিল বুলি জানিব পৰা গৈছে৷ কিন্তু এগৰাকী স্থানীয় লোকৰ পথাৰত এৰি দিয়া গৰু হেৰোৱাত চৌদিশে বিচাৰ-খোচৰ আৰম্ভ কৰে। তেনেদৰে বিচাৰি থাকোতে সৰলপাৰাৰে এঠাইত গৰু কাটি থকা অৱস্থাতে গৰুৰ গৰাকীকে চাৰি যুৱকক হাতে-লোটে আটক কৰে। গৰাকীয়ে হেৰোৱা গৰুৰ ছিন্ন মূৰটোও উদ্ধাৰ কৰে। পিছত স্থানীয় ৰাইজে যুৱককেইজনক উত্তম -মাধ্যম শোধাই আৰক্ষীক গতাই দিয়ে। ৰাইজৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হোৱা ভীম তামাং নামৰ যুৱকটো সম্প্ৰতি কোকৰাঝাৰৰ এখন ব্যক্তিগত নাৰ্ছিংহোমত চিকিৎসাধীন হৈ আছে। গৰুৰ মাংস জুইত পুৰি বজাৰত হৰিণাৰ মাংস বুলি বিক্ৰী কৰা যুৱককেইজনৰ কৱলৰ পৰা আৰক্ষীয়ে এটা হস্তনিৰ্মিত বন্দুক আৰু খুকুৰীও উদ্ধাৰ কৰিছে ৷
প্ৰেৰক শুকুৰ আকন্দ