নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফলৰ সৈতে নিমখ- কিমান স্বাস্থ্যসন্মত!

বিশেষ বাৰ্তা, ১১ জুনঃ স্বাস্থ্যৰ বাবে ফল-মূল কিমান উপকাৰী, এই বিষয়ে সকলো জ্ঞাত। ফল-মূলে শৰীৰত ভিটামিন, খনিজ পদাৰ্থ, আঁহ আদি যোগান ধৰে, ই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু বিপাকীয় ক্ৰিয়া শক্তিশালী হ’লে ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষমতা বৃদ্ধি হয়। কিন্তু যদি আপোনাৰ ফলত নিমখ দিয়াৰ অভ্যাস আছে, তেন্তে সাৱধান হওক। নিমখ বা চাট মছলাৰ সৈতে ফল সেৱন কৰিলে ইয়াৰ সোৱাদ ভাল হয় যদিও তেনে কৰিলে শৰীৰৰ কোনো লাভ নহয়। বৰঞ্চ ফলৰ সৈতে নিমখ খালে স্বাস্থ্যৰ ক্ষতি হোৱাৰ সম্ভাৱনা বৃদ্ধিহে পায়। ফল-মূলত নিমখ ছটিয়াই খালে ইয়াৰ পুষ্টিকৰ উপাদান হ্ৰাস পায়। তদুপৰি বৃক্ক সম্পৰ্কীয় ৰোগ, এলাৰ্জী, উচ্চ ৰক্তচাপত ভোগাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে! হৃদৰোগীয়ে ফলৰ লগত নিমখ খোৱা অনুচিত। ফলত নিমখ দিয়াৰ লগে লগে পানী ওলাবলৈ আৰম্ভ কৰে, ফলত ফল-মূূলৰ পুষ্টিকৰ উপাদান হ্ৰাস পায়। ফল-মূল কটাৰ এঘণ্টাৰ ভিতৰত খাব লাগে।

You might also like