🔴 ২০২৩ বর্ষৰ মাউণ্ট কাঞ্চনজংঘা আৰোহণকাৰী দলক সম্বৰ্ধনা মুখ্যমন্ত্ৰীৰ।
🔴ৰাজ্য চৰকাৰে ক্রীড়াৰ পৰিৱেশ শক্তিশালী কৰাৰ প্রচেষ্টা চলাই আহিছেঃ মুখ্যমন্ত্রী
🔴অসমৰ ২৭ হাজাৰ গাঁৱত অহা অক্টোবৰৰ পৰা তিনি মাহৰ বাবে খেল মহাৰণ
বিশেষ বাৰ্তা, ১১ জুনঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই জনতা ভৱনস্থিত মুখ্যমন্ত্রীৰ সভাগৃহত ৩৬সংখ্যক ৰাষ্ট্রীয় ক্রীড়াত অসমৰ পদকপ্রাপকৰ ৯ ক্রীড়াবিদক আনুষ্ঠানিকভাৱে নিযুক্তি পত্র প্রদান কৰাৰ লগতে ২০২৩ বর্ষৰ মাউণ্ট কাঞ্চনজংঘা আৰোহণকাৰী দলক সম্বর্দ্ধনা জ্ঞাপন কৰে৷ অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রীয়ে কয় যে অসম চৰকাৰে ক্রীড়াৰ পৰিৱেশ অধিক শক্তিশালী কৰাৰ বাবে প্রচেষ্টা চলাই আহিছে৷ যোৱা বছৰ ৰাষ্ট্রীয় ক্রীড়াত অংশগ্রহণ কৰা অসম দলৰ সদস্যসকলক গুজৰাটলৈ যাত্রাৰ পূর্বে নেহৰু ষ্টেডিয়ামত আয়োজন কৰা এক অনুষ্ঠানত ৰাজ্য চৰকাৰে এই ক্রীড়া মহোৎসৱত যিসকল খেলুৱৈয়ে পদক অর্জন কৰিব তেওঁলোকক চৰকাৰী চাকৰিত নিযুক্তি প্রদানৰ প্রতিশ্রুতি প্রদান কৰাৰ বিষয়টো উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে আজিৰ এই নিযুক্তিপত্র প্রদানৰ জৰিয়তে সেই প্রতিশ্রুতি পূৰণ কৰা হৈছে৷
মুখ্যমন্ত্রীয়ে কয় যে বিশ্বৰ তৃতীয় সর্বোচ্চ শৃংগ কাঞ্চনজংঘা আৰোহণ কৰি ভাস্কৰ বৰুৱা আৰু জয়ন্ত নাথে যি গৌৰৱ কঢ়িয়াই আনিলে, সেয়া নতুন প্রজন্মৰ বাবে সদায়ে প্রেৰণাৰ উৎস হৈ ৰব৷ তেওঁ কয় যে ৰাষ্ট্রপতি দ্রৌপদী মুর্মুয়ে যোৱা ৭ এপ্রিলত মাউণ্ট কাঞ্চনজংঘা অভিযানৰ ফ্লেগ অফ কৰিছিল৷ তেওঁ কয় যে বিশ্বৰ অন্যতম কঠিন শৃংগ হিচাপে পৰিচিত কাঞ্চনজংঘালৈ সমগ্র উত্তৰ–পূর্বাঞ্চলৰ পৰা অসম পর্বতাৰোহণ সংস্থাই প্রথমবাৰৰ বাবে এককভাৱে চলোৱা আৰু সফলতাৰে শিখৰ আৰোহণ কৰা প্রথমটো বৃহৎ অভিযানৰ সদস্যসকলে কাঞ্চনজংঘা আৰোহণ কৰি অসমৰ পর্বতাৰোহণৰ ক্ষেত্রখনত এক অনন্য অধ্যায়ৰ সূচনা কৰিলে৷ এই অভিযানৰ চীফ অৱ দ্যা মিছন হিচাপে দলটোৰ সফলতাত অত্যন্ত সুখী বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে ভাস্কৰ বৰুৱা আৰু জয়ন্ত নাথৰ লগতে মাউণ্ট কাঞ্চনজংঘা অভিযানৰ নেতৃত্ব বহন কৰা ৰাজ্যৰ অভিজ্ঞ পর্বতাৰোহণকাৰী মানস বৰুৱা, উপ দলপতিৰ লগতে সুচিকিৎসক তথা ৰাজ্যৰ অন্যতম অভিজ্ঞ পর্বতাৰোহণকাৰী ডাঃ জগদীশ বসুমতাৰী, দলটোৰ আন সদস্যসকল ক্রমে উপেন চক্রৱর্তী, কৌশিক দাস আৰু শেখৰ বৰদলৈক ধন্যবাদ জ্ঞাপন কৰে৷
ৰোহিণী কুমাৰ ভূঞা আৰু অতনু প্রসাদ বৰুৱাই অসমৰ প্রথমটো দুঃসাহসিক ক্রীডা সংগঠন অসম পর্বতাৰোহণ সন্থাৰ জন্ম দি অসমত পর্বতাৰোহণৰ ভেটি স্থাপন কৰিছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে এই যাত্রাপথে আজি ৰাজ্যখনত দুঃসাহসিক ক্রীডাৰ প্রতি অসমৰ নতুন প্রজন্মক আকর্ষিত কৰাৰ বাবে ৰাজ্যৰ পর্বতাৰোহীয়ে বিশ্বৰ সর্বোচ্চ শৃংগ মাউণ্ঢ এভাৰেষ্ট বিজয় কৰিবলৈ সক্ষম হৈছে৷ তেওঁ কয় যে বর্তমানলৈকে ৬ অসমীয়াই এভাৰেষ্ট আৰোহণ কৰিবলৈ সক্ষম হোৱাটো অসমবাসীৰ বাবে এক গৌৰৱৰ বিষয়৷ বিশ্বৰ সর্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট জয় কৰাটো এক কষ্টসাধ্য কাম বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে অজেয়ক জয় কৰা এক বিনন্দীয় অনুভৱে মানুহক দুর্গম আৰু দুঃসাধ্য অভিযান চলাবলৈ প্রেৰণা যোগাই আহিছে৷ সেই দুর্বাৰ বাসনাৰে মানুহে মাউণ্ঢ এভাৰেষ্ট বিজয় কৰিবলৈ অভিযান চলাই আহিছে৷ অৱর্ণনীয় প্রতিকূল পৰিৱেশ আৰু সম্ভাব্য মৃত্যু ভয়কো নেওচি মাউণ্ট এভাৰেষ্ট বিজয়ৰ বাবে অভিযানৰ ধাৰা অব্যাহত আছে বুলি তেওঁ কয়৷ মুখ্যমন্ত্রীয়ে কয় যে ৰাজ্যখনৰ ক্রীডাৰ সমৃদ্ধ ইতিহাস আৰু সম্ভাৱনাক বিজ্ঞানসন্মতভাৱে আগুৱাই নিয়াত ৰাজ্য চৰকাৰে গুৰুত্ব আৰোপ কৰিছে৷ গুজৰাটৰ খেল মহাকুম্ভৰ লগত সংগতি ৰাখি অসমত খেল মহাৰণ আয়োজন কৰাৰ পৰিকল্পনা কৰা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে এই মেগা ক্রীডা অনুষ্ঠানৰ লক্ষ্য হৈছে তৃণমূল পর্যায়ত জনসাধাৰণক সংগঠিত কৰা আৰু প্রতিভা চিনাক্তকৰণৰ বাবে পৰিৱেশ সৃষ্টি কৰা৷ ইয়াৰ অন্তর্গত ৰাজহ গাঁও পর্যায়ৰ পৰা আৰম্ভ কৰি ব্লকলৈকে, পৰৱর্তী পর্যায়ত জিলালৈকে আৰু শেষত ৰাজ্যিক পর্যায়লৈকে প্রতিযোগিতা অনুষ্ঠিত হব বুলি মুখ্যমন্ত্রীয়ে কয়৷ ৫ টা খেলেৰে অসমৰ ২৭ হাজাৰ গাঁৱৰ যুৱক–যুৱতীসকল অহা অক্টোবৰৰ পৰা তিনি মাহৰ বাবে এই খেল মহাৰণত ব্যস্ত হৈ পৰিব বুলি তেওঁ কয়৷ অনুষ্ঠানত মুখ্যমন্ত্রীয়ে ৩৬ সংখ্যক ৰাষ্ট্রীয় ক্রীড়াত পদক প্রাপ্ত অংকুশিতা বডো, চামনা ব্রহ্ম, ৰঙ্গীলা দৈমাৰী, আনন্দ কুমাৰ নার্জাৰী, বংগিতা হাজৰিকা, অনন্যা শইকীয়া, অদিনীতা কাকতি, দিপাংকৰ শর্মা আৰু বিক্রম চাংমাইক নিযুক্তিপত্র প্রদান কৰে৷ ক্রীড়া আৰু যুৱ কল্যাণ বিভাগৰ অতিৰিক্ত মুখ্য সচিব মনিন্দৰ সিঙে আদৰণী ভাষণ প্রদান কৰা অনুষ্ঠানত মন্ত্রী নন্দিতা গার্লোচা, পৰিমল শুক্লবৈদ্য, ইউ জি ব্রহ্ম, ছাত্র আৰু যুৱ কল্যাণ উপদেষ্টা পৰিষদৰ সদস্য সচিব গীতার্থ গোস্বামী, অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ, কেইবাগৰাকী ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় খেলুৱৈ, ক্রীড়াবিদ প্রমুখ্যে গণ্য–মান্য ব্যক্তি উপস্থিত থাকে৷