নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তেজপুৰ কেঞ্চাৰ হাস্পতাল পৰিদৰ্শন বিজেপিৰ সাধাৰণ সম্পাদক ঋতুৰাজ সিনহাৰ

বিশেষ বাৰ্তা, ১১ জুনঃ বিজেপিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ঋতুৰাজ সিনহাই আজি শোণিতপুৰ জিলাৰ টুমুকীস্থিত তেজপুৰ কেঞ্চাৰ হাস্পতালত উপস্থিত হৈ কেঞ্চাৰ হাস্পতালখনৰ সকলো চিকিৎসক ,কৰ্মচাৰী তথা বিষয়ববীয়া সকলক লগ কৰাৰ লগতে কাম-কাজ সমূহ পৰিদৰ্শন কৰে। কেন্দ্ৰীয় সম্পাদক ঋতুৰাজ সিনহাৰ সৈতে উপস্থিত থাকে বৰছলাৰ বিধায়ক গণেশ লিম্বুৰ লগতে বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ কিশোৰ উপাধ্যায় প্ৰমুখ্যে ব্যক্তিসকল৷ কেন্দ্ৰীয় সম্পাদকগৰাকীয়ে কেঞ্চাৰ হাস্পতালখনৰ সমূহ চিকিৎসক তথা কেঞ্চাৰ হাস্পতালৰ বিষয়-ববীয়া সকলৰ সৈতে কাম-কাজ পৰিদৰ্শন কৰাৰ লগতে চিকিৎসালয়খনৰ সামগ্ৰীক দিশসমূহ আলোচনা কৰে। তেজপুৰ কেঞ্চাৰ হাস্পতাল পৰিদৰ্শন কৰি সংবাদমাধ্যমত সম্পাদক ঋতুৰাজ সিনহাই কয় যে, টাটা ফাউণ্ডেশ্যনৰ দ্বাৰা নিৰ্মিত এই কেঞ্চাৰ হাস্পতালৰ জৰিয়তে বহু মানুহ উপকৃত হোৱা দেখিবলৈ পোৱা গৈছে।ইয়াৰ লগতে প্ৰধান মন্ত্ৰীৰ আয়ুষ্মান ভাৰত যোজনাৰ জৰিয়তে ৫ লাখ টকা লৈকে  বিনামূলীয়াকৈ চিকিৎসা লাভ কৰিবলৈ দৰিদ্ৰ লোকে এই‌‌ হাস্পতালখনত সুবিধা লাভ কৰিছে । ইয়াৰোপৰি বিভিন্নজনে জীৱন আৰু জীৱিকাৰ সন্ধান পাবলৈ সক্ষম হৈছে। টাটা ফাউণ্ডেশ্যনৰ কেঞ্চাৰ হস্পিতাল নিৰ্মাণ কৰা পদক্ষেপ এক যুগান্তকাৰী পদক্ষেপ বুলি মন্তব্য আগবঢ়ায় বিজেপিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ঋতুৰাজ সিনহাই।

প্ৰেৰক কল্পজ্যোতি নাথ

You might also like