🔷 লুইতৰ বুকুত ফেৰীত উঠি নির্মাণকার্য পৰিদর্শন মুখ্যমন্ত্রীৰ
বিশেষ বাৰ্তা, ১২ জুনঃ গুৱাহাটী–উত্তৰ গুৱাহাটী সংযোগী নির্মীয়মাণ দলংখনৰ কাম–কাজৰ অগ্রগতিৰ বুজ লোৱাৰ উদ্দেশ্যে কালি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই দলংখনৰ নির্মাণস্থলী পৰিদর্শন কৰে৷ গুৱাহাটীৰ লাচিত ঘাটৰ পৰা লুইতৰ বুকুৰে ফেৰীত উঠি উত্তৰ গুৱাহাটীৰ দিশত থকা প্রকল্পস্থলীলৈ গৈ মুখ্যমন্ত্রী ড০ শর্মাই দলংখনৰ লগত জড়িত নির্মাণকাৰী সংস্থাৰ প্রতিনিধি আৰু লোকনির্মাণ বিভাগৰ বিষয়াসকলৰ লগত দলংখনৰ নির্মাণ প্রক্রিয়াৰ বিভিন্ন দিশৰ ওপৰত আলোচনা কৰে ৷ উক্ত স্থানত লোকনির্মাণ বিভাগে এক পাৱাৰপইণ্ট প্রেজেণ্টেচনৰ জৰিয়তে দলংখনৰ বর্তমানলৈকে নির্মাণকার্যৰ অগ্রগতিকে ধৰি বিভিন্ন বিষয় সম্পর্কে মুখ্যমন্ত্রী ড০ শর্মাক অৱগত কৰায় ৷ ইয়াৰ পিছত উপস্থিত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে নিউ ডেভেলপমেণ্ট বেংক আৰু অসম চৰকাৰৰ যুটীয়া অর্থ সাহায্যৰে নির্মাণ কৰি থকা এই দলংখনে বর্তমানলৈকে বিত্তীয় দিশৰ ফালৰ পৰা ৭৩ শতাংশ কামৰ অগ্রগতি লাভ কৰিছে ৷ দলংখনৰ মুঠ প্রকল্প ব্যয়ৰ ২৬০০ কোটি টকাৰ ভিতৰত বর্তমানলৈকে ১৯০০ কোটি টকা খৰচ হৈছে ৷ দলংখনৰ নির্মাণকার্যত জড়িত হৈ থকা এছ পি চিংলা নামৰ প্রতিষ্ঠানটোৱে নির্মাণ কৰি থকা বিহাৰৰ এখন দলং নির্মীয়মাণ অৱস্থাতে ভাগি পৰা ঘটনাৰ প্রতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে গুৱাহাটী–উত্তৰ গুৱাহাটী সংযোগী দলংখনৰ নির্মাণৰ ক্ষেত্রত অধিক সতর্কতা অৱলম্বনত গুৰুত্ব প্রদান কৰিছে ৷ এই সন্দর্ভত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে দলংখনৰ নির্মাণকার্য যাতে উচ্চমানৰ হয়, সেই সন্দর্ভত পৰীক্ষণৰ ব্যৱস্থা কৰাৰ লগতে যিকোনো সম্ভাব্য বিপদ–আশংকা দূৰ কৰাৰ দিশত দলংখনৰ নক্সাকে ধৰি বিভিন্ন দিশ সামৰি ৰিস্ক মেনেজমেণ্টৰ ক্ষেত্রত ভাৰতবর্ষৰ যিকোনো এখন আই আই টিৰ দ্বাৰা পুনৰ এবাৰ পৰীক্ষাৰ ব্যৱস্থা কৰিব ৷ দলংখনৰ প্রাৰম্ভিক নক্সা ছিংগাপুৰৰ স্মাক্স নামৰ কোম্পানী এটাই কৰাৰ লগতে ডিজাইন টাইৱানৰ ৱাইকন নামৰ কোম্পানীটোৱে কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ব্রাজিলৰ সৃষ্টা নামৰ এটা কোম্পানীয়ে দলংখনৰ অগ্রগতিৰ খতিয়ান লৈ আছে ৷ সেয়ে এই দলংখনক লৈ কোনো শংকাৰ কাৰণ নাই বুলি মই ভাবোঁ৷ বিহাৰৰ দলংখনতকৈ এই দলংখনৰ ডিজাইন সম্পূর্ণ পৃথক৷ দলংখনৰ নির্মাণকার্য ১২ৰ পৰা ১৪ মাহৰ ভিতৰত সম্পূর্ণ হ’ব বুলি আশা প্রকাশ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ২০২৪ৰ আগষ্ট মাহত নির্মাণকার্য সম্পূর্ণ হ’ব লাগে ৷ তথাপি চৰকাৰে ছেপ্টেম্বৰৰ পৰা নৱেম্বৰৰ ভিতৰত সম্পূর্ণ হ’ব বুলি আশা কৰিছে ৷ যোৱা বছৰ বানপানী এপ্রিল মাহৰ শেষ ভাগত অহাৰ বাবেই কামত কিছু বিলম্ব হয়৷ কিন্তু এতিয়া নির্মাণকার্য যিহেতু পানীৰ ওপৰতহে চলি আছে, সেয়ে এইবাৰ বিশেষ অসুবিধা নহ’ব ৷ মুখ্যমন্ত্রী ড০ শর্মাৰ সৈতে দলংখন পৰিদর্শনকালত জলসম্পদমন্ত্রী পীয়ূষ হাজৰিকাও উপস্থিত থাকে ৷