নিয়মীয়াবাৰ্তা, ১২ জুন : “সুৰক্ষিত শৈশৱ, সোণালী অসম” শীৰ্ষক শিশু সুৰক্ষাৰ ৯০ দিনীয়া প্ৰচাৰ অভিযানৰ আজি তিনিচুকীয়া জিলাত শুভাৰম্ভ কৰে তিনিচুকীয়া জিলাৰ উপায়ুক্ত স্বপ্নীল পালে। এই উপলক্ষে তিনিচুকীয়া জিলা প্ৰশাসন আৰু জিলা শিশু সুৰক্ষা গোট, তিনিচুকীয়াৰ উদ্যোগত তথা ৰাজ্যিক শিশু সুৰক্ষা সমিতি, মহিলা আৰু শিশু বিকাশ বিভাগ অসমৰ সহযোগত তিনিচুকীয়াৰ জ্ঞানাংকুশ আৱাসিক বিদ্যালয়ৰ সভাকক্ষত এক বিশেষ কাৰ্য্যসূচী অনুষ্ঠিত কৰা হয়। কাৰ্য্যসূচীত ভাৰপ্ৰাপ্ত জিলা শিশু সুৰক্ষা বিষয়া বেদান্ত কলিতাই আদৰণী ভাষণ আগবঢ়াই এই ৯০ দিনীয়া প্ৰচাৰ অভিযানত সমাজৰ সকলো স্তৰক প্ৰভাৱিত কৰিব পৰাকৈ শিশু সুৰক্ষা সম্বন্ধীয় সজাগতা কাৰ্য্যসূচী হাতত লোৱা হব বুলি উল্লেখ কৰে। আইনী তথা প্ৰবেচন বিষয়া সত্যনাৰায়ণ বৰাই আঁত ধৰা অনুষ্ঠানত শ্ৰম বিভাগৰ সহকাৰী শ্ৰম আয়ুক্ত ড০ ভাস্কৰ মিলি, জিলা শিশু সুৰক্ষা সমিতিৰ সভাপতি উত্তম দুৱাৰা, জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব ফৰহানুদ্দিন চৌধুৰী, জিলা পৰিষদৰ উপ মুখ্য কাৰ্যবাহী বিষয়া অসীম শৰ্মা, জ্ঞানাংকুশ আৱাসিক বিদ্যালয়ৰ সচিব সঞ্জীৱ ছেত্ৰী, বিদ্যালয়ৰ অধ্যক্ষ পৱিত্ৰ বৰুৱা প্ৰমুখ্যে জিলা শিশু সুৰক্ষা বিভাগৰ অন্যান্য বিষয়াবৰ্গ তথা জ্ঞানাংকুশ আৱাসিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু আৱাসী ছাত্ৰসকল উপস্থিত থাকে। জিলা উপায়ুক্ত স্বপ্নীল পালে এই ৯০ দিনীয়া প্ৰচাৰ অভিযানৰ শুভাৰম্ভ কৰি বিদ্যালয়খনৰ ছাত্ৰসকলৰ সৈতেও মত বিনিময় কৰে। বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা এই কাৰ্যসূচীত জ্ঞানাংকুশ আৱাসিক বিদ্যালয়ৰ ছাত্ৰসকলে গীত পৰিৱেশন কৰে।
প্ৰেৰক সুৰজ দাস