নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত ভাৰত-ভূটান-বাংলাদেশৰ প্ৰতিনিধিৰে বৈঠক সৰ্বানন্দ সোণোৱালৰ

নিয়মীয়া বাৰ্তা, ১২ জুনঃ আজি ধুবুৰীৰ ভাৰতীয় অন্তৰ্দেশীয় জলমাৰ্গৰ জাহাজঘাটত এক গুৰুত্বপূৰ্ণ বৈঠকত অংশ লয় কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ, আয়ুষ মন্ত্ৰালয়ৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। নদী বন্দৰটোৰে জড়িত ভাৰত, ভূটান আৰু বাংলাদেশৰ আমদানি-ৰপ্তানীকাৰকৰ প্ৰতিনিধি বৰ্গৰ সৈতে মত বিনিময় কৰে তেওঁ। আশা কৰা হৈছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ আজিৰ এই বৈঠকখনৰ পিছত ভাৰত তথা ৰাজ্যৰ সৈতে ধুবুৰীৰে বৰলুইতেৰে বাংলাদেশৰ সৈতে চলি থকা আমদানী-ৰপ্তানীৰ ক্ষেত্ৰখনত এক নতুন দিগন্তৰ সৃষ্টি কৰিব। বৈঠকখনৰ পিছত ধুবুৰীৰ ভাৰতীয় অন্তৰ্দেশীয় জলমাৰ্গৰ জাহাজঘাট প্ৰসংগত আয়োজিত এখন সভাত অংশ লয় তেওঁ। বন্তি প্ৰজ্বলেনেৰে শুভাৰম্ভ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নিজৰ ভাষণত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সুদক্ষ নেতৃত্বত ভাৰত সমগ্ৰ বিশ্বত উজলি উঠাৰ বিষয়টে উল্লেখ কৰে। এই বন্দৰটোৰ পুৰণি গৌৰৱজ্জল ইতিহাসৰ বিষয়টো উল্লেখ কৰি তেওঁ ধুবুৰীৰ ভাৰতীয় অন্তৰ্দেশীয় জলমাৰ্গৰ জাহাজঘাটৰ আধুনীকৰণৰ কাম হাতত লোৱা হ’ব বুলি ঘোষণা কৰে। নিজৰ ভাষণত সভাখনত উপস্থিত থকা ভূটান আৰু বাংলাদেশৰ আমদানী-ৰপ্তানীকাৰকৰ প্ৰতিনিধি বৰ্গক তেওঁলোকে বিচৰা সুবিধাখিনি নিশ্চিত ভাৱে দিয়া হ’ব বুলিও আশ্বস্ত কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। তেওঁ ধুবুৰী জিলাৰ নিবনুৱা যুৱক-যুৱতীয়ে এই নদী বন্দৰটোৰে আমদানি-ৰপ্তানীৰ ব্যৱসায় কৰি স্বাৱলম্বিতা লাভ কৰিব পৰাৰ বিষয়টো ৰাইজৰ ওচৰলৈ নিয়াৰ বাবে উপস্থিত সাংবাদিকসকলোক আহ্বানো জনায়। আজিৰ এই সভাখনত ভাৰতীয় অন্তৰ্দেশীয় জলমাৰ্গ প্ৰাধিকৰণৰ অধ্যক্ষ সঞ্জয় বন্দোপাধ্যায়, ভাৰতীয় অন্তৰ্দেশীয় জলমাৰ্গ প্ৰাধিকৰণৰ কাৰিকৰী সদস্য আশুতোষ গৌতম, অসম চৰকাৰ আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ সঞ্চালক পাৰ্থ পেগু, এপিএলৰ অধ্যক্ষ বিপুল ডেকা, ধুবুৰী জিলাৰ উপায়ুক্ত দিৱাকৰ নাথ, ধুবুৰী পৌৰসভাৰ অধ্যক্ষ ডাঃ দেৱময় সান্ন্যাল, বিজেপিৰ ধুবুৰী জিলাৰ সভাপতি প্ৰসেনজিৎ দত্ত, বিজেপিৰ জ্যেষ্ঠ নেতা বিমল ওছ’ৱাল, ধুবুৰী জিলাৰ দুই প্ৰাক্তন বিজেপি বিধায়ক অশ্বিনী ৰায় সৰকাৰ আৰু অশোক কুমাৰ সিংহী প্ৰমুখ্যে বহু মান্যগণ্য ব্যক্তিকে ধৰি ভূটান আৰু বাংলাদেশ আমদানি-ৰপ্তানীকাৰকৰ প্ৰতিনিধি বৰ্গ উপস্থিত আছিল। সভাখনৰ অন্তত জল বন্দৰটোত দুপৰীয়া আহাৰ গ্ৰহণ কৰি পোনে চহৰখনৰ তেতুলতলাস্থিত বিজেপিৰ জিলা কাৰ্য্যালয় লৈ যায় আৰু দলীয় কাৰ্য্যকৰ্তাৰে এখন বৈঠকত অংশ লয় তেওঁ। বৈঠকখনৰ অন্তত তেওঁ ধুবুৰীৰ ঐতিহ্যমণ্ডিত নামঘৰত উপস্থিত হৈ সেৱাও আগবঢ়ায়আগবঢ়ায় আৰু নামঘৰটোৰ নবনির্মিত সাংস্কৃতিক কেন্দ্ৰটোৰ উদ্বোধন কৰে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like