নিয়মীয়া বাৰ্তা, ১৩ জুন : বৰপেটা জিলা উপায়ুক্ত আয়ুষ গৰ্গে আজি ভেল্লা উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিদৰ্শন কৰি উচ্চতৰ মাধ্যমিক শাখাৰ দ্বাদশ শ্ৰেণীৰ ৰসায়ন বিজ্ঞান আৰু ইংৰাজীৰ পাঠদান কৰি ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰে। ইয়াৰ উপৰি উপায়ুক্তগৰাকীয়ে ছাত্ৰ ছাত্ৰীসকলক কেৰিয়াৰৰ লক্ষ্যত ভবিষ্যতে উপনীত হবলৈ মনোনিৱেশ কৰিবলৈ পৰামৰ্শ দিয়ে ৷ তেওঁ ছাত্ৰ ছাত্ৰীসকলৰ উন্নত আৰু উজ্জ্বল ভবিষ্যত কামনা কৰে৷ পিছত তেওঁ জিলাখনৰ বাটগাওঁলৈ গৈ বাটগাওঁ এম ই স্কুল পৰিদৰ্শন কৰাৰ লগতে স্থানীয় জনসাধাৰণৰ সৈতে মত বিনিময় কৰে। আজিৰ এই ভ্ৰমণ কালত উপায়ুক্তগৰাকীয়ে ২৪নং বাটগাওঁ অংগনবাড়ী কেন্দ্ৰ পৰিদৰ্শন কৰাৰ লগতে কেন্দ্ৰৰ ষ্টক আৰু কৰ্মী সকলক প্ৰশিক্ষণ প্ৰদান কৰি তেওঁলোকক অধিক শক্তিশালী কৰিবলৈ আহ্বান জনায়৷ উপায়ুক্ত গৰাকীয়ে জল জীৱন মিছনৰ আঁচনি পৰিদৰ্শন কৰে আৰু চেঙা বামপাৰা আৰু হৰিপুৰ পি ডব্লিউ এছ এছ আঁচনিসমূহ পৰিদৰ্শন কৰে৷ ইপিনে বহৰিত উপস্থিত হৈ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া পৰিদৰ্শন কৰাৰ লগতে এচ ডি আৰএফ আঁচনি সম্পূৰ্ণ কৰা আৰু বহৰিৰ পৰা বাঘবৰলৈ বান্ধ সন্দৰ্ভত মূল্যৱান পৰামৰ্শ আগবঢ়ায় ৷ আজি এই ভ্ৰমণ কালত বৰপেটা জিলাৰ অতিৰিক্ত উপায়ুক্ত লখিমী দত্ত, শিক্ষা বিভাগৰ বিষয়া সকলৰ লগতে অন্যান্য বিষয়া সকল উপস্থিত আছিল ৷
প্ৰেৰক আফতাব হুছেইন