নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বাধীনতা সংগ্ৰামত অসমবাসীয়ে দুখন মৰণপণ যুঁজ দিব লগা হৈছিল : নৰেশ কলিতা

✅সাহিত্য অকাডেমি আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যুটীয়া উদ্যোগত ‘ভাৰতৰ স্বাধীনতা আন্দোলনলৈ অসমীয়া সাহিত্যৰ বৰঙনি’ শীৰ্ষক আলোচনা-চক্ৰ

✅নিয়মীয়া বাৰ্তাৰ সম্পাদক নৰেশ কলিতাৰো অংশগ্ৰহণ 

বিশেষ বাৰ্তা, ১৩ জুনঃ দেশৰ স্বাধীনতা সংগ্ৰামত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ বিশেষ ভূমিকা আছিল। ১৯৪৫ত বিপ্লৱী কমিউনিষ্ট দলৰ প্ৰতি আকৰ্ষিত কলাগুৰু ৰাভাই ব্ৰিটিছে পৰাধীনতাৰ শিকলিৰে দেশবাসীক বান্ধি ৰখাটো বিচৰা নাছিল। স্বাধীনতা সংগ্ৰামৰ জুই সমগ্ৰ দেশ বিয়পি পৰাৰ সময়ত ৰাভাই নিজেও এই সংগ্ৰামখনত জড়িত হৈছিল- নিয়মীয়া বাৰ্তাৰ সম্পাদক নৰেশ কলিতাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইন্দিৰা মিৰি প্ৰেক্ষাগৃহ আয়োজিত সাহিত্য অকাডেমিৰ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এইদৰে বক্তব্য ৰাখে। সাহিত্য অকাডেমি আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যুটীয়া উদ্যোগত আয়োজন কৰা ‘ভাৰতৰ স্বাধীনতা আন্দোলনলৈ অসমীয়া সাহিত্যৰ বৰঙনি’ শীৰ্ষক আলোচনা চক্ৰত সম্পাদক নৰেশ কলিতাই পুনৰ কয়- ব্ৰিটিছৰ লগ লাগি স্বাধীনতা সংগ্ৰামৰ বিৰুদ্ধে চক্রান্ত চলোৱা দেশীয় চক্ৰটোৰ বিৰুদ্ধে ৰাভা আছিল অতি কঠোৰ। ব্ৰিটিছৰ লগতে চক্রান্তকাৰী এই দেশীয় চক্ৰটোক উৎখাত অবিহনে দেশবাসীয়ে যে প্রকৃত স্বাধীনতা লাভ নকৰে সেয়া ২১ বছৰতে স্পষ্ট কৰি দিছিল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই। দেশৰ প্ৰাক্‌স্বাধীনতাৰ শতিকাত প্ৰকাশিত অসমৰ সংবাদপত্রসমূহ পর্যালোচনা কৰিলে এই কথা স্পষ্ট হয় যে সেই সময়ছোৱাত অসমবাসীয়ে দেশৰ স্বাধীনতা আৰু অসমৰ স্বতন্ত্ৰতা ৰক্ষাৰ বাবে দুখন মৰণপণ যুঁজ দিব লগা হৈছিল। ব্ৰিটিছৰ বিৰুদ্ধে চলা প্ৰথমখন যুদ্ধত দেশবাসী আছিল যদিও গ্রুপিঙৰ জৰিয়তে অসমখনক পূব পাকিস্তানৰ অন্তর্ভুক্ত কৰিবলৈ চলোৱা যুঁজখন আছিল অতি ভয়ানক বুলি উল্লেখ কৰি কয়- কিয়নো এই যুঁজখন দেশৰ কেইবাজনো আগশাৰীৰ নেতাৰ সমৰ্থন অবিহনে অসমবাসীয়ে যুঁজিছিল। ১৯৩৮৩ মুছলিম লীগে অসমক পাকিস্তানৰ অন্তৰ্ভুক্ত কৰিবলৈ চলোৱা গভীৰ চক্ৰান্তত সাৰ-পানী যোগান ধৰিছিল ব্ৰিটিছে। এই ষড়যন্ত্ৰৰ জালখন দেশে স্বাধীনতা লাভ কৰা পৰ্যন্ত অব্যাহত আছিল। দেশ বিভাজনৰ নামত মুছলিম লীগৰ মহম্মদ জিন্নাই অসমক পাকিস্তানৰ অন্তৰ্ভুক্ত কৰিবলৈ লোৱা হঠকাৰী প্ৰস্তাৱৰ বিৰুদ্ধে অসমৰ বিবেকৱান লোকসকল জাঙুৰ খাই উঠিছিল। ১৯৪৭ চনৰ ৩ মে’ত ‘দৈনিক অসমীয়া’ কাকতৰ প্ৰথম পৃষ্ঠাত °“মিঃ জিন্নাৰ শেহতীয়া বলিয়ালিৰ প্ৰতিক্ৰিয়া’, ‘পঁইত্রিশ হাজাৰ গুৰ্খা অসমৰ হকে মৰিবলৈ সাজু, ট্রাইবেলসকল পৱিত্ৰ অসমভূমি ৰক্ষাৰ্থে দৃঢ়প্রতিজ্ঞ’ বাতৰি শিৰোনামৰ উদ্ধৃতি দি কয় যে গ্রুপিঙৰ এনে চক্ৰান্তত ছাদুল্লা চৰকাৰে সমৰ্থন দিছিল। ইয়াৰ বিপৰীতে অসম আৰু অসমীয়াৰ স্বাধিকাৰ প্ৰতিষ্ঠাৰ জৰিয়তে কঠোৰ স্থিতি গ্ৰহণ কৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈক সমর্থন দিছিল মহাত্মা গান্ধী, নেতাজী সুভাষ চন্দ্ৰ বসুৰ দৰে জননেতাই বুলি আলোচনা চক্ৰত নিয়মীয়া বাৰ্তাৰ সম্পাদক নৰেশ কলিতাই ব্যক্ত কৰে। সাহিত্য অকাডেমি আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যুটীয়া উদ্যোগত স্বাধীনতাৰ অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি আয়োজন কৰা “ভাৰতৰ স্বাধীনতা আন্দোলনলৈ অসমীয়া সাহিত্যৰ বৰঙণি” শীৰ্ষক দুদিনীয়া আলোচনা চক্ৰৰ আজি সামৰণি পৰে। আজি দ্বিতীয় দিনটিত বিশিষ্ট শিক্ষাবিদ প্রাধ্যাপক ভীমকান্ত বৰুৱাৰ সঞ্চালনাত অনুষ্ঠিত “ভাৰতৰ স্বাধীনতা আন্দোলনৰ আবেগ আৰু অসমীয়া নাট্য সাহিত্য” শীৰ্ষক প্ৰথম পৰ্বত বিশিষ্ট গল্পকাৰ ঔপন্যাসিক মনালিছা শ‍ইকীয়া আৰু শিক্ষাবিদ ডঃ ৰঞ্জন কলিতাই গৱেষণা পত্ৰ পাঠ কৰি অসমীয়া নাটকৰ প্ৰসংগ হিচাপে স্বাধীনতা আন্দোলনৰ বিভিন্ন বিষয় কিদৰে অধ্যয়ন কৰা হৈছিল সেই সম্পর্কে মনোজ্ঞ আলোচনা আগবঢ়ায়। দ্বিতীয় পর্বত” সমকালীন অসমীয়া সম্বাদপত্ৰ আৰু ভাৰতৰ স্বাধীনতা আন্দোলন” বিষয়ত আলোচনা আগবঢ়ায় বিশিষ্ট শিক্ষাবিদ ডঃ চন্দন কুমাৰ শৰ্মা, সাংবাদিক নৰেশ কলিতা আৰু সাংবাদিক প্রকাশ মহন্তই। তিনিগৰাকী বক্তাই জাতীয় চেতনাৰ জাগৰণ অনাত অম্বিকাগিৰী ৰায়চৌধুৰীকে ধৰি অন্যান্য সমাজকর্মী, সাংবাদিক সকলৰ অৱদানৰ বিশ্লেষণ আগবঢ়ায়। পর্বটি সঞ্চালনা কৰে বিশিষ্ট সাংবাদিক সমুদ্র গুপ্ত কাশ্যপে। আলোচনা চক্ৰৰ শেষত আয়োজক সমিতিৰ হৈ ডঃ লক্ষীপ্রিয়া গগৈয়ে শলাগৰ শৰাই আগবঢ়ায়।

প্ৰেৰক বিভাস দুৱৰা।

You might also like