নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীত খোজেপতি বিপদ : মালিগাঁৱত নির্মীয়মাণ উৰণ সেতুৰ লোৰ প্লেট খহি আহত ২

বিশেষ বার্তা, ১৩ জুনঃ গুৱাহাটীত এতিয়া খোজেপতি বিপদৰ আশংকা। মালিগাঁৱত নির্মীয়মান উৰণসেতুৰ লোৰ প্লেট খহি দুজন লোক গুৰুতৰভাৱে আহত হয়৷ আজি বিয়লি প্রায় ৩.৩০ বজাত উৰণসেতুৰ নির্মাণকার্য চলি থকাৰ সময়তে হঠাৎ এখন বৃহৎ লোৰ প্লেট খহি পৰে৷ এই দুর্ঘটনাটোত নয়ন দাস (২৩) আৰু জিতু দাস (২০) নামৰ দুজন লোক গুৰুতৰভাৱে আহত হয়৷ স্থানীয় ৰাইজে লোৰ প্লেট আতৰাই দুয়োজনকে উদ্ধাৰ কৰি ততাতৈয়াকৈ মালিগাঁৱৰ স্বাগত হাস্পতালত ভর্তি কৰে৷ আহত দুয়োৰে মূৰ, বুকু, পেট আৰু ককালকে ধৰি শৰীৰৰ বিভিন্ন অংগত আঘাত পাইছে৷ আহত জিতু দাসৰ অৱস্থা সংকটজনক বুলি হাস্পতাল কর্তৃপক্ষই জানিবলৈ দিছে৷ সম্প্রতি জিতু দাস স্বাগত হাস্পতালৰ আইচিইউত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে৷ ইফালে লোৰ প্লেট খহি পৰাৰ সময়ত উক্ত স্থানত উপস্থিত হোৱা এএছ ০১ এফজে ৭০২৮ নম্বৰৰ বাহনখনো ক্ষতিগ্রস্ত হয়৷ অৱশ্যে সৌভাগ্যক্রমে বাহনখনৰ আৰোহীকেইগৰাকী ৰক্ষা পৰে৷ ঠিকাদাৰী প্রতিষ্ঠানৰ গাফিলতিৰ বাবেই এই দুর্ঘটনাটো সংঘটিত হোৱা বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে৷ আহত দুয়োজন উৰণসেতুৰ নির্মাণৰ কামত নিয়োজিত শ্রমিক আছিল৷ উল্লেখ্য যে লোৰ প্লেট খহি পৰাৰ সময়ত উক্ত স্থানত জনসমাগম নথকাৰ বাবে এক ভয়াৱহ বিপদৰ পৰা ৰক্ষা পৰে বহু লোক৷ ঘটনাৰ পিছতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ঘটনাস্থলীত উপস্থিত হয়৷ মুখ্যমন্ত্রী ড০ শর্মাই ঘটনাস্থলীৰ সমগ্র পৰিস্থিতিৰ বুজ লৈ এই ঘটনাক দুর্ভাগ্যজনক বুলি মন্তব্য কৰে৷ মুখ্যমন্ত্রী ড০ শর্মাই লগতে আহত দুয়োগৰাকীৰ স্বাস্থ্যৰ বুজ লয়৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে মহানগৰীৰ অতি ব্যস্ততাপূর্ণ অঞ্চল মালিগাঁৱত উৰণসেতু নির্মাণ কৰাতো অত্যন্ত কঠিন কাম৷ দিনে নিশাই উৰণসেতু নির্মাণৰ কাম চলি আছিল৷ আজি দুর্ভাগ্যজনকভাৱে এই ঘটনা সংঘটিত হয়৷ সেয়েহে বিকল্প ব্যৱস্থাৰে নির্মাণৰ কাম কাজ কৰাৰ ব্যৱস্থাৰ চিন্তা–চর্চা কৰিব লাগিব বুলি মুখ্যমন্ত্রী ড০ শর্মাই মন্তব্য কৰে৷ সাময়িকভাৱে নিশা ১০ বজাৰ পৰা পুৱা ৬ বজাৰ পৰা এটা দিশৰ পথ বন্ধ কৰি উৰণসেতু নির্মাণৰ কাম কৰিবলৈ মুখ্যমন্ত্রী ড০ শর্মাই নির্দেশ দিয়ে৷ তদুপৰি অম্বুবাসীৰ সময়ত উৰণসেতু নির্মাণৰ কাম বন্ধ ৰাখিবলৈ বিভাগীয় কর্তৃপক্ষক নির্দেশ দিয়ে৷ উল্লেখ্য যে অহা দুমাহৰ ভিতৰত মালিগাঁও উৰণসেতু নির্মাণৰ কাম সম্পূর্ণ হোৱাৰ কথা আছিল৷ ২৮ আগষ্টত মুখ্যমন্ত্রী ড০ শর্মাই উৰণসেতুখন যাতায়তৰ বাবে মুকলি কৰাৰ কথা আছিল৷ এই দুর্ঘটনাৰ পিছত নির্মাণৰ কাম কেৱল নিশাৰ ভাগতহে চলিব৷ সেয়েহে ছেপ্ঢেম্বৰ মাহৰ ভিতৰত মালিগাঁও উৰণসেতু যাতায়তৰ বাবে মুকলি কৰি দিয়াৰ কথাও মুখ্যমন্ত্রী ড০ শর্মাই সদৰী কৰে৷

You might also like