বর্তমান সময়ত প্রযুক্তিবিদ্যাৰ প্রতি সচেতন হৈ থকাসকলৰ মাজত আলোচিত শব্দ দুটা হ’ল কৃত্রিম বুদ্ধিমত্তা, ইংৰাজীত কোৱা হয় আর্টিফিচিয়েল ইণ্টেলিজেঞ্চ৷ ইয়াৰ সংক্ষিপ্ত ৰূপটো অধিক জনপ্রিয়– এআই৷ সহজ কথাত এআই হৈছে কম্পিডটাৰ বিজ্ঞানৰ এক নতুন অংশ, যিয়ে মানুহৰ জ্ঞান আৰু বৌদ্ধিক ক্ষমতা অনুকৰণ কৰিব পৰা বুদ্ধিমত্তাসম্পন্ন যন্ত্র সৃষ্টি কৰাত গুৰুত্ব আৰোপ কৰে৷ হয়াৰ লগত এনে কিছু অনুষংগ জডিত হৈ থাকে, যিয়ে যন্ত্রক মানুহৰ দৰে শিকিব পৰা, যুক্তি দিব পৰা আৰু সিদ্ধান্ত ল’ব পৰা অৱস্থালৈ নিব পাৰে৷ এআই–এ বিপুল পৰিমাণৰ তথ্য বিশ্লেষণ কৰিবলৈ, আর্হি চিনাক্ত কৰিবলৈ আৰু অর্থপূর্ণ অন্তর্দৃষ্টি আহৰণ কৰিবলৈ কম্পিউটাৰ ছফটৱেৰক সক্ষম কৰি তোলে৷ মানৱ জীৱনত হয়াৰ সম্ভাব্য প্রভাৱ অতি গভীৰ৷ যন্ত্রযোগে সম্পাদন কৰিব পৰা কামৰ দক্ষতা বৃদ্ধি কৰাৰ লগতে মানুহৰ কল্পনাৰ কিছুমান ধাৰণাকো এআই–এ কম্পিউটাৰ স্ক্রীনত দৃশ্যমান কৰি তোলে৷ কম্পিউটাৰৰ এই বিকাশৰ বাবে বহুতে এআহক মানৱ জাতিৰ বাবে সৃষ্টি হোৱা নতুন ফ্রাংকেনষ্টাইন বুলিও আখ্যা দিছে৷ বিভিন্ন এআই আহিলাৰ বিজ্ঞাপন আৰু এআই শিক্ষাদানৰ ব্যৱসায়িক উদ্যোগবোৰে এটা কথাতে জোৰ দি আছে যে এই শিক্ষা লাভৰ দ্বাৰা কর্মক্ষেত্রত অধিক দৰমহা পোৱাৰ সুবিধা হ’ব৷ একেদৰে আন এটা কথাও কোৱা হৈছে যে এআই নজনা বাবে বহু কর্মচাৰীক চাকৰিৰ পৰা বিদায়ো দিয়া হৈছে৷ বিপদৰ আশংকাৰে উপভোক্তাৰ মনযোগ আকর্ষণ কৰিব বিচৰাটো বিজ্ঞাপন পৰিচালনাৰ এটা পুৰণি কৌশল৷ কিন্তু এই আতংকৰ পৰিৱেশ চলাই থকাৰ মাজতো এআই আহিলাবোৰৰ ব্যৱহাৰ দ্রুত গতিত বৃদ্ধি পাইছে৷ কিছু বছৰ আগতে বেংকত কম্পিউটাৰ ব্যৱহাৰৰ আৰম্ভণি কৰিব খোজা সময়ত প্রগতিশীল বুলি ঘোষণা কৰি থকা বামপন্থী সংগঠনসমূহে ইয়াৰ বিৰোধিতা কৰিছিল৷ কিন্তু এতিয়া বেংকত কম্পিউটাৰ ব্যৱহাৰৰ ফল সকলোৱে উপভোগ কৰিছে৷ ইতিহাসৰ পৰা শিক্ষাগ্রহণ কৰিলে এআইৰ ক্ষেত্রত ইয়াৰ পুনৰাবৃত্তি নঘটিব৷
প্রযুক্তিবিদ্যাৰ লগত বিশেষজ্ঞসুলভ সম্বন্ধ নথকা সাধাৰণ মানুহৰ বাবেও এআহ মূল্যৱান আহিলা হোৱাৰ সম্ভাৱনা আছে৷ কিন্তু হ কেনে ধৰণৰ ফল প্রদর্শন কৰিব পাৰে, তাক বিচাৰ কৰিব পৰা যাব প্রয়োগৰ ওপৰত নির্ভৰ কৰাৰ পিছত৷ এটা সময়ত কেৱল বিজ্ঞানীসকলৰ বাবে বুলি ধাৰণা থকা কম্পিউটাৰ সাধাৰণ মানুহৰ চিনাকি আহিলা হ’বলৈ বেছি দিন নালাগিল৷ এআইৰ ক্ষেত্রতো একেই উদাহৰণ দেখিবলৈ পোৱা যাব৷ বৰং কম্পিউটাৰৰ সৈতে ঘনিষ্ঠ নতুন প্রজন্মই অতি কম সময়ৰ ভিতৰতে এআই আহিলা ব্যৱহাৰত পাকৈত হৈ উঠিব৷ ছাত্র–ছাত্রীসকলৰ অধ্যয়নৰ সহায় হোৱাকৈ এআই আহিলাৰ ব্যৱহাৰ আৰম্ভ হৈছে৷ বিশেষকৈ ইংৰাজীত লিখা আৰু শুদ্ধ কৰা এআই আহিলাৰ ব্যাপক প্রচলনে এই কথাটো গভীৰভাৱে চিন্তা কৰাৰ পৰিৱেশ সৃষ্টি কৰিছে৷ এআহচালিত শিক্ষামূলক সঁজুলিয়ে শিক্ষকসকলক শিক্ষাদান আকর্ষণীয় কৰি তোলাত সহায় কৰিব আৰু পাৰস্পৰিক শিক্ষণ অভিজ্ঞতা অধিক মনোগ্রাহী কৰাত সহায় কৰিব৷ অসম চৰকাৰে এটা সময়ত মাধ্যমিক পৰীক্ষাত উত্তীর্ণসকলক কম্পিউটাৰ উপহাৰ দিয়া ব্যৱস্থাৰ প্রচলন কৰাৰ লগে লগেই অসমৰ কম্পিউটাৰ সচেতনতা আৰু শিক্ষা বাঢ়ি গৈছিল আৰু এইক্ষেত্রত ভাৰতৰ কেইবাখনো ৰাজ্যৰ তুলনাত অসম আগবঢ়া আছিল৷ এআইৰ ক্ষেত্রতো চৰকাৰে তেনে এটা ব্যৱস্থাৰ আৰম্ভণি কৰি ছাত্র–ছাত্রীসকলক ভৱিষ্যতৰ বাবে সাজু কৰি তোলাটো চৰকাৰৰ নৈতিক দায়িত্ব৷ প্রযুক্তিবিদ্যাৰ নতুন আৱিষ্কাৰৰ ব্যৱহাৰ কৰিব পৰাজনহে সোনকালে আগবাঢ়ি যাব পাৰে৷ এই প্রমাণিত কথাৰ প্রতি সন্মান প্রদর্শন কৰি চৰকাৰে হাইস্কুল পর্যায়ৰ পৰাই এআইৰ প্রায়োগিক দিশৰ কথা শিকোৱাটো প্রয়োজন৷ তেনেদৰে কর্মদক্ষতা বৃদ্ধিৰ বাবে চৰকাৰী চাকৰিয়ালসকলকো এই বিষয়ে প্রশিক্ষণ দিয়াটো উচিত৷