নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্বিলঙত সীমা বিবাদ নিষ্পত্তিৰ গুৰুত্বপূৰ্ণ বৈঠকত মন্ত্ৰী পীযুষ হাজৰীকা

কাৰ্বি আংলং আৰু পশ্চিম জয়ন্তীয়া জিলাত বিবদমান সীমাক লৈ আলোচনা

সীমান্তত শান্তি-সম্প্ৰীতি বৰ্তাই ৰখাত মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰীৰ সহমত

বিশেষ বাৰ্তা, ১৪ জুনঃ অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি শ্বিলঙত মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী শ্নিয়াওভালাং ধৰৰ সৈতে ৰাজ্য দুখনৰ মাজৰ সীমা সমস্যা সমাধানৰ বাবে গঠন কৰি দিয়া আঞ্চলিক সমিতি দুখনৰ এখন যুটীয়া বৈঠকত অংশগ্ৰহণ কৰে। অসমৰ কাৰ্বি আংলং জিলা আৰু মেঘালয়ৰ পশ্চিম জয়ন্তীয়া পাৰ্বত্য জিলাৰ কেইটামান অঞ্চলত থকা সীমা সমস্যাৰ বিষয়ে আজিৰ বৈঠকত আলোচনা কৰা হয়। মন্ত্ৰী পীযুষ হাজৰীকাই অসম আৰু মেঘালয়ৰ মাজত সদায়ে সম্প্ৰীতিৰ সম্পৰ্ক আছে বুলি উল্লেখ কৰি ৰাজ্য দুখনৰ মুখ্যমন্ত্ৰী দুজনাৰ সদিচ্ছাৰ বাবে শীঘ্ৰে সীমা সমস্যাৰ স্থায়ী সমাধান হ’ব বুলি পাছত সাংবাদিকৰ আগত মন্তব্য কৰে। কেতিয়াবা সীমা অঞ্চলত একাংশ দুষ্কৃতিকাৰীয়ে বিবাদৰ পৰিৱেশ সৃষ্টিৰ প্ৰয়াস কৰে যদিও দুষ্কৃতিকাৰীৰ এনে প্ৰচেষ্টাই ৰাজ্য দুখনৰ মাজত থকা শান্তি আৰু সম্প্ৰীতি কেতিয়াও বিনাশ কৰিব নোৱাৰে বুলি মন্ত্ৰী হাজৰীকাই মন্তব্য প্ৰকাশ কৰে।

You might also like