বিশেষ বাৰ্তা, ১৫ জুনঃ তিনিচুকীয়া জিলাৰ সৰ্বত্ৰ এতিয়া মাৰাত্মক ড্ৰাগছে ছানি ধৰিছে যুৱপ্ৰজন্মক, পংগু কৰি গৈছে এফালৰ পৰা ৷ তাকে লৈ আজি বৃহত্তৰ বাৰেকুৰি অঞ্চলৰ পুৰণি মতাপুং কৰ্মবীৰ সংঘ আৰু পুৰণি মতাপুং শাখা মহিলা সমিতিৰ উদ্যোগত, স্থানীয় ৰাইজৰ সহযোগত মাৰাত্মক ড্ৰাগছ, কানিৰ লগতে মাদকদ্ৰব্যসমূহ নিৰ্মূল কৰাৰ উদ্দেশ্যে আয়োজন কৰে এক সজাগতামূলক সমদলৰ ৷ পুৰণি মটাপুং গাঁৱৰ পৰা বহুসংখ্যক স্থানীয় লোকে বাহিৰ কৰা উক্ত সমদলটোৰ সময়ত মাদক দ্ৰব্য নিৰ্মূল কৰক, ড্ৰাগছৰ বিৰুদ্ধে জাগিছে, ড্ৰাগছৰ বিৰুদ্ধে ওলাই আহক, ড্ৰাগছৰ বিৰুদ্ধে সজাগ হওক, এই জুই জ্বলিছে আদি বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ পৰৱৰ্তী সময়ত প্ৰতিবাদী সমদলটোৱে বাৰেকুৰি আৰক্ষী থানাৰ সন্মুখত একত্ৰিত হৈ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ উপস্থিতিত এখন সজাগতা সভাৰ আয়োজন কৰে ৷ পুৰণি মটাপুং কৰ্মবীৰ সংঘৰ সভাপতি নিৰুপম চুতীয়া, সম্পাদক শান্তনু চুতীয়া আৰু পুৰণি মটাপুং শাখা মহিলা সমিতিৰ সভানেত্ৰী সুৰলক্ষী মৰাণ, সম্পাদিকা চিম্পী চুতীয়াই মাৰাত্মক ড্ৰাগছ, কানিৰ লগতে মাদকদ্ৰব্যসমূহ নিৰ্মূল কৰি এখন সুস্থ সমাজ গঢ়ি তোলাৰ স্বাৰ্থত আৰু অঞ্চলটোৰ নৱপ্ৰজন্মক এক সুস্থ সামাজিক পৰিৱেশ দিয়াৰ উদ্দেশ্যেই এই সজাগতামূলক সমদল বাহিৰ কৰা হয় বুলি সদৰী কৰে আৰু আগন্তুক দিনসমূহতো এনেদৰেই ৰাইজক একত্ৰিত কৰি মাৰাত্মক ড্ৰাগছৰ লগতে মাদকদ্ৰব্যসমূহৰ বিৰুদ্ধে মাৰবান্ধি থিয় দিব বুলি জানিবলৈ দিয়ে ৷
প্ৰেৰক বিবেক বড়া