ছ’চিয়েল মিডিয়াত কোহলিৰ ৰহস্যজনক পোষ্ট
বিশেষ বাৰ্তা, ১৫ জুনঃ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ পিছত সমালোচিত হৈছে ভাৰতীয় তাৰকা ক্রিকেটাৰসকল ৷ ৰোহিত শর্মা, শুভমন গিলৰ লগতে এই সমালোচনাৰ পৰা বাদ পৰা নাই বিৰাট কোহলিও ৷ অৱশ্যে বিৰাটে এনে সমালোচনাৰ প্রত্যুত্তৰ দিয়া নাই যদিও কিছুদিন ধৰি ছ’চিয়েল মিডিয়াত যথেষ্ট সক্রিয় হৈ আছে ৷ অষ্ট্রেলিয়াৰ হাতত পৰাজয়ৰ পিছত কোহলিয়ে চীনা দার্শনিক লাও জুৰ উদ্ধৃতি দি টুইট কৰিছিল- ‘নীৰৱতাই শক্তিৰ উৎস’৷ আজি কোহলিয়ে আৰু এটা পোষ্ট কৰে ছ’চিয়েল মিডিয়াত ৷ ইংৰাজ লেখক এলান ৱাটছৰ প্রেৰণামূলক এটি মন্তব্য পোষ্ট কৰিছিল ভাৰতীয় তাৰকা বেটাৰগৰাকীয়ে ৷ মন্তব্যটো এনেধৰণৰ– ‘পৰিৱর্তনৰ একমাত্র উপায় হ’ল সোঁতত ডুব মৰা আৰু তাৰ লগত আগুৱাই যোৱা৷’ অৱশ্যে কি উদ্দেশ্যে কোহলিয়ে এই বার্তা দিছে, সেয়া ৰহস্যজনক ৷ কি কাৰণে কৰিছে, সেয়াও স্পষ্ট নহয় ৷ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত কোহলিয়ে প্রথম আৰু দ্বিতীয় ইনিংছত কৰে মাত্র ১৪ আৰু ৪৯ ৰান৷