নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছুপাৰহিট ‘শ্রীৰঘুপতি’ৰ বক্স অফিচত নতুন অভিলেখ

📌 ১০ দিনত সংগ্রহ ৪.৪৫ কোটি

বিশেষ বাৰ্তা, ১৬ জুনঃ ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালাৰ ‘জয়মতী’ৰ জৰিয়তে সোণসেৰীয়া যাত্রা আৰম্ভ কৰা অসমীয়া ছবি উদ্যোগটোৱে বিগত সময়ছোৱাত নানা ঘাত–প্রতিঘাতৰ সন্মুখীন হৈছে৷ ছবিগৃহৰ অভাৱকে ধৰি বিভিন্ন সমস্যাৰ মাজেৰে পাৰ হোৱা অসমীয়া ছবি উদ্যোগটোৱে বহু উত্থান–পতনৰ সাক্ষী হৈ আহিছে৷ হলীউড, বলীউড তথা দাক্ষিণাত্যৰ ছবিৰ সমান্তৰালকৈ উন্নত মানৰ ছবি নির্মাণ কৰিব নোৱাৰাৰ বাবে ছবিগৃহত অসমীয়া ছবিয়ে সফলতা লাভ নকৰাৰ অভিযোগো দীর্ঘদিনীয়া৷ কিন্তু ইয়াৰ মাজতে অসমীয়া ছবি উদ্যোগলৈ পুনৰ আশাৰ বতৰা কঢ়িয়াই আনিছে নৱতম ছবি ‘শ্রীৰঘুপতি’য়ে৷ জনপ্রিয় অভিনেতা ৰবি শর্মা আৰু অভিনেত্রী প্রীতিকংকনাই মূল চৰিত্রত অভিয়ন কৰা ‘শ্রীৰঘুপতি’ মুক্তিৰ লগে লগে অসমৰ দর্শকৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে৷ মুক্তিৰ পিছতে উপার্জনৰ অভিলেখেৰে ছুপাৰহিট ছবিত পৰিণত হৈছে ‘শ্রীৰঘুপতি’৷ উন্নতমানৰ কাহিনী, অত্যাধুনিক প্রযুক্তিৰ সংযোজন, আকর্ষণীয় সংগীত, মনোমোহা লোকেচনত কৰা দৃশ্যগ্রহণে অনন্য কৰি তোলা নৱতম ছবিখন উপভোগ কৰিবলৈ অসমৰ প্রতিটো প্রান্তৰ লোক হিলদল ভাঙি ওলাই অহা পৰিলক্ষিত হৈছে৷ ৰাজ্যৰ প্রতিটো ছবিগৃহতে হাউছফুল দর্শনীৰে অসমীয়া ছবিৰ উপার্জনৰ ক্ষেত্রত শ্রীৰঘুপতিয়ে নতুন অভিলেখ স্পর্শ কৰিবলৈ সক্ষম হৈছে৷ ছবিখনৰ ডিজিটেল প্রচাৰৰ দায়িত্বত থকা অর্ণৱ হাজৰিকাই সদৰী কৰা অনুসৰি দুদিন পূর্বলৈ শ্রীৰঘুপতিয়ে মুঠ ৪.৪৫ কোটি টকা উপার্জন কৰিবলৈ সক্ষম হৈছে৷ আইনী জটিলতাৰ বাবে নির্ধাৰিত ২ জুনৰ পৰিৱর্তে ৫ জুনত মুক্তি লাভ কৰা শ্রীৰঘুপতিয়ে প্রথম দিনা উপার্জন কৰিছিল ১৭ লাখ টকা ৷ অৱশ্যে পৰৱর্তী দিনসমূহত দর্শকৰ বিপুল সঁহাৰি লাভ কৰা ছবিখনৰ উপার্জন দৈনিক বৃদ্ধি পাবলৈ আৰম্ভ কৰে৷ দ্বিতীয় দিনা ছবিখনে ৩৮.৮ লাখ, তৃতীয় দিনা ৪১.৭ লাখ আৰু চতুর্থ দিনা ৪৩ লাখ টকা উপার্জন কৰে৷ কিন্তু যোৱা দেওবাৰে ছবিখনে উপার্জন কৰা ধনেৰে অসমীয়া ছবি উদ্যোগটোত এক নতুন অভিলেখ ৰচনা কৰিবলৈ সক্ষম হয়৷ মুক্তিৰ পিছৰ প্রথমটো দেওবাৰত শ্রীৰঘুপতিয়ে প্রায় ৮০ লাখ টকা সংগ্রহ কৰে৷ এতিয়ালৈকে কোনো অসমীয়া ছবিয়ে এদিনতে উপার্জন কৰা এয়া হৈছে সর্বাধিক পৰিমাণৰ ধন৷ ২ কোটি টকাৰ বাজেটেৰে নির্মাণ কৰা ছবিখন সম্প্রতি ৰাজ্যৰ ভিন্ন প্রান্তৰ লগতে কেইবাখনো বহিঃৰাজ্যৰ ছবিগৃহত প্রদর্শিত হৈ আছে৷ হাজৰিকাই সদৰী কৰা অনুসৰি, দিল্লী, মুম্বাই, বেংগালুৰু, চেন্নাই, গোৱা আৰু হায়দৰাবাদ তথা অসমকে ধৰি মুঠ ২৫৮টা ছবিগৃহত ‘শ্রীৰঘুপতি’ সম্প্রতি প্রদর্শিত হৈ আছে৷ বেংগালুুৰুৰ চাৰিটা, নতুন দিল্লীৰ তিনিটা, হায়দৰাবাদৰ দুটা, মুম্বাইৰ পাঁচটা, গোৱাৰ এটা আৰু চেন্নাইৰ দুটা ছবিগৃহত ‘শ্রীৰঘুপতি’ৰ প্রদর্শনী অব্যাহত আছে৷ অসমৰ ভিন্ন প্রান্তৰ ২৪১টা ছবিগৃহত ‘শ্রীৰঘুপতি’য়ে দর্শকৰ বিপুল সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে৷ উল্লেখ্য যে সুব্রত কাকতিয়ে পৰিচালনা কৰা এই ছবিখন অসমৰ গোলাঘাট, গুৱাহাটীৰ উপৰি মেঘালয় আৰু গোৱাত দৃশ্যগ্রহণ কৰা হৈছে৷ গোৱাত এটি গানৰ দৃশ্যগ্রহণ কৰাৰ উপৰি মেঘালয়ৰ বর্ণিহাটত কিছু একচনৰ দৃশ্যৰ দৃশ্যগ্রহণ কৰা হৈছিল৷ যথেষ্ট পৰিকল্পিতভাৱে দর্শকক এখন উচ্চমানৰ ছবি উপহাৰ দিবলৈ ‘শ্রীৰঘুপতি’ৰ টীমটোৱে যথেষ্ট কষ্ট কৰিবলগীয়া হৈছিল৷ বিশেষকৈ ছবিখনৰ একচন দৃশ্যসমূহৰ বাবে হায়দৰাবাদৰ পৰা একচন পৰিচালক আৰু ফাইটাৰ অনা হৈছিল৷ পৰিচালক সুব্রত কাকতিয়ে সদৰী কৰা অনুসৰি, হায়দৰাবাদৰ পৰা অহা এটা ১৫জনীয়া দলে একচনৰ দৃশ্যসমূহৰ শ্বুটিঙত সহায় কৰিছিল৷ এই ছবিখনৰ বাবে যথেষ্ট কষ্ট কৰা ৰবি শর্মাৰ অভিনয় তথা আকর্ষণীয় ‘লুক’–এ দর্শকক মোহাচ্ছন্ন কৰিবলৈ সক্ষম হৈছে৷ ছবিখনৰ পৰিকল্পনা কিদৰে আৰম্ভ কৰা হৈছিল বুলি সোধা প্রশ্ণৰ উত্তৰত পৰিচালক কাকতিয়ে ‘নিয়মীয়া বার্তা’ক কয় যে অভিনেতা ৰবি শর্মাৰ ফালৰ পৰাই ছবিখন নির্মাণৰ পৰিকল্পনা আৰম্ভ হৈছিল৷ শ্বুটিং আৰম্ভ কৰাৰ পিছতে ক’ভিডকে ধৰি বিভিন্ন ঘাত–প্রতিঘাতৰ মাজেৰে দর্শকৰ মাজলৈ ছবিখন উলিয়াই দিয়াৰ বাবে ৪–৫ বছৰ সময় প্রয়োজন হৈছিল বুলিও তেওঁ উল্লেখ কৰে৷ উন্নতমানেৰে ছবি নির্মাণ কৰিলে দর্শকে সঁহাৰি দিবই বুলি মন্তব্য কৰি কাকতিয়ে কয়– ‘অসমীয়া ছবিলৈ আৰু নতুনত্ব আনিবলগীয়া আছে৷ আমি শ্রীৰঘুপতি আজিৰ পৰা প্রায় চাৰি বছৰ আগতেই আৰম্ভ কৰিছিলোঁ৷ গতিকে সেই সময়ৰ পৰিকল্পনাৰে ছবিখন নির্মাণ কৰা হৈছে৷ হয়তো বর্তমান সময়ত এই ছবিখন নির্মাণ কৰিলে দর্শকে অধিক নতুনত্ব দেখিবলৈ পালেহেঁতেন৷ উন্নত মানসম্পন্ন ছবি নির্মাণ কৰিলে দর্শকে সঁহাৰি আগবঢ়াবই৷ অসমীয়া ৰাইজে সদায়ে অসমীয়া ছবিক উদগনি যোগাই আহিছে৷’ ছবিখনৰ সৈতে জড়িত কলা–কুশলী তথা অভিনেতা–অভিনেত্রীয়ে মনে–প্রাণে কাম কৰিছিল বুলি তেওঁ সদৰী কৰে৷ লক্ষণীয় যে শেহতীয়াকৈ মুক্তিপ্রাপ্ত এই ছবিখনৰ মূল অভিনেতা ৰবি শর্মা আৰু প্রীতি কংকনাৰ উপৰি আন কেইবাটাও চৰিত্রই মানুহৰ মনত প্রভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে৷ বিশেষকৈ অসমীয়া ছবি জগতৰ অন্যতম জ্যেষ্ঠ অভিনেতা অৰুণ নাথৰ অভিনয়ে দর্শকসকলক মোহাচ্ছন্ন কৰিছে৷ ছবিখনৰ এটা বিশেষ চৰিত্রত অভিনয়ৰ বাবে অৰুণ নাথে নিজৰ চেহেৰা সলনিক লৈ সকলোৱে প্রশংসা কৰিছে৷ তদুপৰি জনপ্রিয় অভিনেতা সিদ্ধার্থ শর্মাৰ অভিনয়েও দর্শকৰ মনত সাঁচ বহুৱাবলৈ সক্ষম হৈছে৷ ছবিখনৰ মুক্তিৰ পূর্বেই প্রতিটো গীতেই জনপ্রিয়তা লাভ কৰিবলৈ সক্ষম হৈছে৷ স্বাভাৱিকতে এখন ছবি আনুষ্ঠানিকভাৱে মুকলিৰ পূর্বে প্রচাৰৰ দিশটো অত্যন্ত গুৰুত্বপূর্ণ হিচাপে বিবেচনা কৰা হয়৷ অসমৰ কেইবাখনো ছবি মুক্তিৰ পূর্বে প্রচাৰৰ ক্ষেত্রত যথেষ্ট ধন ব্যয় কৰাৰ লগতে বিভিন্ন কার্যসূচীও অনুষ্ঠিত কৰা পৰিলক্ষিত হয়৷ এইক্ষেত্রত ৰবি শর্মা কিছু ব্যতিক্রম আছিল৷ ৰাজ্যজুৰি সীমিতভাৱে প্রচাৰ চলোৱা সত্ত্বেও ছবিখনে দর্শকৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে৷ ছবিখন সন্দর্ভত সংবাদ মাধ্যমৰ সন্মুখত প্রকাশ কৰা প্রতিক্রিয়াত অভিনেতা ৰবি শর্মাই নিজেই প্রকাশ কৰিছে যে প্রচাৰৰ বাবে খৰচ কৰিবলগীয়া ধন তেওঁ ছবিখনৰ নির্মাণত ব্যৱহাৰ কৰিছে৷ যাতে ৰাইজক এখন উন্নত মানৰ ছবি উপহাৰ দিব পাৰে আৰু অভিনেতাজনৰ এই ধাৰণাই বাস্তৱ ৰূপত প্রতিফলিত হোৱা দেখা গৈছে৷ প্রতিটো ছবিগৃহতে হিলদল ভাঙি ‘শ্রীৰঘুপতি’ উপভোগ কৰিবলৈ অহা দর্শকে একমুখে ছবিখনৰ প্রশংসাত পঞ্চমুখ হৈ পৰিছে৷ সকলোৱেই একমুখে স্বীকাৰ কৰিছে বলীউড, দক্ষিণৰ ছবিৰ সৈতে ফেৰ মাৰিব পৰা এখন উপভোগ্য ছবি হৈছে ‘শ্রীৰঘুপতি’৷

You might also like