নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাক্সাত বাঢ়নী পানীত ৰূপহীয়ে নিলে দলং

নিয়মীয়া বাৰ্তা, ১৬ জুনঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বাক্সা জিলাৰ শালবাৰীৰ ৰূপহী অঞ্চলত বাঢ়নী পানীৰ তাণ্ডৱত হাহাকাৰ অৱস্থাৰ সূচনা হয় । কালি মুষলধাৰ বৰষুণৰ ফলত ৰূপহী নদীৰ পানী বৃদ্ধি হোৱাত উটুৱাই নিয়ে বাঁ‌হৰ দলং। গুৰুত্বপূৰ্ণ বাঁ‌হৰ সাঁ‌কোখন ভাঙি যোৱাৰ ফলত কেইবাখনো গাঁ‌ওৰ মাজত যাতায়াত ব্যাহত হৈ পৰে । বৃহত্তৰ অঞ্চলটোৰ বিদ্যালয়সমূহত পৰীক্ষা চলি থকাৰ মাজতে উটুৱাই নিয়ে দলংখন । আজিৰে পৰা ছাত্ৰ-ছাত্ৰীয়ে বাঁ‌হৰ দলংখন পাৰাপাৰ হৈ যাব নোৱাৰিব বিদ্যালয়লৈ। পৰীক্ষাত বহিব নোৱাৰিৱ একাংশ শিক্ষাৰ্থী। বাঁ‌হৰ দলংখন ভাঙি যোৱাৰ ফলত যাতায়াত ব্যাহত হৈ পৰে । ঘটনাস্থলীত প্ৰশাসনৰ লোক উপস্থিত হৈছে যদিও বাতৰি লিখা পৰলৈ কোনোধৰণৰ পদক্ষেপ লোৱা হোৱা নাই ।

প্ৰেৰক লৱ কুমাৰ দাস

You might also like