নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ ভাৰতত তাপ দহন

মুষলধাৰ বৃষ্টিপাতে অসমৰ কেইবাখনো জিলাত ভয়াৱহ বানৰ সৃষ্টি কৰা সময়তে উত্তৰ ভাৰতৰ বিভিন্ন ৰাজ্যত তাপ দহনৰ প্রকোপ চলিছে৷ প্রাণঘাতী তাপপ্রৱাহে ইতিমধ্যে বিভিন্ন ৰাজ্যত অসহনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ উত্তৰ ভাৰতৰ উত্তৰপ্রদেশ, বিহাৰকে ধৰি কেইবাখনো ৰাজ্যত ইতিমধ্যে এই তাপ দহনৰ ফলত মৃত্যুক আঁকোৱালি ল’বলগীয়া হৈছে ৯৮গৰাকী লোকে৷ বিহাৰ আৰু উত্তৰপ্রদেশত ভয়াৱহ তাপ দহনত অসুস্থ হৈ হাস্পতালত চিকিৎসাধীন হ’বলগীয়া হৈছে কমপক্ষেও ৫০০জন লোক৷ ওড়িশাতো তাপপ্রৱাহে পৰিস্থিতি জটিল কৰি তুলিছে৷ এই তাপ দহন অব্যাহত থাকিলে আগন্তুক ২/৩ দিনৰ ভিতৰত বহু লোকৰ মৃত্যু হ’ব বুলি আশংকা কৰা হৈছে৷ বছৰি বর্ষাৰ পূর্বে উত্তৰ তথা মধ্য ভাৰতত তাপ দহনত শ শ লোকে প্রাণ দিবলগীয়া হয়৷ শেহতীয়াকৈ তাপপ্রৱাহৰ গতি অতি ভয়াৱহ হৈছে৷ বিভিন্ন ৰাজ্যত পাৰাস্তম্ভ ঊর্ধ্বমুখী হৈ আছে৷ উত্তৰ প্রদেশত পৰিস্থিতি অতি জটিল৷ ৰাজ্যখনৰ অকল বালিয়াত মৃত্যু হৈছে ৫৪জনৰ৷ ইয়াৰে ৪৪জনৰ মৃত্যুৰ কাৰণ অত্যধিক গৰম বুলি হাস্পতালৰ সূত্রই সদৰী কৰিছে৷ আনফালে স্থানীয় সংবাদ মাধ্যমৰ তথ্য অনুসৰি এই আটাইকেইজন লোকৰ মৃত্যুৰ কাৰণেই হৈছে অত্যধিক তাপ দহন৷ বালিয়া জিলাৰ হাস্পতালত ইতিমধ্যে ভর্তি কৰোৱা হৈছে ৪০০ লোক৷ এই লোকসকল তাপপ্রৱাহৰ ফলত অসুস্থ হৈ পৰা বুলি জানিব পৰা গৈছে৷ বালিয়াৰ হাস্পতালৰ সূত্রই সদৰী কৰা অনুসৰি, বিগত ৩টা দিনত তাপপ্রৱাহৰ মাত্রা অত্যধিক হোৱাৰ ফলত ৬০ ঊর্ধ্বৰ বহু লোক অসুস্থ হৈ পৰিছে৷ এই লোকসকল জ্বৰ আৰু ডায়েৰীয়াত আক্রান্ত হৈছে৷ অন্যান্য সমস্যায়ো দেখা দিছে এই লোকসকলৰ শৰীৰত৷ বর্ষা সময়মতে আৰম্ভ হোৱা বুলি বতৰ বিজ্ঞান বিভাগে দাবী কৰিছে যদিও উত্তৰ ভাৰতৰ এই ৰাজ্যসমূহত তাপপ্রৱাহৰ প্রকোপ কেতিয়া হ্রাস পাব, সেই সন্দর্ভত কোনো তথ্য সদৰী কৰা নাই৷ গতিকে মানুহৰ মাজত বৃদ্ধি পাইছে আতংক৷
দিল্লীসহ উত্তৰ ভাৰতৰ ৰাজ্যসমূহত বিগত কেইদিনমান ধৰি উষ্ণতা ৪২ৰ পৰা ৪৭ ডিগ্রী চেলছিয়াছ চলি আছে৷ গড় উষ্ণতাতকৈ ৪/৫ ডিগ্রী চেলছিয়াছ বেছি দেখিবলৈ পোৱা গৈছে উষ্ণতা৷ এনে উষ্ণতা প্রাণীকুলৰ বাবে সহ্যৰ বাহিৰত বুলি ইতিমধ্যে চিহ্ণিত হৈছে৷ আগন্তুক এটা সপ্তাহত যদি দেশৰ সকলো ৰাজ্যলৈ বর্ষাৰ আগমন নঘটে, তেন্তে পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ আশংকা আছে৷ লক্ষণীয় বিষয়টো হৈছে ভাৰতত এই তাপ দহনৰ সময়তে বতৰ বিজ্ঞানীসকলে প্রশান্ত মহাসাগৰীয় পৰিঘটনা ‘এল নিনো’ ৭ বছৰৰ পিছত পুনৰ উভতি অহা বুলি দাবী কৰিছে৷ এই ‘এল নিনো’ৰ প্রভাৱত অষ্ট্রেলিয়া, ইণ্ডোনেছিয়া, ভাৰতসহ বহু দেশ ভয়াৱহ খৰাং পৰিস্থিতিৰ সন্মুখীন হোৱাৰ আশংকা আছে বুলিও বিজ্ঞানীসকলে দাবী কৰিছে৷ পূর্বে ৯টা ‘এল নিনো’ বর্ষৰ ৭টা ‘এল নিনো’ত দেশত ভয়াৱহ খৰাং পৰিস্থিতিৰ সৃষ্টি হৈছিল৷ শেহতীয়াকৈ মধ্য ভাৰতৰ বহু ৰাজ্যত এটুপি পানী সংগ্রহ কৰিবলৈ ১০/১২ মাইল দূৰ খোজ কাঢ়িবলগীয়া হৈছে বহু লোকে৷ যদি ‘এল নিনো’ৰ প্রত্যক্ষ প্রভাৱ ভাৰতৰ জলবায়ুত পৰে, তেন্তে চলিত বর্ষটোত তাপপ্রৱাহ অধিক হোৱাৰ আশংকা আছে৷ ইয়াৰ উপৰি দেশত বৰষুণৰ পৰিমাণ অস্বাভাৱিকভাৱে হ্রাস পাব৷ ‘এল নিনো’ হৈছে পেৰু তথা লেটিন আমেৰিকাৰ জলৰাশিৰ পৰা আৰম্ভ হোৱা এক উষ্ণ জলস্তৰ৷ এই জলস্তৰে বিভিন্ন দেশৰ জলবায়ুত প্রভাৱ পেলাই আহিছে৷ এফালে ভাৰত, অষ্ট্রেলিয়াসহ দেশসমূহ এই জলস্তৰৰ বাবে ভয়াৱহ খৰাঙৰ সন্মুখীন হোৱাৰ বিপৰীতে আটলাণ্টিক উপকূলৰ দেশসমূহ অন্য বর্ষৰ তুলনাত অধিক সামুদ্রিক ধুমুহাৰ সন্মুখীন হ’বলগীয়া হয়৷ এই দেশসমূহত অতিবৃষ্টিৰ সৃষ্টি হ’ব ‘এল নিনো’ৰ প্রভাৱতে৷ গতিকে ‘এল নিনো’ই এইবাৰ ভাৰতৰ বতৰত প্রতিকূল প্রভাৱ পেলোৱাৰ যথেষ্ট সম্ভাৱনা আছে৷ যদি বিজ্ঞানীসকলে ধাৰণা কৰা অনুসৰি সেয়া সত্য হয়, তেন্তে সমগ্র ভাৰতে এইবাৰ এক উষ্ণ তথা খৰাং বর্ষৰ সন্মুখীন হ’ব লাগিব৷ ইতিমধ্যে বিভিন্ন ৰাজ্যৰ অত্যধিক তাপপ্রৱাহে তাৰেই ইংগিত বহন কৰিছে৷

You might also like