DECODING জীৱন 🔹 মই তোমাক ফেচবুকত ভাল পাওঁ
🔹 পার্থসাৰথি মহন্ত
‘শুভ বিবাহ বার্ষিকী৷ মোৰ জীৱনটো তুমি প্রতিবছৰেই জীপাল কৰি তোলা৷’
‘তুমিয়েই মোৰ জীৱনৰ অমৃত৷ শুভ বিবাহ বার্ষিকী৷’
‘হেপী এনিভাৰ্চেৰি৷’
‘হেপী এনিভাৰ্চেৰি৷’
পতি–পত্নীয়ে নিজৰ বিবাহ বার্ষিকীৰ শুভেচ্ছা দিছে, ইজনে–সিজনক৷ ফেচবুকত৷ বিবাহ বার্ষিকীৰ আগৰ নিশাটোৰ ১২ বজাত৷ দুয়ো ঘৰতে আছে৷ সম্ভৱতঃ একেটা ৰুমতে৷
হয়৷ আজিকালি কেৱল মই তোমাক ভাল পাওঁ বুলি ক’লেই নহ’ব৷ মই তোমাক ফেচবুকত ভাল পাব লাগিব৷
‘প্রেমৰ প্রদর্শন৷’ সামাজিক মাধ্যমে সলনি কৰি দিয়া জীৱনশৈলীৰ এক ৰঞ্জক প্রপঞ্চ৷ দম্পতীৰ মাজত মৰম আছে, ভালপোৱা আছে, ৰোমাঞ্চ আছে৷ স্বাভাৱিক কথা৷ কাৰোবাৰ অলপ বেছি আছে৷ ঠিক আছে৷ ডিজিটেল লাইফ ষ্টাইলত সেয়া সিমান প্রয়োজনীয় নহয়৷ মৰম–প্রেম–ভালপোৱা আছে যদি আছে, নাই যদি নাই৷ মাত্র প্রদর্শন কৰিব লাগে৷
কিয় এই প্রৱণতা? কিহৰ কাৰণে এই তাড়না?
সামাজিক মাধ্যম৷ সামাজিক মাধ্যমৰ প্লেটফর্মবোৰে এনেকুৱা এটা অভিনৱ পৰিৱেশৰ সৃষ্টি কৰিলে যে মানুহে তেওঁলোকৰ জীৱনৰ এক আদর্শায়িত ৰূপ ৰাজহুৱাকৈ উপস্থাপন কৰিবলৈ চেষ্টা কৰা হ’ল৷ বহুতৰে বাবে এই তাড়না ইমান প্রবল যে তেওঁলোকে নিজেই নিজৰ বাবে এক মানসিক চাপ সৃষ্টি কৰি পেলায়৷ গম নোপোৱাকৈয়ে৷ এই স্ব–সৃষ্ট অথচ অনিয়ন্ত্রিত মানসিক অৱস্থাই সৃষ্টি কৰে মৰমৰ ৰাজহুৱা প্রদর্শনৰ প্রৱণতা৷ মই পাৰফেক্ট৷ আমি পাৰফেক্ট৷ হয় নে নহয় আমিহে জানো (আনে জানে যদিও আমি নাজানো)৷ গতিকে পাৰফেক্ট ছবি এখন দাঙি ধৰিব লাগিব৷ আনে কৰে, আমিও কৰোঁ৷
নকৰিম কিয়? সামাজিক মাধ্যমেই আমাক এই প্রদর্শনীত ভাগ ল’বলৈ প্রেৰণা যোগায়, উদগনি দিয়ে৷ আমাৰ এই প্রদর্শনৰ বৈধতাৰ চার্টিফিকেট দিয়ে৷ লাইক দিয়ে, কমেণ্ট দিয়ে, শ্বেয়াৰ কৰে৷ বৈধতাৰ ডিজিটেল প্রমাণ–পত্র৷ আমি দুগুণে উৎসাহিত হওঁ, আমাৰ ‘পাৰফেক্ট’ জীৱনৰ প্রমাণ–পত্র গোটাওঁ৷ বন্ধু–বান্ধৱ–সহকৰ্মী বা আন আন চিনাকি লোকৰ পৰা এই স্বীকৃতি আমাৰ কাৰণে অতি গুৰুত্বপূর্ণ৷ ইয়াৰ অর্থ হ’ল চিনা–জনা মানুহখিনিয়ে আমাৰ জীৱনটো সুন্দৰ, নিখুঁত সেই ধাৰণা পাইছে৷ আমি সেই ধাৰণা দিব পাৰিছোঁ৷ আমি সকলোকে পতিয়ন নিয়াব পাৰিছোঁ যে আমি এক আদর্শ দম্পতী৷ আৰু কি লাগে৷ ভিতৰখন ভিতৰত৷ কোৱাভাতুৰী হ’লেও একো নাই৷ বাহিৰে ৰং–চং হ’লেই হ’ল৷
সামাজিক মাধ্যমেই এই প্রদর্শনীবিলাক পাতি থাকে৷ আমাক ভাগ লোৱাৰ সুবিধা দি থাকে৷ জন্মদিন, বিবাহ বার্ষিকী আৰু কত কি? উপলক্ষটো ৰাজহুৱাকৈ অনলাইন উদযাপন কৰিব পাৰি বুলি মনলৈ আহিলেই হ’ল৷ মৰম, স্নেহ, ভালপোৱা সকলো আহি যাব ৰাজহুৱা মঞ্চত৷ সকলোৱেই কৰে৷ আমি যদি নকৰোঁ, কি ভাবিব বাৰু!
মৰমৰ ৰাজহুৱা প্রদর্শন অৱশ্যে পশ্চিমত নতুন নহয়৷ ৰাস্তা, বাছ, ৰে’ল, বজাৰ আদি যিকোনো স্থানত নিবিড়ভাৱে থকা যুগল এক সুলভ দৃশ্য৷ ৰক্ষণশীল সমাজ বা দেশত সেয়া নাছিল, এতিয়াও নাই৷ সামাজিক মাধ্যমে এই হেঙাৰ পাৰ হোৱাৰ বাবে আমাক এটা পার্শ্ব পথ দেখুৱাই দিলে৷ জীৱনৰ পৱিত্র মুহূর্তবোৰ ব্যৱহাৰ কৰা, কোনেও মাত মাতিব নোৱাৰে৷ ভাল ভাল বুলিহে ক’ব লাগিব৷ ক’বলৈ বাধ্য৷ এবাৰ আৰম্ভ হোৱা মানে ট্রেণ্ড হৈ গ’ল৷ বৈধতা আহি গ’ল৷ ডিজিটেল বৈধতা৷
প্রেমৰ ৰাজহুৱা প্রদর্শনে বিভিন্ন সময়ত বিভিন্ন প্রশ্ণৰ অৱতাৰণা কৰে৷ কেতিয়াবা বিতর্কৰো৷ কাৰণ এই প্রদর্শনে মানুহৰ মনত কিছুমান ধাৰণা বা অনুমানৰ সৃষ্টি কৰে৷ এটা ধাৰণা আছে যে প্রেমৰ অত্যধিক ৰাজহুৱা প্রদর্শন এটা যুগল কিমান সুখী তাৰ প্রতিফলন৷ সেয়া সঁচা নহ’বও পাৰে৷ ৰাজহুৱা প্রদর্শনৰ অন্তৰালত কোনো গোপন উদ্দেশ্যও থাকিব পাৰে৷ অনেকে নিজৰ সম্পর্কক লৈ নিশ্চিত অনুভৱ নকৰে৷ নিৰাপদ অনুভৱ নকৰে৷ সেই শংকা ঢাকি ৰাখিবলৈ, সংগীক বান্ধি ৰাখিবলৈ তেওঁলোকে আৰম্ভ কৰে প্রেমৰ ৰাজহুৱা প্রদর্শন৷ আন এটা ধাৰণা হ’ল যে ৰাজহুৱা প্রদর্শন নাই মানে সম্পর্কত মৰম–ভালপোৱা নাই৷ এটা সম্পূর্ণ ভ্রান্ত ধাৰণা৷ মৰম–স্নেহ চিঞৰি চিঞৰি সকলোকে জনাব লাগিব বুলি কোনো কথা নাই৷ এনেকুৱা ৰাজহুৱা ঘোষণা বহুতেই বেয়া পায়৷ প্রয়োজনো নাই৷ ব্যক্তিভেদে, পৰিয়ালভেদে মানুহৰ আচৰণ ভিন্ন হয়৷ আমি কেনেকৈ কি পৰিৱেশত ডাঙৰ হৈছিলোঁ, আমাৰ যুগ্ম জীৱনতো তাৰ প্রভাৱ আহি যায়৷ ৰক্ষণশীল পৰিৱেশত ডাঙৰ হৈ অহাখিনিৰ কাৰণে যুগ্ম জীৱনৰ ৰাজহুৱা বিশদ বর্ণনা এটা ভাবিব নোৱাৰা কথা৷ অৱশ্যে সামাজিক মাধ্যমে দৃষ্টিভংগী, মানসিকতা আৰু আচৰণ সলনি কৰি দিয়াসকলৰ কথা বেলেগ৷ অর্থাৎ প্রেম ৰাজহুৱা কৰিব নে নকৰে, সেয়া এক ব্যক্তিগত কথা৷ ব্যক্তিগত পছন্দ, ব্যক্তিগত সিদ্ধান্ত৷ পাব্লিক ফ’ৰামত প্রেমৰ ফটো নাই মানেই প্রেম নাই সেয়া নহয়৷ ৰাজহুৱাকে থকা ফটো এখনে মৰম–স্নেহ নির্ধাৰণো নকৰে, নুসূচায়ো৷ এইক্ষেত্রত থকা আৰু এটা ধাৰণা হ’ল জীৱন ৰাজহুৱা কৰা মানে নিজকে ৰাজহুৱা অণুবীক্ষণ যন্ত্রত ভৰাই দিয়া৷ জেনিফাৰ ল’পেজ আৰু বেন এফ্লেকৰ দৰে ছুপাৰষ্টাৰ চেলিব্রিটীয়েই ৰাজহুৱা ব্যৱচ্ছেদৰ পৰা সাৰি যোৱা নাই৷ সাধাৰণ নৰমনিচ কোন কূটা? এখন স্থিৰ চিত্রৰ পৰাই যেতিয়া মৰমৰ ইনটেনচিটি জোখা হয়, দুজন ব্যক্তিৰ ৰসায়ন পৰীক্ষা কৰা হয়, সেয়া মানুহৰ নিয়ন্ত্রণৰ বাহিৰত৷ ছবিখনত থকা যুগল নির্বাক হৈ থকাৰ বাহিৰে একো উপায় নাই৷ অনেকে আকৌ এইটোও ভাল পায়৷ চর্চাত থাকিব বিচাৰে৷ চর্চাত থকাটো ঈর্ষণীয়, অনেকে ভাবে৷ সেয়াও অৱশ্যে ব্যক্তিগত পছন্দ, ব্যক্তিগত সিদ্ধান্ত৷
মানুহ সামাজিক জীৱ৷ এতিয়া কিন্তু গোটেই জীৱনটোৱেই সামাজিক৷ সামাজিক কৰি দিব বিচাৰোঁ৷ ব্যক্তিগত কথাবোৰো৷ প্রেমৰ প্রদর্শন কৰোঁ, কাৰণ আমি নিদর্শন হ’ব বিচাৰোঁ৷
মই তোমাক ভাল পাওঁ৷ কিন্তু মই তোমাক ফেচবুকত বেছি ভাল পাওঁ৷