নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ২০ জুন, আহাৰ মাহৰ ৪ তাৰিখ
মঙলবাৰ : তিথি–শুক্লা দ্বিতীয়, নক্ষত্র : পুনর্বসু, যাত্রা : শুভ

মেষ : উন্নত পৰিৱেশ৷ মানসিক দিশটো অনুকূল দেখা যায়৷ সা–সম্পত্তিৰ ক্ষেত্রত কিবা বাধা আছে যদিও হ্রাস হোৱাৰ সম্ভাৱনা৷ শুভ ৰং আকাশী নীলা৷ শুভ সংখ্যা ২৷

বৃষ : প্রতিকূল সময়ৰ বাবে দিনটো অলপ সাৱধানেৰে চলক৷ জ্ঞাতি–কুটুম্বৰ আগমন হ’লেও সৌজন্য ৰক্ষা কৰক মাত্র৷ শৰীৰ মধ্যম৷ বিদ্যাত যত্ন ৰাখক৷ শুভ ৰং গেৰুৱা৷ শুভ সংখ্যা ৪৷

মিথুন : আজিও খুব উন্নত ফল নাপাব৷ বিশেষকৈ দিনৰ ১২ বজালৈ সাৱধানেৰে চলাটো উচিত হ’ব৷ বাধ্যবাধকতা হ’লেও ভাবি–চিন্তি নিজৰ কাম কৰক৷ ব্যৱসায়ত শুভ৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৮৷

কর্কট : এলাহ বৃদ্ধি পালেও স্ব–কর্মত ব্যস্ততা নকমিব৷ পাৰিবাৰিক উন্নত৷ প্রাপ্য ধন হাতলৈ অহাৰ যোগ৷ বন্ধুবর্গৰ সহায়–সহযোগ দেখা যায়৷ পঢ়া–শুনাত মধ্যম৷ দাম্পত্যত শুভ৷ শুভ ৰং বগা৷ শুভ সংখ্যাা ৫৷

সিংহ : বাধা–বিঘিনি কিছু হ্রাস হ’ব পাৰে৷ দুপৰীয়াৰ পৰা বাকী সময়ত সাৱধান থকাটো ভাল, বিশেষকৈ প্রৱঞ্চকৰ পৰা৷ ব্যৱসায়–বাণিজ্যত মজলীয়া ফল৷ শুভ ৰং কমলা৷ শুভ সংখ্যা ১৷

কন্যা : শৰীৰ আৰু পাৰিপার্শ্বিক প্রায় অননুকূল৷ আজি কোনো সম্ভাৱনীয় যোগাযোগত উপকৃত হ’ব৷ য’তে–ত’তে একো মন্তব্য নিদিব৷ শুভ ৰং ক’লা৷ শুভ সংখ্যা ৬৷

তুলা : আর্থিকত বিশেষ সফল নহ’লেও দুশ্চিন্তা নাই৷ এইক্ষেত্রত আপুনি ব্যক্তিগত চেষ্টা চলাইছে যদিও আশান্বিত হ’ব৷ বুদ্ধিত উজুটি খাব পাৰে বাবে সাৱধান হওক৷ শুভ ৰং গেৰুৱা৷ শুভ সংখ্যা ৮৷

বৃশ্চিক : খৰচ–পাতি নকৰো বুলি থাকিলেও খৰচৰ পথ ওলাব৷ অন্যান্য কিছুৱে সামাজিক, ৰাজনৈতিক দিশত নিজৰ মতৰ সমর্থন পাব৷ পঢ়াত মন ৰাখক৷ শুভ ৰং ক্রীম৷ শুভ সংখ্যা ৫৷

ধনু : ক্রমে দিনটো কিছু আশাপ্রদ৷ অৱশ্যে নিশ্চিতও নহয়৷ খুব ফৰকাল লাগি নাথাকিব৷ বিদ্যাত মনোযোগ বঢ়াওক৷ জাতি–কুটুম্বৰ মাংগলিক কার্য আদিত যোগদান কৰাৰো সম্ভাৱনা৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৩৷

মকৰ : কর্মক্ষেত্রত আজি বিশেষ যোগাযোগ কম হোৱাত কোনো চিন্তাত থাকিব৷ সৰু–সুৰা ক্লেশে আপোনাৰ মন আৰু দেহত প্রভাৱ পেলাব পাৰে৷ দাম্পত্যত মধ্যম সময়৷ শুভ ৰং আকাশী৷ শুভ সংখ্যা ১৷

কুম্ভ : অস্থিৰ চিন্তা সম্পূর্ণ বর্জনীয়৷ শৰীৰ, মন আৰু পৰিৱেশ দিনৰ বাৰ বজালৈ আশাপূর্ণ নহ’ব পাৰে৷ সাক্ষাৎ আদিত দিনৰ ১২ বজাৰ পিছত অনুকূল৷ শুভ ৰং কমলা৷ শুভ সংখ্যা ৪৷

মীন : অনুকূল পৰিৱেশ৷ বন্ধু–বান্ধৱৰ পৰা সহানুভূতি পাব৷ নিজৰ উন্নতিৰ বাবে কিবা চেষ্টাত উন্নত অনুভৱ কৰিব৷ সু–সংবাদত খুচি হ’ব পাৰে৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৩৷

You might also like