নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২২ জুনত বিহালীলৈ মুখ্যমন্ত্ৰী : ব্যৱস্থাপনাৰ পৰ্যবেক্ষণ বিধায়ক ৰঞ্জিত দত্তৰ

বিশেষ বার্তা, ২০ জুন : মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বত ৰাজ্যখনৰ উন্নয়ন আৰু বিকাশৰ ধাৰা অব্যাহত ৰখা মুখ্যমন্ত্ৰী হিচাপে দুবছৰীয়া কাৰ্যকালৰ বর্ষপূৰ্তি দিনটোৰ লগত সংগতি ৰাখি অহা ২২জুনত বিহালী সমষ্টিৰ কেটেলা  চাহ বাগিছা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় আৰু জিনজিয়া  চাহ বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় দুখন শুভ উদ্বোধন কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে জিনজিয়া আদৰ্শ বিদ্যালয়ৰ প্ৰাংগণত এখন ৰাজহুৱা সভাও সম্বোধন কৰিব৷ তদুপলক্ষে উক্ত গুৰুত্বপূৰ্ণ দিনটোত অনুষ্ঠিত হ’ব লগা অনুষ্ঠানৰ ক্ষেত্ৰত কালি  দুটি শিক্ষানুষ্ঠান পৰিদৰ্শন কৰি প্ৰস্তুতিৰ সামগ্ৰীক পৰিস্থিতিৰ বুজ লয় বিধায়ক ৰঞ্জিত দত্তই। বিধায়কগৰাকীৰ এই পৰিদৰ্শন কালত বিশ্বনাথৰ অতিৰিক্ত উপায়ুক্ত তথা মহকুমাধিপতি জয় শিবানি, দুয়োখন বিদ্যালয়ৰ প্ৰধান শিক্ষকদ্বয়, বিহালী আৰু বিশ্বনাথ খণ্ড প্ৰাথমিক শিক্ষা বিষয়দ্বয় ক্ৰমে কৰুণাকান্ত ভট্ট, ,জিনজিয়া আৰু কেটলা চাহ বাগিচাৰ পৰিচালক মণ্ডলি, স্থানীয় পঞ্চায়তৰ জনপ্ৰতিনিধি সকল,বিভিন্ন বিভাগৰ বিষয়াসকল, দলীয় কাৰ্যকৰ্তা আৰু বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। পৰিদৰ্শনৰ অন্তত জিনজিয়া মাধ্যমিক বিদ্যালয় সভা কক্ষত অনুষ্ঠিত আলোচনা সভাত সকলো দিশ সামৰি ব্যৱস্থাপনাত যাতে কতো খুঁত নাথাকে সেই সন্ধৰ্ভত গুৰুত্ব সহকাৰে আলোচনা কৰে।

প্ৰেৰক অমিতাভ বৰুৱা

You might also like