নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চুৰি কাণ্ডৰ ৰূপ দিব বিচৰা দুই কর্মচাৰীক গ্রেপ্তাৰ ভঙাগড় আৰক্ষীৰ

নিয়মীয়া বাৰ্তা ১৩ ফেব্ৰুৱাৰীঃ ভঙাগড়ৰ এটা কুৰিয়াৰ ছার্ভিচ কার্যালয়ৰ তলা ভাঙি ৫.৬৬ লাখ টকা হৰলুকী কৰাৰ অভিযোগত বুধবাৰে প্রতিষ্ঠানটোৰ শাখা পৰিচালকসহ এজন কর্মচাৰীক আৰক্ষীয়ে গ্রেপ্তাৰ কৰে৷ ধৃত লম্পট দুজন ক্রমে নুনমাটিৰ মুনীন্দ্র দাস (৩৭) আৰু অনুপ বর্মন (২৩)৷ আৰক্ষী সূত্রে জানিব পৰা মতে, ধৃত মুনীন্দ্র দাস আৰু অনুপ বর্মন ‘এক্সপ্রেছ–বি’ কুৰিয়াৰ ছার্ভিচৰ ভঙাগড় শাখাৰ পৰিচালক আৰু বিষয়া হিচাপে কর্মৰত আছিল৷ মঙলবাৰে নিশা দুয়োজনে প্রতিষ্ঠানটোৰ ৫.৬৬ লাখ টকা হৰলুকী কৰি ঘটনাক চুৰি কাণ্ডৰ ৰূপ দিবলৈ নিজেই প্রতিষ্ঠানটোৰ কার্যালয়ৰ তলা ভঙাৰ লগতে নথিপত্র লণ্ডভণ্ড কৰে৷ পিছত ঘটনা সন্দর্ভত নাটকীয়ভাৱে দুয়োজনে ভঙাগড় থানাত এজাহাৰ দিবলৈ আহে৷ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত চলাই কর্মচাৰী দুজনক সোধা–পোছা কৰাত জোলোঙাৰ মেকুৰী ওলাই পৰে৷ ইপিনে ‘কুৰিয়াৰ ছার্ভিচ’ৰ তৰফৰ পৰা এই সন্দর্ভত ভঙাগড় থানাত পৃথকে এখন এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৪৫৭/৩৮০/৪২০ ধাৰাত ৬৮/২০ নম্বৰত এটা গোচৰ ৰুজু কৰি বুধবাৰে নুনমাটিৰ জটিয়া অঞ্চলৰ হালধি মিলৰ পৰা লম্পট দুজনক গ্রেপ্তাৰ কৰে৷ আৰক্ষীয়ে ধৃত কর্মচাৰী দুজনৰ পৰা ৫,৩৮,২১০ টকাৰ লগতে প্রায় ১২ কেজি খুচুৰা পাইচা উদ্ধাৰ কৰে যদিও বাকী ধনখিনি উদ্ধাৰ কৰিব পৰা নাই৷ উল্লেখ্য যে ধৃত মুনীন্দ্র দাস আৰু অনুপ বর্মন ভঙাগড়ৰ চিলাৰায় নগৰস্থিত ‘এক্সপ্রেছ বি কুৰিয়াৰ’ ছার্ভিচৰ শাখা পৰিচালক আৰু বিষয়া হিচাপে কর্মৰত অৱস্থাত অকর্তৃত্বশীলভাৱে প্রতিষ্ঠানটোৰ বহু সা–সম্পত্তি ভোগ কৰি আছিল৷

You might also like