নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধূপধৰাত বনৰীয়া হাতীৰ সন্ত্ৰাস

নিয়মীয়া বাৰ্তা, ২৩ জুনঃ গোৱালপাৰা জিলাৰ ধূপধৰাত নিশা দুটাকৈ বনৰীয়া হাতীয়ে তাহেৰ আলী নামৰ লোক এজনৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰে। জানিব পৰা মতে, যোৱানিশা দহ মান বজাত ধূপধৰা আৰক্ষী থানাৰ অন্তৰ্গত তথা ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে লাগি থকা কলিতাপাৰা গাঁৱৰ তাহেৰ আলীৰ বাসগৃহ চৌহদত দুটাকৈ প্ৰকাণ্ড বনৰীয়া হাতী প্ৰৱেশ কৰে।হাতী দুটাই প্ৰৱেশ কৰিয়ে তাহেৰ আলীৰ বাসগৃহ এটা ভাঙিবলৈ ধৰে। সেই সময়ত তাহেৰ আলী আনটো বাসগৃহৰ পৰা ওলাই আহি হাতী অহাৰ কথা অৱগত হৈ চিঞৰ-বাখৰ কৰাত স্থানীয় লোকসকলে আহি হাতীটো খেদিবলৈ আপ্ৰাণ চেষ্টা কৰে। হাতী দুটা আঁতৰি যোৱাৰ পৰিৱৰ্ত্তে ইয়াৰে এটা হাতী তাহেৰ আলীৰ আন এটা বাসগৃহত সোমাই যায় আৰু সম্পূৰ্ণ বাসগৃহটো ভাঙি লণ্ডভণ্ড কৰে। বাসগৃহৰ ভিতৰত থকা আন সামগ্ৰীসমুহো ভাঙি তচনচ কৰি উক্ত বাসগৃহৰ ভিতৰত থকা ধানৰ ভঁৰালৰ ধান খাই তহিলং কৰাৰ লগতে বিনষ্ট কৰি পেলায়। ইফালে, সুযোগ বুজি ঘৰৰ বেৰ ভাঙি পৰিয়ালটোৰ সদস্যই ঘৰৰ পৰা পলায়ন কৰি প্ৰাণৰক্ষা কৰে। ইফালে, ঘটনা সম্পৰ্কত জানিব পাৰি তাহেৰ আলীৰ বাসগৃহত উপস্থিত হৈ ধূপধৰা খণ্ড বন বিভাগৰ বনকৰ্মীয়ে শূন্যলৈ গুলীচালনা কৰাৰ পিছতহে হাতী দুটা পুনৰ ওচৰতে থকা শালনিবাৰীত সোমাই যায়।
প্ৰেৰক পংকজ মাহাতো
You might also like