আমেৰিকাত ক্রিকেট কূটনীতি প্রধানমন্ত্রী মোদীৰ
📌 ভাৰতৰ মাটিত বিশ্বকাপ খেলক বাইডেনৰ দেশে
বিশেষ বাৰ্তা, ২৩ জুনঃ আসন্ন এদিনীয়া বিশ্বকাপত মার্কিন যুক্তৰাষ্ট্রই খেলাটো বিচাৰিছে ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ বৃহস্পতিবাৰে মার্কিন ৰাষ্ট্রপতি জ’ বাইডেনে আয়োজন কৰা নৈশ ভোজত ক্রিকেট কূটনীতিৰে মার্কিনবাসীৰ হূদয় জয় কৰে প্রধানমন্ত্রীগৰাকীয়ে৷ এই ভ্রমণত ইতিমধ্যে বিপুল জনপ্রিয়তা অর্জন কৰিছে মোদীয়ে৷ নৈশভোজত মার্কিন যুক্তৰাষ্ট্রৰ দলটোক শুভেচ্ছা জনায় ভাৰতৰ প্রধানমন্ত্রীগৰাকীয়ে৷ চলিত বর্ষৰ শেষৰফালে ভাৰতৰ মাটিত অনুষ্ঠিত হ’ব এদিনীয়া বিশ্বকাপ৷ প্রতিযোগিতাখনত আমেৰিকাই অংশ ল’ব বুলিও আশা প্রকাশ কৰিছে প্রধানমন্ত্রীয়ে৷ মোদীৰ শুভেচ্ছা বার্তাত আপ্লুত উপস্থিত দর্শকসকল৷ মোদীয়ে কয়– ‘বেছবলৰ প্রতি ভালপোৱা আছে আমেৰিকাৰ৷ তথাপি ক্রিকেট জনপ্রিয় হৈছে মার্কিন যুক্তৰাষ্ট্রত৷ আমেৰিকাৰ ক্রিকেট দলটোৱে ভাৰতৰ মাটিত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপত অংশগ্রহণৰ বাবে যোগ্যতা নির্ণায়ক প্রতিযোগিতাত অংশ লৈছে৷ দলটোলৈ মোৰ শুভেচ্ছা থাকিল৷’