নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অন্তঃসত্ত্বা বান্ধৱীক প্রৱঞ্চনা কৰি ক্ষমা প্রার্থনা নেইমাৰৰ

বিশেষ বাৰ্তা, ২৪ জুনঃ খেলপথাৰৰ ভিতৰে–বাহিৰে সদায় শিৰোনাম দখল কৰি আহিছে ব্রাজিলিয়ান তাৰকা ফুটবলাৰ নেইমাৰে ৷ এইবাৰ তেওঁ ৰাজহুৱাভাৱে ক্ষমা বিচাৰি সকলোকে চমক দিছে ৷ তাৰকাগৰাকীৰ বান্ধৱী এতিয়া অন্তঃসত্ত্বা ৷ সেই বান্ধৱীক প্রৱঞ্চনা কৰাৰ বাবে ক্ষমা বিচাৰিছে নেইমাৰে ৷ ব্যক্তিগতভাৱে ক্ষমা বিচৰাৰ উপৰি তেওঁ সামাজিক মাধ্যমত পোষ্ট কৰি ক্ষমা বিচাৰিছে৷ বান্ধৱী ব্রুণা বিয়ানকার্ডিৰ সৈতে এখন ছবি পোষ্ট কৰি তেওঁ লিখিছে– ‘তোমাৰ পৰিয়াল আৰু তোমাৰ বাবে এয়া কৰিছোঁ ৷ যিটো কথা ক’ব বিচাৰিছোঁ, তাক সঁচাকৈয়ে বুজোৱা সম্ভৱ নহয় ৷ আমি কোনোধৰণৰ অজুহাত দিয়া নাই ৷ কিন্তু মোৰ জীৱনত তোমাৰ প্রয়োজন আছে ৷ মই দেখিছোঁ কিদৰে তুমি সকলোৰে ওচৰত চর্চাৰ বিষয় হৈ পৰিছা ৷ সকলোৱে তোমাক লৈ বিভিন্ন কথা কৈছে ৷ তুমি কিমান কষ্ট পাইছা সেয়া মই জানো ৷ মই তোমাৰ ওচৰত থাকিব বিচাৰোঁ ৷ তোমাৰ কাষত থিয় দিব খোজো ৷’ উল্লেখ্য যে এগৰাকী অন্য নাৰীৰ সৈতে নেইমাৰ সম্পর্কত জড়িত হৈ পৰা বুলি শুনা গৈছিল ৷ সেই কথা নেইমাৰে স্বীকাৰো কৰিছে ৷ সেইবাবেই তেওঁ ক্ষমা বিচাৰিছে ৷ নেইমাৰে আৰু লিখিছে– ‘তোমালোকৰ সৈতে মই অন্যায় কৰিছোঁ ৷ মই চেষ্টা কৰিছোঁ, পাৰিবাৰিক জীৱনত কৰা ভুলবোৰ শুধৰাই ল’বলৈ ৷ মোৰ জীৱনৰ আটাইতকৈ প্রিয় মানুহগৰাকীয়ে আঘাত পাইছে ৷ মোৰ স্বপ্ণৰ নায়িকা, মোৰ সন্তানৰ মাতৃ তেওঁ ৷ তেওঁৰ পৰিয়ালেও আঘাত পাইছে, সেই পৰিয়ালো এতিয়া মোৰ পৰিয়াল ৷ তেওঁ মা হ’বলৈ আগবাঢ়িছে, এইটো তেওঁৰ জীৱনৰ এটা গুৰুত্বপূর্ণ সময় ৷’ উল্লেখ্য যে সম্প্রতি পিএছজিত খেলি আছে নেইমাৰে ৷ অহা বছৰ তেওঁ কোনটো ক্লাবত খেলিব, সেয়া এতিয়াও স্পষ্ট হোৱা নাই ৷

You might also like