নিয়মীয়া বাৰ্তা, ২৩ জুনঃ মাৰ্ঘেৰিটা ইণ্ডিয়া ক্লাৱ প্ৰাঙ্গনত থকা গনেশ মন্দিৰত চোৰে চলালে চাফাই অভিযান। মন্দিৰ কমিটিৰ মানুহ মন্দিৰত উপস্থিত হোৱাত তলাৰ লগতে মন্দিৰৰ আচবাব ভঙা দেখা পাই হুৱাদুৱা লগায়। বাহিৰত থকা দানপাত্ৰটো নেদেখি চোৰ হোৱাৰ কথা নিশ্চিতি হৈ মাৰ্ঘেৰিটা আৰক্ষীক খবৰ দিয়ে। মাৰ্ঘেৰিটা আৰক্ষী মন্দিৰত উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে মন্দিৰৰ আশে পাশে থকা চি চি কেমেৰাৰ ফুটেজ পৰীক্ষা কৰাৰ উপৰি নিৰাপত্তাৰক্ষীৰ দায়িত্বত থকা লোকক সোধপোচ কৰিছে। মন্দিৰ কমিটিয়ে দান পাত্ৰত কেইবাহাজোৰ টকা থকাৰ সন্দেহ প্ৰকাশ কৰিছে। উল্লেখ যে উজনি অসমৰ প্ৰথমটো সৰ্ববৃহৎ গনেশ মন্দিৰ মাৰ্ঘেৰিটাৰ তেলুগু সমাজৰ বিশেষ উদ্যোগত কিছুদিন পূৰ্বে মাৰ্ঘেৰিটাত মুকলি কৰা হৈছিল। মন্দিৰটি দক্ষিণ ভাৰতৰ মন্দিৰৰ আৰ্হিত নিৰ্মিত। দক্ষিণ ভাৰতৰ কাৰিকৰ দ্বাৰা নিৰ্মাণ কৰা মন্দিৰটিৰ মূৰ্তি ৰাজস্থানৰ পৰা অনা হৈছিল।
প্ৰেৰক মানস প্ৰতিম গগৈ