নিয়মীয়া বাৰ্তা, ২৪ জুনঃ বাক্সা জিলাৰ অঞ্চলীত আজি কাৰ্গিলৰ ৰাষ্ট্ৰীয় শ্বহীদ উদ্ধৱ দাসৰ চতুৰ্বিংশতিতম শ্বহীদ দিৱস পালন কৰে। শ্বহীদ পৰিয়ালৰ সহযোগত আৰু ৰাষ্ট্ৰীয় কাৰ্গিল শ্বহীদ উদ্ধৱ দাস স্মৃতিৰক্ষা সমিতিৰ উদ্যোগত আয়োজিত এই শ্বহীদ স্মৃতি দিৱসত বন্তি প্ৰজ্বলনেৰে স্মৃতি তৰ্পণ কৰে শ্বহীদ মাতৃ ঠগেশ্বৰী দাসে। শ্বহীদৰ ভগ্নী জয়ন্তী দাসে মাল্যাৰ্পণ আৰু পুস্পাঞ্জলি প্ৰদান কৰে। শ্বহীদ বেদীৰ চৌপাশে সমবেত প্ৰাক্তন সেনা, বিশিষ্ট ব্যক্তি আৰু ৰাইজেও শ্বহীদৰ প্ৰতি পুষ্পাঞ্জলি প্ৰদানেৰে স্মৃতি তৰ্পণ কৰে। লগতে শ্বহীদৰ আত্মাৰ সদ্গতি কামনাৰে এক মিনিট সময় সকলোৱে মৌন প্ৰাৰ্থনা জনায়। এই উপলক্ষে অনুষ্ঠিত সভাত প্ৰাক্তন সেনা বিষয়া উমেশ দাসে সভাপতিত্ব কৰে। কাৰ্গিলৰ যুদ্ধত দেশৰ হকে প্ৰাণাহুতি দিয়া বীৰ শ্বহীদ উদ্ধৱ দাসৰ স্মৃতিচাৰণ কৰি প্ৰাক্তন সেনা বসন্ত কুমাৰ দাস, শম্ভূ পাটগিৰি, প্ৰতাপ কলিতা আৰু বসন্ত দাসে ভাষণ আগবঢ়ায়। অনুষ্ঠানত আমন্ত্ৰিত অতিথিসকল, প্ৰাক্তন সেনা জোৱানসকল, স্থানীয় বিশিষ্ট ব্যক্তি, পৰিয়ালৰ সদস্যসকল আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। সন্ধিয়া পৰিয়ালৰ সদস্য ধনজিৎ দাসে বন্তি প্ৰজ্বলন কৰে।
প্ৰেৰক দিগন্ত দাস