বাৰ্তা ব্যুৰ, ২৪ জুনঃ গোৱালপাৰা জিলাৰ মৰনৈ আৰক্ষীয়ে অভিযান চলাই আজি পুৱাৰ ভাগত ৪৬টা গৰুভৰ্তি দুখনকৈ যন্ত্রচালিত নাও জব্দ কৰাৰ লগতে দুগৰাকী ব্যাৱসায়ীক গ্ৰেপ্তাৰ কৰে । জানিব পৰা মতে, আইন উলংঘা কৰি বৰপেটা জিলাৰ ধৰ্মপুৰৰ পৰা গোৱালপাৰা জিলাৰ ডাকাইদলৰ শনিবৰীয়া সপ্তাহিক বজাৰত বিক্ৰী কৰিবলৈ অনাৰ সময়তে আজি পুৱা ৪ বজাত লুপ্তচৰ গাওঁৰ জলজলী নদীৰ পৰা ৪৬টা গৰুসহ যন্ত্রচালিত নাও দুখন জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। এই সন্দৰ্ভত মৰনৈ আৰক্ষীয়ে এটা গোচৰ পঞ্জীয়ন কৰিছে । লগতে নিয়মবহিৰ্ভূতভাৱে গৰু সৰবৰাহৰ লগত জড়িত বৰপেটা জিলাৰ আলোপতি আৰক্ষী থানাৰ অন্তৰ্গত ধৰ্মপুৰ গাঁৱৰ শহৰ আলী (২০) আৰু হাছেন আলীক (৪৮) গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰোৱাৰ পিছত জেল-হাজোতলৈ প্ৰেৰণ কৰে ৷
প্ৰেৰক উদিত নাৰায়ণ কলিতা