প্রধানমন্ত্রীৰ সুৰক্ষাত দৈনিক ব্যয় ১.৬২ কোটি টকা
নিয়মীয়া বাৰ্তা, ১৩ ফেব্ৰুৱাৰীঃ কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজত থকা দেশৰ প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ নামত ব্যয় কিমান হ’ব পাৰে ? তাক লৈ জনসাধাৰণৰ মনত উৎসুকতা স্বাভাৱিক কথা । অকল সাধাৰণ নাগৰিকেই নহয়, জনপ্ৰতিনিধিসকলেও প্রধানমন্ত্রীৰ নিৰাপত্তাৰ বাবে ব্যয় কিমান, তাক জানিব বিচাৰে৷ এই সন্দর্ভত বুধবাৰে লোকসভাৰ মজিয়াত ডি এম কেৰ সাংসদ দয়ানিধি মাৰাণে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ এছ পি জি নিৰাপত্তাত কিমান ব্যয় হৈ আছে, তাক লৈ প্রশ্ণ উত্থাপন কৰে৷
উল্লেখ্য যে বিগত বর্ষত দেশৰ ভি ভি আই পিৰ লগতে কেন্দ্রীয় মন্ত্রীৰ নিৰাপত্তাৰ ক্ষেত্রত আইন সংশোধন কৰাৰ পাছত বিষয়টোক লৈ ব্যাপক চর্চা আৰম্ভ হৈছে৷ আনকি বিৰোধীয়ে এইক্ষেত্রত নিৰাপত্তা হ্রাস কৰাৰ বাবে কেন্দ্রীয় চৰকাৰক সমালোচনাও কৰিছে৷ এই সন্দর্ভত চর্চাৰ মাজতে আজি লোকসভাত ডি এম কেৰ সাংসদগৰাকীয়ে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ এছ পি জি নিৰাপত্তাৰ লগতে দেশৰ কিমানজন ভিভিআইপি চি আৰ পি এফ আৰু এছ পি জিৰ অধীনত আছে, তাৰ বিতং তথ্য বিচাৰি প্রশ্ন উত্থাপন কৰে৷ সাংসদগৰাকীৰ এই প্রশ্নৰ উত্তৰ দি কেন্দ্রীয় গৃহ ৰাজ্যিক মন্ত্রী জি কিষাণ ৰেড্ডীয়ে কয় যে এছ পি জিৰ নিৰাপত্তাত মাত্র এগৰাকী ব্যক্তি আছে, সেইগৰাকী হৈছে প্রধানমন্ত্রী আৰু তেওঁ বর্তমানৰ প্রধানমন্ত্রী নৰেন্দ্র মোদী৷ মন্ত্রী ৰেড্ডীয়ে প্রকাশ কৰা মতে, ২০২০–২১ৰ কেন্দ্রীয় বাজেটত বিশেষভাৱে এছ পি জিৰ (স্পেচিয়েল প্রটেক্চন গ্রুপ) বাবে বিগত বর্ষৰ বাজেটৰ তুলনাত দহ শতাংশ বৃদ্ধিৰে মুঠ ৫৯২.৫৫ কোটি টকা ধার্য কৰা হৈছে৷ একমাত্র প্রধানমন্ত্রী মোদীৰ নিৰাপত্তাৰ বাবে ৩,০০০ বিশেষ প্রশিক্ষিত কমাণ্ডৰ দ্বাৰা গঠিত এছ পি জি৷ অর্থাৎ প্রধানমন্ত্রী মোদীৰ নিৰাপত্তাত থকা এছ পি জিৰ বাবে প্রতিদিনে ব্যয় হয় ১.৬২ কোটি টকা৷ ঘণ্টাৰ হিচাপত প্রতিঘণ্টাত ৬.৭৫ লাখ টকা আৰু মিনিটৰ হিচাপত প্রতিমিনিটত ১১,২৬৩ টকা৷ মন্ত্রী ৰেড্ডীয়ে চি আৰ পি এফৰ অধীনত থকা ভি ভি আই পিৰ তালিকা বিতংভাৱে প্রকাশ নকৰিলেও দেশৰ ৫৬ গুৰুত্বপূর্ণ ব্যক্তিৰ নিৰাপত্তাৰ দায়িত্বত চি আৰ পি এফ থকা বুলি প্রকাশ কৰে৷ মন কৰিবলগীয়া যে এছ পি জিৰ নিৰাপত্তাৰ অধীনত গান্ধী পৰিয়ালৰ বর্তমানৰ কংগ্রেছৰ সভানেত্রী ছোনিয়া গান্ধী, পুত্র তথা সাংসদ ৰাহুল গান্ধী আৰু কন্যা প্রিয়ংকা গান্ধী ভদ্রাও আছিল৷ কিন্তু বিগত বর্ষত আইন সংশোধনেৰে গান্ধী পৰিয়ালৰ তিনি ব্যক্তিৰ এছ পি জি প্রত্যাহাৰ কৰা হয়৷ ইপিনে ২০১৯–২০ বর্ষত এছ পি জিৰ বাবে বাজেটত নির্ধাৰণ কৰা হৈছে ৫৪০.১৬ কোটি টকা৷ এই বর্ষটোত এছ পি জিয়ে প্রধানমন্ত্রী মোদী আৰু গান্ধী পৰিয়ালৰ তিনি ব্যক্তিক নিৰাপত্তা প্রদান কৰিছিল৷ এই নিৰাপত্তাত বার্ষিক প্রতিগৰাকীৰ বিপৰীতে ১৩৫ কোটি টকা ব্যয় হৈছিল৷ এইবেলি ২০২০–২১ বর্ষৰ বাজেটত এছ পি জিৰ বাবে ধন বৃদ্ধি কৰাত একমাত্র প্রধানমন্ত্রীৰ নিৰাপত্তাৰ বাবে ধনখিনি ব্যয় হ’ব৷
মন্ত্রী ৰেড্ডীয়ে প্রকাশ কৰা মতে, কেন্দ্রীয় নিৰাপত্তা সংস্থাৰ দ্বাৰা নির্ধাৰিত কৰা নিৰাপত্তাজনিত কাৰণৰ আধাৰতেই এগৰাকী ব্যক্তিক নিৰাপত্তা প্রদান কৰা হয়৷ বার্ষিকভাৱে ব্যক্তিগৰাকীৰ নিৰাপত্তাৰ বিষয়টো পর্যালোচনা কৰা হয় আৰু তাৰ আধাৰত নিৰাপত্তা হ্রাস আৰু বৃদ্ধি কৰা হয়৷ কেন্দ্রীয় নিৰাপত্তা সংস্থাৰ পর্যালোচনাৰ আধাৰতেই গান্ধী পৰিয়ালৰ নিৰাপত্তা এছ পি জি প্রত্যাহাৰ কৰা হৈছিল৷