নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডাংতল গাঁৱৰ বাথৌ ক্লাবত কৃতিত্বৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

নিয়মীয়া বাৰ্তা, ২৪ জুনঃ চিৰাং জিলাৰ ডাংতল বাথৌ ক্লাবত কৃতিত্বৰে উত্তীৰ্ণ হাইস্কুল শিক্ষান্ত পৰীক্ষা, উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ, স্নাতক, স্নাতকোত্তৰ আদিত কৃতিত্বৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক আজি সম্বৰ্ধনা জনোৱা হয় । অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থকা চিৰাং জিলাৰ অতিৰিক্ত উপায়ুক্ত এ চি এছ ৰিংখাং মুছাহাৰীয়ে কৃতিত্বৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনাই ভৱিষ্যতে জীৱন যুঁজত আগুৱাই যাবলৈ বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলক দিহা-পৰামৰ্শ আগবঢ়ায় । লগতে মা-দেউতাৰ আশা-আকাংক্ষা পূৰণ কৰিবলৈ আহ্বান জনাই  আজি কষ্ট নকৰিলে এদিন অন্ধকাৰ বাটেৰে খোজ কাঢ়িব বুলি সকীয়াই দিয়ে । চিৰাং জিলাৰ সহকাৰী আয়ুক্ত ভাস্কৰ ডেকায়ো ছাত্ৰ-ছাত্রীসকলক ভৱিষ্যত কোন দিশে আগবাঢ়িলে কৃতকাৰ্য লাভ কৰিবলৈ সক্ষম হ’ব, উক্ত সংক্ৰান্তত চমু বক্তব্য দাঙি ধৰে। সম্বৰ্ধনা জনোৱা অনুষ্ঠানটিত সভাপতিত্ব কৰে ডাংতল গাঁৱৰ গাঁওবুঢ়া তথা শান্তি সমিতিৰ সভাপতি থমাছ বসুমতাৰীয়ে । অনুষ্ঠানটিত অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী তথা বাথৌ ক্লাবৰ সুদীৰ্ঘ কালৰ প্ৰাক্তন সভাপতি মনোলাল বসুমতাৰী, বীৰগোশ্ৰী আইজো আফাৎৰ সভানেত্ৰী দয়মন্তী নাৰ্জাৰী আৰু সম্পাদিকা সৰোজিনী বসুমতাৰীয়ে উপস্থিত থাকি সহায়-সহযোগিতা আগবঢ়ায় । উল্লেখযোগ্য যে আঠগাৰকী কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয় উক্ত অনুষ্ঠানত ।

প্ৰেৰক ভৃগু মুনি ৰায়

You might also like