নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাইবাৰ অপৰাধীৰ ভয়ংকৰ জাল মৰিগাঁও জিলাত

🔴 এজন ব্যক্তিৰ নামত ১৭খনকৈ ছিম কাৰ্ড

বাৰ্তা ব্যুৰো,  ২৪ জুনঃ এজন ব্যক্তিৰ নামত হাজাৰ হাজাৰ ভুৱা ছিম কাৰ্ড জাৰি কৰা এয়াৰটেল ডিষ্ট্ৰিবিউটৰ আমিনুল হকক আজি মৰিগাঁও আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত এটা অভিযানকাৰী দলে গ্ৰেপ্তাৰ কৰে। ব্যক্তি এজনেই, কিন্তু নাম ১৭টা । ১৭টা পৰিচয়। এজন ব্যক্তিৰ ফটো ব্যৱহাৰ কৰি এজন মোবাইল ছিম ডিষ্ট্ৰিবিউটৰে  ১৭খনকৈ ছিম প্ৰদান কৰিছিল এটা চক্ৰক। এয়া কেৱল এটা উদাহৰণ। এতিয়ালৈ হাজাৰ হাজাৰ ভুৱা ছিম জাৰি কৰি চাইবাৰ অপৰাধীক যোগান ধৰিছিল। মৰিগাঁও আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত আৰক্ষীৰ এটা অভিযানকাৰী দলে গ্ৰেপ্তাৰ কৰিছে আমিনুলক। উল্লেখ্য যে শেহতীয়াকৈ মধ্য অসমৰ মৰিগাঁও জিলা চাইবাৰ অপৰাধৰ কেন্দ্ৰ হৈ পৰিছে। উল্লেখ্য যে এতিয়ালৈ মৰিগাঁও আৰক্ষীয়ে ৪০০০ ভুৱা ছিম কাৰ্ড জব্দ কৰিবলৈ সক্ষম হৈছে।

প্ৰেৰক প্ৰাঞ্জল দাস

You might also like