নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহৰীঘাটত দুৰ্নীতিৰ অভিযোগত ৫ পঞ্চায়ত কৰ্মচাৰীক বৰ্খাস্ত

নিয়মীয়া বাৰ্তা, ২৫ জুনঃ মৰিগাঁও জিলাৰ লাহৰীঘাট উন্নয়ন খণ্ডত দুৰ্নীতি আৰু অনিয়ম সংঘটিত কৰাৰ অভিযোগত একেখন গাঁও পঞ্চায়তৰে পাঁচগৰাকীকৈ কৰ্মচাৰী বৰ্খাস্ত হ’বলগীয়া হোৱা ঘটনাই সমগ্ৰ উন্নয়ন খণ্ডটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই ঘটনা সংঘটিত হৈছে উন্নয়ন খণ্ডটোৰ অন্তৰ্গত বৰছলা গাঁও পঞ্চায়তত। এই সন্দৰ্ভত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে চি পি আৰ ডি/ই আৰ/১৮৩/২০২২/পিটি.১/৪০ ,২৩ জুনৰ আদেশ পত্ৰ মৰ্মে গাঁও পঞ্চায়তখনৰ পূৰ্বৰ জি আৰ এছ ছফিকুল ইছলাম, পূৰ্বৰ জিপিচি মেহতাব উদ্দিন, বৰ্তমানৰ জিপিচি মানসজ্যোতি ডেকা, পূৰ্বৰ কম্পিউটাৰ সহায়ক আতাউৰ ৰহমান আৰু বৰ্তমানৰ কম্পিউটাৰ সহায়ক আচাদুজ জামানক তৎকালেই চাকৰিৰ পৰা বৰ্খাস্ত কৰে। উল্লেখযোগ্য যে গাঁও পঞ্চায়তখনত প্ৰধানমন্ত্ৰী আৱাস যোজনা (PMAY-G) আৰু চতুৰ্দশ বিত্তীয় বৰ্ষ আঁচনিত ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত কৰাৰ অভিযোগত পঞ্চায়তখনৰ উক্ত কৰ্মচাৰীকেইগৰাকীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিবলৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্তই তৎকালে বলবৎ হোৱাকৈ মৰিগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীলৈ নিৰ্দেশ জাৰি কৰিছে। উল্লেখযোগ্য যে প্রায় ডেৰ বছৰজোৰা তদন্তৰ অন্তত আহিল এই নিৰ্দেশনা। প্ৰণিধানযোগ্য যে গাঁও পঞ্চায়তখনত কেইবামাহ পূৰ্বে বৃহৎ কেলেংকাৰিৰ অভিযোগ উত্থাপিত হৈছিল। প্ৰধানমন্ত্ৰী আৱাস যোজনা (PMAY-G) আৰু চতুৰ্দশ বিত্তীয় বৰ্ষ আঁচনি আদিকে ধৰি বিভিন্ন আঁচনিৰ ধন আত্মসাতৰ অভিযোগৰ ভিত্তিত পঞ্চায়তখনৰ একাংশ চৰকাৰী-বেচৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে চৰজমিন তদন্তত পঞ্চায়তখনত সংঘটিত হোৱা ভয়ংকৰ কেলেংকাৰিৰ তথ্য পোহৰলৈ আহিছে। ইফালে, প্রায় ডেৰ বছৰজোৰা তদন্তৰ অন্তত ২৩ জুনত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্তই জাৰি কৰা এটা নিৰ্দেশনাত দুৰ্নীতিত লিপ্ত থকা পাঁচজনকৈ কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে। ইফালে, ইয়াৰ পূৰ্বে গাঁও পঞ্চায়তখনৰ সচিব হবিবুৰ ৰহমানক পঞ্চায়তখনত সংঘটিত এনেবোৰ অভিযোগৰ ভিত্তিত নিলম্বিত কৰা হৈছিল।

প্ৰেৰক আবুল কালাম

You might also like