নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰহাটত নৃত্য লক্ষ্মী একাডেমীৰ অভিনন্দন অনুষ্ঠান

🔹 ‘শিক্ষিত হ’লেই মানুহ সাহসী হয়’

নিয়মীয়া বাৰ্তা, ২৫ জুনঃ ‘শিক্ষিত হ’লেই মানুহ সাহসী হয় । সাহসী হ’লেই মানুহ আত্মবিশ্বাসী হয় আৰু আত্মবিশ্বাসীসকলেই সমাজৰ বিভিন্ন ক্ষেত্রত প্রতিষ্ঠা লাভ কৰে।’ যোৰহাটৰ উপকণ্ঠ বালিগাঁও নপমুৱাৰ নৃত্য লক্ষ্মী একাডেমীৰ উদ্যোগত আজি নপমুৱা প্রাথমিক বিদ্যালয়ত উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত কৃতিত্বসহকাৰে উত্তীর্ণ হোৱা মেধাৱী শিক্ষার্থীসকলক অভিনন্দন জনাবলৈ আয়োজন কৰা এক অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি এইদৰে কয় যোৰহাট সাহিত্য সভাৰ সম্পাদক তথা সাংবাদিক অজন্ত কুমাৰ বৰাই । স্থানীয় সমাজকর্মী পৰশুৰাম দত্তৰ সভাপতিত্বত অনুষ্ঠিত তথা নৃত্য লক্ষ্মী একাডেমীৰ সভাপতি বিদ্যুৎ বিকাশ শইকীয়াই আঁত ধৰা অনুষ্ঠানত যুৱ সমাজকর্মী তথা সদৌ অসম গাঁওপ্রধান সন্থাৰ সহকাৰী সম্পাদক দিগন্ত বৰুৱা, জ্যেষ্ঠ সমাজ সচেতক কৰুণাকান্ত দত্ত, নৃত্যশিল্পী জ্যোতিস্মিতা বৰা, লভলী কলিতাৰ লগতে অভিভাৱকসকল আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। অনুষ্ঠানটিত একাডেমীৰ ৰতন দত্তই গীত পৰিৱেশন, সুবাসনা দত্তই কবিতা আবৃত্তি আৰু মেঘৰঞ্জনী বৰাই একক অভিনয় কৰি সকলোকে আপ্লুত কৰে । একাডেমীৰ পৰিচালিকা প্ৰণামী বৰবৰাই শলাগ জ্ঞাপন কৰা অনুষ্ঠানত বহুকেইগৰাকী শিক্ষার্থীয়ে নিজৰ অনুভৱ ব্যক্ত কৰে ।

প্ৰেৰক নৱজ্যোতি তামুলী

You might also like