নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্রী ড০ শৰ্মালৈ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ ফোন

📌 বুজ ল’লে বান পৰিস্থিতিৰ

বিশেষ বাৰ্তা , ২৫ জুনঃ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি পুৱাই অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ সৈতে টেলিফোনযোগে অসমৰ বান পৰিস্থিতি সন্দৰ্ভত বাৰ্তালাপ কৰে ৷ কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে এই সময়ত কেন্দ্রীয় চৰকাৰৰ তৰফৰ পৰা সকলোধৰণৰ সহায়–সহযোগিতা আগবঢ়োৱাৰ প্রতিশ্রুতি দিয়ে ৷ এনডিআৰএফৰ দল ইতিমধ্যে সাহায্য আৰু উদ্ধাৰ অভিযানৰ বাবে সাজু হৈ থকাৰ লগতে প্রয়োজনীয় সকলোধৰণৰ শক্তি সাজু কৰি ৰাখিছে বুলিও উল্লেখ কৰে ৷ তদুপৰি এনেধৰণৰ জটিল সময়ত মোদী চৰকাৰ সদায় অসমবাসী ৰাইজৰ সৈতে আছে বুলি মুখ্যমন্ত্রী ড০ শর্মাক অৱগত কৰে ৷ কেন্দ্রীয় গৃহমন্ত্রীগৰাকীৰ সৈতে হোৱা টেলিফোনিক বার্তালাপৰ সময়ত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অসমৰ বান পৰিস্থিতি এতিয়া নিয়ন্ত্রণাধীন৷ কেইখনমান নদীৰ পানী বিপদসীমাৰ ওপৰেৰে বৈ আছে আৰু ৰাজ্য চৰকাৰে সেয়া পর্যবেক্ষণ কৰি আছে৷

You might also like