জিএছএৰ আজীৱন সদস্য–মুখ্য উপদেষ্টা পদত মুখ্যমন্ত্রী ড০ শর্মা
বিশেষ বাৰ্তা, ২৫ জুনঃ গুৱাহাটী ক্রীড়া সন্থাৰ আজীৱন সদস্য হ’ল মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ আজি গুৱাহাটী ক্রীড়া সন্থাৰ সভাপতি পৰেশ চন্দ্র দাস আৰু সাধাৰণ সম্পাদক দেৱজিত শইকীয়াৰ নেতৃত্বত সন্থাৰ এটা প্রতিনিধি দলে মুখ্যমন্ত্রী ড০ শর্মাক তেওঁৰ কার্যালয়ত সাক্ষাৎ কৰি আনুষ্ঠানিকভাৱে আজীৱন সদস্য পদৰ মানপত্র প্রদান কৰে ৷ মুখ্যমন্ত্রীয়ে আজীৱন সদস্য পদ লাভ কৰি অতিশয় আনন্দিত বুলি প্রকাশ কৰে আৰু নিজে এসময়ত সভাপতি হিচাপে কার্যনির্বাহ কৰা গুৱাহাটী ক্রীড়া সন্থাই তেওঁক এই সন্মানৰ বাবে বাছনি কৰাটো গৌৰৱৰ কথা বুলি কয়৷ উল্লেখ্য যে বিগত ৬ মে’ত সন্থাৰ সাধাৰণ সভাই সর্বসন্মতিক্রমে মুখ্যমন্ত্রীক আজীৱন সদস্য পদ যচাৰ সিদ্ধান্ত গ্রহণ কৰিছিল ৷ আনহাতে, ১৮ জুনত হোৱা বিশেষ সাধাৰণ সভাই মুখ্যমন্ত্রীক সন্থাৰ মুখ্য উপদেষ্টা তথা পৃষ্ঠপোষকৰ পদো যচাৰ সিদ্ধান্ত লৈছিল ৷ আজি এই বিষয়েও তেওঁক জনোৱা হয় আৰু তেওঁ এই প্রস্তাৱ গ্রহণ কৰে ৷ তেওঁ ক্রীড়াৰ উন্নতিৰ লগতে গুৱাহাটী ক্রীড়া সন্থাৰ পুৰণি গৌৰৱ ঘূৰাই অনাৰ বাবে সম্পূর্ণ সহযোগিতা আগবঢ়োৱা আৰু ঐক্যবদ্ধভাৱে কাম কৰাৰ প্রতিশ্রুতি দিয়ে৷ সন্থাৰ প্রতিনিধি দলটোৱে লগতে সন্থাই হাতত লোৱা পৰিকল্পনা, বিশেষকৈ ফুটবল লীগৰ পুনর্গঠনৰ বিষয়ে মুখ্যমন্ত্রীৰ লগত আলোচনা কৰে ৷ সাধাৰণ সম্পাদক শহকীয়াই বৰদলৈ ট্ৰফী পুনৰুজ্জীৱিত কৰাৰ বাবে সর্বভাৰতীয় ফুটবল ফেডাৰেচনে আগবঢ়োৱা প্রস্তাৱৰ বিষয়ে জনায়৷ মুখ্যমন্ত্রীয়ে এই প্রস্তাৱ পৰীক্ষা কৰি সিদ্ধান্ত ল’ব বুলি জনায় আৰু সন্থাৰ সকলো উন্নয়নমূলক আঁচনিত সহযোগ আগবঢ়াব বুলি কয়৷ সন্থাৰ প্রতিনিধি দলটোত উপ-সভাপতি ভোলা বড়ো, কোষাধ্যক্ষ অমিয় কুমাৰ কলিতা আৰু যুটীয়া সম্পাদক কাজল পাল চৌধুৰীও উপস্থিত আছিল৷