নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেদাৰনাথত ঘোঁৰাক ভাং খুওৱা ঘটনাক লৈ উত্তৰাখণ্ড আৰক্ষীৰ গোচৰ ৰুজু

বিশেষ বাৰ্তা, ২৬ জুনঃ কেদাৰনাথত ঘোঁৰাক জোৰকৈ ভাং খুওৱা ঘটনাক লৈ গোচৰ ৰুজু কৰিছে উত্তৰাখণ্ড আৰক্ষীয়ে৷ দুই অভিযুক্তক বিচাৰি ইতিমধ্যে তালাচীও চলাইছে আৰক্ষীয়ে৷ কেইদিনমান পূর্বে কেদাৰনাথৰ এটা ভিডিঅ’ পোহৰলৈ আহিছে৷ ভিডিঅ’টোত দেখা গৈছিল দুজন যুৱকে এটা ঘোঁৰাক জোৰকৈ ভাং খুৱাইছে৷ ঘোঁৰাটোৱে অস্বস্তিবোধ কৰাৰ পিছতো এই কাম যুৱক দুজনে কৰি থকা পৰিলক্ষিত হৈছিল৷ এই ঘটনাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ লগে লগে অভিযুক্ত দুয়োজনৰ বিৰুদ্ধে ক্ষোভ উজাৰি দিছে পশুপ্রেমী সংগঠন তথা সাধাৰণ নাগৰিকসকলে৷ চৌদিশে দাবী ধ্বনিত হয় দুই অভিযুক্তক গ্রেপ্তাৰ কৰি সমুচিত শাস্তি বিহাৰ ৷ ঘটনাটোক লৈ উত্তপ্ত পৰিস্থিতি সৃষ্টি হোৱাৰ লগে লগে উত্তৰাখণ্ড আৰক্ষীয়ে গোচৰ ৰুজু কৰিবলৈ বাধ্য হয়৷ আৰক্ষীয়ে সংবাদ মাধ্যমক জনোৱা অনুসৰি, শীঘ্রেই দুই অভিযুক্তক গ্রেপ্তাৰ কৰা হ’ব৷ ৰুদ্রপ্রয়াগৰ আৰক্ষীয়ে সদৰী কৰা অনুসৰি, ঘোঁৰাৰ মালিকৰ বিৰুদ্ধেও ৰুজু হৈছে গোচৰ৷ ইফালে, পশুৰ প্রতি নিষ্ঠুৰতা আইনৰ অধীনতো পৃথকভাৱে ১৪টা গোচৰ ৰুজু কৰা হৈছে৷

You might also like