মাজ আকাশত বিজয় উৎসৱ কপিল বাহিনীৰ
🔹 ভাৰতৰ বিশ্বকাপ বিজয়ৰ ৪০ বছৰ পূর্ণ
বিশেষ বাৰ্তা, ২৬ জুনঃ ভাৰতৰ প্রথম বিশ্বকাপ বিজয়ৰ ৪০ বছৰ পূর্ণ হ’ল ৷ সেই উপলক্ষে একত্রিত হ’ল ১৯৮৩ চনৰ বিশ্বকাপ বিজয়ী দলটো ৷ মাজ আকাশত উদযাপিত হ’ল বিজয় উৎসৱ৷ ৩৫ হাজাৰ ফুট উচ্চতাত বিশ্বকাপ জয়ৰ ৪০ বছৰ উদযাপন কৰিলে কপিল দেৱ আৰু সুনীল গাভাস্কাৰহঁতে৷ টুইটাৰত এটি ভিডিঅ’ পোষ্ট কৰিছে কীর্তি আজাদে৷ সেই ভিডিঅ’ত আৰম্ভণিতে দেখা গৈছে সুনীল গাভাস্কাৰক৷ বিমানৰ প্রথমখন আসনত বহি ম’বাইল প্রত্যক্ষ কৰি আছে ছানীয়ে৷ তাৰ ঠিক পিছৰ আসনত দেখা গৈছে চৈয়দ কিৰমানিক৷ তাৰ পিছতে আছে সন্দীপ পাটিল৷ তেওঁলোকৰ বিপৰীত ফালে বহিছে কৃষ্ণমাছাৰী শ্রীকান্ত, দিলীপ ভেংচৰকাৰ, ৰ’জাৰ বিনী, মদনলালহঁত৷ একেবাৰে শেষৰ আসনত বহিছে কপিল দেৱ৷ কফীৰ কাপ হাতত লৈ কেইবাজনো তৰুণৰ সৈতে আড্ডাত নিমজ্জিত হৈ আছে ভাৰতৰ প্রথম বিশ্বকাপ বিজয়ী অধিনায়ক৷ ছবিৰ কেপচনত কীর্তিয়ে লিখিছে– ২৫ জুন বিশ্বকাপ জয়ৰ ৪০ বছৰ উদযাপন কৰিবলৈ ১৯৮৩ৰ বিশ্বকাপ বিজয়ী দলটোৱে একেলগে যাত্রা কৰিছে৷ ২৫ হাজাৰ ফুট উচ্চতাত আছোঁ আমি৷ আমি ভাৰতীয় হিচাপে গৌৰৱান্বিত৷ উল্লেখ্য যে প্রথম বিশ্বকাপ বিজয়ী দলটোক লৈ প্রচাৰমূলক কাম কৰিছে এটি বেচৰকাৰী সংস্থাই৷ যাৰ নাম দিয়া হৈছে ‘জিতেংগে হম’৷ উল্লেখ্য যে চলিত বছৰত ভাৰততে অনুষ্ঠিত হ’ব এদিনীয়া বিশ্বকাপ৷ সেইবাবে প্রাক্তন আৰু বর্তমানক এডাল সূতাৰে ৰাখিব বিচাৰিছে সংশ্লিষ্ট সংস্থাটোৱে৷ অধিনায়ক কপিল দেৱে কয় যে অদম্য জেদেই আছিল ১৯৮৩ত ভাৰতে বিশ্বকাপ জয় কৰাৰ মূল কাৰণ৷