নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰেষ্টলিং সন্থাৰ নির্বাচনত গুৱাহাটী হাইক’ৰ্টৰ স্থগিতাদেশ

🔴 অসম ৰেষ্টলিং সন্থাৰ আবেদনৰ ভিত্তিত উচ্চ ন্যায়ালয়ৰ নির্দেশ

বিশেষ বাৰ্তা, ২৬ জুনঃ অহা ১১ জুলাইত ৰাষ্ট্রীয় ৰেষ্টলিং সন্থাৰ নির্বাচন অনুষ্ঠিত হোৱাৰ কথা আছিল৷ সেই নির্বাচন স্থগিত কৰাৰ নির্দেশ দিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷ অসম ৰেষ্টলিং সন্থাৰ সভাপতি ৰাতুল গোস্বামী আৰু সাধাৰণ সম্পাদক গৌৰাংগ ৰয়ৰ এখন আবেদনৰ ভিত্তিত স্থগিতাদেশ দিয়া হৈছে৷ পৰৱর্তী শুনানিৰ পূর্বে নির্বাচন আয়োজন কৰিব নোৱাৰিব বুলি নির্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷ ভাতীয় ৰেষ্টলিং সন্থা, ভাৰতীয় অলিম্পিক সন্থাৰ তদর্থ কমিটী আৰু কেন্দ্রীয় ক্রীড়া মন্ত্রালয়ৰ বিৰুদ্ধে গুৱাহাটী হাইক’ৰ্টত আবেদন জনাইছিল অসম ৰেষ্টলিং সন্থাৰ বিষয়ববীয়াসকলে৷ তেওঁলোকৰ দাবী আছিল, ভাৰতীয় ৰেষ্টলিং সন্থাৰ সদস্য হোৱাৰ যোগ্যতা থকা সত্ত্বেও তেওঁলোকক অনুমোদন দিয়া হোৱা নাছিল৷ ২০১৪ চনৰ ১৫ নৱেম্বৰত ৰাষ্ট্রীয় ৰেষ্টলিং সন্থাৰ সাধাৰণ সভাত অসম ৰেষ্টলিং সন্থাক সদস্য হিচাপে অন্তর্ভুক্ত কৰাৰ প্রস্তাৱ দিয়া হৈছিল৷ কিন্তু ৯ বছৰ অতিক্রম কৰাৰ পিছতো সেই প্রস্তাৱ গৃহীত কৰা নহ’ল৷ অসম ৰেষ্টলিং সন্থাই দাবী কৰা অনুসৰি, যিমানদিন তেওঁলোক ৰাষ্ট্রীয় ফেডাৰেচনৰ সদস্য সংস্থা হিচাপে বিবেচিত নহয়, সিমান দিনলৈ নির্বাচন স্থগিত কৰি দিয়া হওক৷ সেই দাবী মানি লৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ত৷ আদালতে নির্দেশ দিয়ে যে যিমান দিনলৈ পৰৱর্তী শুনানিৰ দিন স্থিৰ নহয়, সিমান দিনলৈ নির্বাচন সম্পর্কীয় কোনো কাম–কাজ কৰিব নোৱাৰিব সংশ্লিষ্ট কর্তৃপক্ষই৷ অহা ১৭ জুলাইত পৰৱর্তী শুনানিৰ দিন ধার্য কৰা হৈছে৷ অসম ৰেষ্টলিং সন্থাই অভিযোগ কৰে যে ৰাজ্যখনত ৰেষ্টলিঙৰ প্রচাৰৰ বাবে তেওঁলোকে দীর্ঘদিন ধৰি কাম কৰি আহিছে৷ ৰাষ্ট্রীয় আৰু ৰাজ্যিক পর্যায়ত প্রতিযোগিতাৰো আয়োজন কৰিছে৷ পূর্বে বাৰে বাৰে সদস্য পদ দিয়াৰ বাবে আবেদন জনোৱা হৈছিল যদিও তাক কার্যকৰী নকৰিলে৷ তেওঁলোকৰ দাবী অনুসৰি সদস্য হিচাপে অন্তর্ভুক্ত নহ’লে নির্বাচনত ইলেক্ট’ৰেল কলেজত তেওঁলোকে মনোনীত প্রতিনিধি পঠিয়াব নোৱাৰিব৷ ফলত ৰাজ্যৰ হৈ দাবী উত্থাপন কৰিবলৈও কোনো নাথাকিব৷ উল্লেখ্য যে ভাৰতীয় ৰেষ্টলিং সন্থাৰ বিদায়ী সভাপতি ব্রীজভূষণ চৰণ সিং যৌন নিগ্রহত অভিযুক্ত হোৱাৰ পিছত এতিয়া তদর্থ কমিটী ৰেষ্টলিঙৰ দায়িত্বত আছে৷ তেওঁলোকে দায়িত্ব লোৱাৰ ৪৫ দিনৰ ভিতৰত নির্বাচন অনুষ্ঠিত কৰাৰ কথা আছিল৷ সেই অনুসৰি প্রথমে ৬ আৰু পিছত ১১ জুলাইত নির্বাচনৰ দিন ঘোষণা কৰা হৈছিল৷ কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নির্দেশৰ পিছত নির্বাচন পিছুৱাই যোৱাটো নিশ্চিত হ’ল৷

You might also like