নিয়মীয়া বাৰ্তা, ২৬ জুন : সোণাপুৰ থানাৰ অন্তৰ্গত হঁহৰা বৰগোগ গাঁৱত যোৱানিশা এটা বন্যহাতীৰ জাকে সন্ত্ৰাস সৃষ্টি কৰে ৷ হাতীৰ আক্ৰমণত এজন লোক আহত হোৱাৰ লগতে কেইবাজনো লোকৰ কথমপি প্ৰাণৰক্ষা পৰে ৷ খাদ্যৰ সন্ধানত পাহাৰৰ পৰা নামি অহা ৪-৫জনীয়া হাতীৰ জাকে হঁহৰা বৰগোগ গাঁৱৰ তিনিটা পৰিয়ালৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰে ৷ নিশা পৰিয়ালকেইটা শুই থকা অৱস্থাতে হঠাতে হাতীকেইটাই ধান-চাউল বিচাৰি ঘৰকেইটাত আক্ৰমণ চলায় ৷ পৰিয়ালৰ আটাইকেইজনে পিছ দুৱাৰেদি পলাই প্ৰাণৰক্ষা কৰে যদিও নিপুল ডেকা পৰিয়ালৰ বাৰ্বী ডেকা নামৰ যুৱকজন আক্ৰমণত গুৰুতৰভাৱে আহত হয় ৷ উল্লেখ্য যে বিগত ২-৩ মাহ ধৰি বন্যহস্তীৰ জাকটোৱে দিনৰ ভাগত ওচৰৰ পাহাৰত থাকে যদিও নিশা হোৱাৰ লগে লগে খাদ্যৰ সন্ধানত গাঁৱত প্ৰৱেশ কৰি দৈনিক সন্ত্ৰাস চলায় ৷ কেৱল বৰগোগ গাঁৱতেই নহয়, হঁহৰাৰ কেইবাখনো গাঁৱত বিগত কিছুদিন ধৰি হাতীকেইটাই সন্ত্ৰাস চলাই ঘৰ-দুৱাৰৰ অনিষ্ট কৰাৰ লগতে বাৰীৰ বহু গছ-গছনি ভাঙি ক্ষতিসাধন কৰিছে ৷ এইক্ষেত্ৰত বন বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত শংকিত হৈছে অঞ্চলবাসী ৷
প্ৰেৰক ৰমেশ দাস